বুদ্ধদেৱ


  বুদ্ধ পূৰ্ণিমা বিশেষ :🔔
🔅======🔶=====🔅


খ্ৰীষ্ট জন্মৰো ৫৪৪ বছৰৰ পুৰণি কথা । শাক্য ৰাজবংশৰ তেতিয়াৰ ৰজা আছিল শুদ্ধোধন । ‘মহামায়া’ তেখেতৰ ভাৰ্যাৰ নাম । এদিন ব’হাগৰ পূৰ্ণিমাত ৰাণী মহামায়াই পিতৃ গৃহলৈ বুলি যাত্ৰা কৰিলে । কিন্তু, সেইদিনা এটা ঘটনা ঘটিল । যাত্ৰাপথত লুম্বিনী নামে এখন ঠাইৰ বননিৰ এজোপা বিশাল শাল গছৰ তলত ৰাণীয়ে এটি দেৱ শিশুৰ জন্ম দিলে । সেইদিনা মহামায়াৰ পিতৃ গৃহলৈ আৰু যোৱা নহ’ল । 
নব-জাতকৰ সৈতে ৰাজ্যলৈ ঘূৰি আহিল ।
আসিত নামে এজন ৰাজজ্যোতিষী আছিল । তেওঁ ভৱিষ্যতবাণী কৰিলে আৰু ক’লে যে এই পুত্ৰ সন্তানে পৃথিৱী উদ্ধাৰিব । সন্তানটিৰ নাম থোৱা হ’ল ‘সিদ্ধাৰ্থ’ । কিন্তু দুখৰ কথা, সিদ্ধাৰ্থৰ জন্মৰ এসপ্তাহৰ পাছতে মাক মহামায়াই পৰলোকলৈ গতি কৰিলে ।
আজি বুদ্ধপূৰ্ণিমা । বৌদ্ধধৰ্মৰ লোক সকলৰ এটা পৱিত্ৰ দিন ।সেই উপলক্ষে, ফেচবুক জ্ঞান সম্ভাৰ পৰিয়ালৰ হৈ সমূহ বৌদ্ধধৰ্মী ৰাইজলৈ উৎসৱৰ অভিনন্দন যাঁচি আহক আমি দলটোৰ মজিয়াত বুদ্ধ পূৰ্ণিমা বিষয়ে দুটা কথা আলোচনা কৰোঁ ।

      জন্মৰ এসপ্তাহৰ পাছতেই মাকৰ মৃত্যু হোৱাৰ পাছত সিদ্ধাৰ্থ ডাঙৰ হৈছিল মাহিমাক গৌতমীৰ কোলাত । সেয়ে তেওঁৰ নাম হ’ল গৌতম । 
ৰাজ্য আৰু ৰাজভৱনৰ বিশাল প্ৰাচুৰ্যৰ ভৱিষ্যতৰ উত্তৰাধিকাৰী তেওঁ । তেওঁৰ চাৰিওফালে আছে সুখ আৰু বিলাসীতাৰ বাবে অফুৰন্ত বৈভৱ । তথাপি নিৰাসক্ত, উদাসীন তেওঁৰ শৈশৱ । প্ৰাচুৰ্যৰ পাহাৰে তেওঁক আকৰ্ষণ কৰিব নোৱাৰে । 
পখিলাৰ পাছলৈ উমলিবৰ বয়সত লগৰ সমনীয়াই যেতিয়া শৈশৱৰ আনন্দত বিলিন হৈ পৰে তেতিয়া কিবা ভাৱনাত অকলশৰে বিলিন হৈ থাকে ৰাজকুমাৰ গৌতম । 
ক্ৰমে তেওঁ ডাঙৰো হৈ আহিল কিন্তু তেওঁৰ ভাবুক মনটোৰ সলনি নহ’ল । উদাসীন, ভাবুক আৰু অকলশৰীয়া স্বভাবে তেওঁক দেখোন বিচিকৈ আবৰিহে ধৰিলে । সেইবাবেই দেউতাক শুদ্ধোধনৰ বৰ চিন্তা । কেনেকৈ পুত্ৰৰ এই স্বভাৱ আঁতৰাব পৰা যায় । ভাবি-ভাবি ৰজাই এটা উপায় বিচাৰি পালে । 
‘যশোধৰা’ নামৰ এগৰাকী সুন্দৰী ৰাজকন্যাৰ সৈতে ৰজাই গৌতমৰ বিয়াৰ ব্যৱস্থা কৰিলে । ৰজাই ভাবিলে, বিয়াৰ পাছত পুত্ৰৰ আচৰণ নিশ্চয়  সলনি  হ’ব । নানান আমোদ-প্ৰমোদৰে পুত্ৰৰ মন ৰঙীন কৰি তুলিবলৈ যত্নও কৰিলে তেওঁ ।
বৰ আয়োজনৰে ৰাজকন্যা যশোধৰাৰ সৈতে ৰাজকুমাৰ গৌতমৰ বিবাহ কাৰ্য হৈ গ’ল । চাওঁতে-চাওঁতে গৌতমৰ সংসাৰলৈ অহা শিশুৰ ক্ৰন্দনে ৰাজকাৰেঙত আনন্দৰ বন্যা নমালে ।
তথাপি, তথাপি নিৰাসক্ত গৌতমক সেই শিশুৰ আগমনেও সংসাৰৰ প্ৰ্তি আসক্তি জন্মাব নোৱাৰিলে। আৰু সুন্দৰী ৰাজকন্যাৰ মোহপাশেতো তেওঁৰ হৃদয়ক স্পৰ্ষই কৰিব নোৱাৰে । কেৱল সংসাৰৰ চিন্তাত বিভোৰ তেওঁৰ মন । মানুহৰ জৰা, ব্যাধি, মৃত্যুৰ বাবে অনুতপ্ত গৌতমৰ আকুল হৃদয়ে বিচাৰে তাৰ সমিধানৰ পথ ।
এদিন তেওঁ এজন সন্ন্যাসীক দেখা পালে । সন্ন্যাসীক দেখি গৌতমৰ ধাৰণা হ’ল, ‘সন্ন্যাসীয়ে নিশ্চয়ে তেওঁৰ মন সাগৰত জোৱাৰ তোলা বিভিন্ন প্ৰশ্ন আৰু সমস্যাৰ সমাধানৰ পথ পাইছে ।‘
আৰু সেয়ে ঠিৰাং কৰিলে যে, তেওঁ সন্ন্যাসী হৈ এই সমাধানবোৰ বিচাৰি ল’ব ।
সেয়ে এটা গভীৰ নিশাত সংসাৰৰ সকলোকে ত্যাগ কৰি হাতত সাৰে ভৰিত সাৰে তেওঁ ৰাজকাৰেঙৰ পৰা ওলাই গৈছিল সন্ন্যাসীৰ বেশেৰে । বিভিন্ন ধৰ্মস্থান, বিভিন্ন ক্ষেত্ৰ ভ্ৰমি বহুজনকে তেওঁৰ প্ৰশ্নবোৰ সুধিলে । কিন্তু প্ৰকৃত উত্তৰ তেওঁ ক’তোৱেই নাপালে । 
তথাপি চলাই থাকিল তেওঁৰ সত্য অম্বেষণৰ অভিযান । এইবাৰ গয়াৰ নিৰঞ্জনা নদীৰ পাৰত ছবছৰ কাল তেওঁ সত্যৰ সন্ধানত থাকিল । কিন্তু তেওঁ বিচৰা উত্তৰ তাতো নাপালে । 
সেয়ে গৌতমে এজোপা বট বৃক্ষৰ তলত বহি ধ্যানস্থ হ’ল । কেইবাটাও বছৰ বাগৰিল । গৌতমৰ জীৱন বয়সো বাঢ়ি গৈ থাকিল ।
এদিন পুৱতি নিশা, সেইদিনা আছিল গৌতমৰ পঁয়ত্ৰিশতম জন্মদিন । দিনটো আছিল ব’হাগ মাহৰ পূৰ্ণিমা । ধ্যানস্থ গৌতমে  জীৱনৰ চাৰিটা সত্যৰ উত্তৰ বিচাৰি পাইছিল । লাভ কৰিছিল মহাজ্ঞান । ইয়াৰ পাছতে তেওঁ গৌতম বুদ্ধ ৰূপে স্বীকৃতি লাভ কৰে ।
এদিন সংসাৰৰ সকলোকে এৰি থৈ যোৱা গৌতম শুদ্ধোধন ৰজাৰ ৰাজ্যলৈ উভতি আহিল, ভিক্ষুৰ ৰূপত । পিতৃ-মাহীমাক-পত্নী-পুত্ৰইও তেওঁৰ পথক অনুসৰণ কৰিলে ।
ইয়াৰ পাছৰ গৌতম বুদ্ধই মানুহৰ মাজত অহিংসা আৰু প্ৰেমৰ বাণী প্ৰ্চাৰ কৰি চাৰিকুৰি বছৰ বয়সত নশ্বৰ দেহা ত্যাগ কৰে ।
বুদ্ধই দেহ ত্যাগ কৰা দিনটোও আছিল সেই ব’হাগ মাহৰ পূৰ্ণিমা । 
এই ব’হাগ মাহৰ পূৰ্ণিমা তিথিতেই তেওঁৰ জন্ম, সিদ্ধিলাভ আৰু তিৰোভাৱ ঘটিছিল । সেয়ে বুদ্ধধৰ্মী লোক সকলে এই দিনটো ‘বুদ্ধ পূৰ্ণিমা’ নামে পালন কৰে ।
হিন্দু শাস্ত্ৰইও বুদ্ধদেৱক বিষ্ণুৰ এক অৱতাৰ বুলি স্বীকৃতি দিয়াত এই দিনটোক হিন্দু সকলেও পৱিত্ৰ দিন হিচাপে গণ্য কৰে ।
সমূহ পাঠকলৈ শ্ৰদ্ধাৰে.....................
           
🙏তথ্যৰ বাবে সহায়ক গ্ৰন্থ আৰু কৃতজ্ঞতা প্ৰকাশ :
বাৰে বৰণীয়া উৎসৱ-----বন্দিতা গোস্বামী শৰ্মা

       ফেচবুকত আমাৰ ঠিকনা 

No comments:

Post a Comment

নতুন লেখা / ছবি

গ্ৰীষ্মৰ আতঙ্ক

ইমান অত্যাচাৰ ! নষ্টজোৱা, হতশ্ৰীহোৱাবোৰৰ পৰা সঁ‌চাই শান্তি নোহোৱা হৈছেগে । নাপায়, ইমান অত্যাচাৰী  হ'বগে নালাগে । যিহে অত্যাচাৰ হৈছে, যি ...