চামগুৰিৰ নীলাপানী :
নগাঁও জিলাৰ চামগুৰি অঞ্চলৰ উত্তৰে থকা মানৱ সৃষ্ট এক প্ৰাকৃতিক জলক্ষেত্ৰ "নীলাপানী" জিলাখনৰ পৰ্যটন ক্ষেত্ৰত এক নতুন সংযোজন । চামগুৰিৰ উদমাৰি অঞ্চলৰ নিকটৱৰ্তী লুংচুং নামে ঠাইৰ চ'চাং আংলং ( কাৰ্বি শব্দ চ'চাং মানে ওখ আৰু আংলং মানে বাস কৰা স্থান, মতান্তৰে পাহাৰ, বিজ্ঞজনে জনাব) নামৰ পাহাৰৰ তলত থকা মানৱ সৃষ্ট এক খাদৰ সৌন্দৰ্যই নতুনকৈ মানুহক আকৰ্ষিত কৰিছে । ভৌগলিক দৃষ্টিকোণৰে ঠাইখনৰ অৱস্থিতি হৈছে ২৬° ২৩´০.৪৩´´ উঃ আৰু ৯২° ৫১´৪২.১৭´´ পূঃ । উল্লেখযোগ্য যে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ উন্নিত কৰিবলৈ প্ৰয়োজন হোৱা বুজন পৰিমাণৰ শিল এই স্থানৰ পাহাৰৰ পৰা সংগ্ৰহ কৰাৰ পৰিণামত বৰ্তমানৰ পাহাৰৰ নামনিত অতিশয় গভীৰ স্থানৰ সৃষ্টি হৈছিল । ইংৰাজীৰ প্ৰায় L বৰ্ণৰ আকৃতিৰ অতি গভীৰ এই স্থানত পানী জমা হৈ ঠাইখনত সৃষ্টি হোৱা নান্দনিক জলৰাশীৰ সৌন্দৰ্যই মানুহক আকৰ্ষিত কৰে । ইয়াৰ পানী নীলা ৰঙৰ বুলি কোৱা হয় যদিও দৰাচলতে নীলা আৰু সেউজীয়াৰ সংমিশ্ৰণত সৃষ্টি হোৱা ৰঙৰ দৰে । হ'লেও পানীৰ ৰং নীলা বুলিয়েই এই জলৰাশীৰ নাম "নীলাপানী" নামৰে জনাজাত ।
কিন্তু ইয়াৰ পানী কিয় ৰঙীন দেখা যায় তাৰ সঠিক তথ্য গম নাপালেও দুই-এক স্থানীয় লোকৰ মতে এইয়া পাহাৰ ভাঙোতে ব্যৱহাৰ কৰা বিস্ফোৰকৰ ৰাসায়নিক ক্ৰিয়াৰ ফল । দৰাচলতে অতি গভীৰ স্থানৰ পানী নীলা দেখা যায় । আনহাতেদি পানীৰ ৰং সামান্য নীলা । যদিওবা অকণমান পানীত সেয়া ধৰা নপৰে তথাপি বৃহৎ জলৰাশীত তেনে হ'ব পাৰে ।
চামগুৰিৰ "নীলাপানীৰ" সৌন্দৰ্য সঁচাই অপূৰ্ব । জলৰাশীৰ কাষতে পাহাৰৰ থিয় প্ৰাচীৰ সদৃশ প্ৰস্তৰৰ নান্দনিক ৰূপ আৰু অদূৰলৈকে সেউজীয়াৰ বন্যতাৰ মাজত জলৰাশীৰ সুন্দৰতা ; একপ্ৰকাৰ যেন গিৰিখাত (Gorge)। সাৱধানতাৰে গৈ আপুনিও ল'ব পাৰে তাৰ সেউজীয়া আৰু নীলাভ প্ৰকৃতিৰ অনন্য মাদকতা কিন্তু সাৱধান, আপোনাক দহোকৰি জনাওঁ সেই পানীত নামিবলৈ কেতিয়াও যত্ন নকৰিব । সু-গভীৰ সেই জলধাৰা, কাষত থিয় প্ৰস্তৰ গৰা, ভালকৈ সাঁতুৰিব জনা জনৰো সেই পানীত কেতিয়াবা বিপদ ঘটিব পাৰে ।
আজিকালি কৈশোৰৰ দেওনা পাৰ কৰা চেঙেলীয়া ডেকা কিছুমানৰ হাতত ডি.এছ.এল.আৰৰ দৰে অত্যাধুনিক কেমেৰা এটা তুলি দিয়াৰ আভিজাত্যতাৰ ধং এটা দেখা গৈছে । তাৰোপৰি আকৌ ম'বাইলৰ কেমেৰাৰে চেলফি উঠাৰ চখ এটা কম-বেছি পৰিমাণে প্ৰায় সকলোৰে থাকেই । এইক্ষেত্ৰত উক্ত স্থানত ফটো উঠাওতে খুবেই বেছি সাৱধান হোৱা উচিত আৰু ডাঙৰ মানুহ লগত নাথাকিলে সৰু-সৰু ল'ৰা-ছোৱালীক তালৈ যোৱাত বাৰণ কৰা প্ৰয়োজন বুলি ভাবো । ইতিপূৰ্বেই "নীলাপানী"-ৰ সৌন্দৰ্যতাই দুজনমান কিশোৰৰ জীৱন নাটৰ অন্ত পেলাইছিল । আমি কামনা নকৰোঁ, প্ৰকৃতিৰ সেউজীয়াবোৰ কাৰোবাৰ জীৱনলৈ মৰ-আঁউসীৰ ঘন ক'লা আন্ধাৰ হৈ নামি আহক !
ধন্যবাদ,
শুভৰাত্ৰি 🐀🐈
☀ আমাৰ ফেচবুক ঠিকনা 📬
🔅🔅
◀🔸🔸🔸🔴🔹🔹🔹▶
No comments:
Post a Comment