► “মেলিলো প্ৰথম চকু
তোমাৰ কোলাতে আই”
আৱহমান কালৰে পৰাই ভাৰতীয় সভ্যতা সংস্কৃতিয়ে মাতৃ শক্তিক সদায়েই সন্মান জনাই আহিছে । ভাৰতীয় সংস্কৃতিৰ অতি প্ৰাচীনতম সভ্যতা বুলি পৰিচিত হৰপ্পা সভ্যতাতো মাতৃ শক্তিৰ প্ৰতি জনাই অহা শ্ৰদ্ধাৰ কথা উমান পোৱা যায় ( *এই দলত লেখা মোৰ “মহেঞ্জোদাৰো” লেখাটো চাব পাৰে) । আমাৰ অসমতো বিভিন্ন জাতি-জনজাতিৰ মাজত মাতৃ পূজা এতিয়াও প্ৰ্চলিত । অৱশ্যে সাধাৰণ চিন্তাৰে দিয়া দৃষ্টিত আপাততঃ দেৱী আৰু মানুহৰ মাজত কিছু পাৰ্থক্য থাকিলেও কিন্তু শাস্ত্ৰীয় চিন্তাৰে “মাতৃক” দেৱীৰ ৰূপতেই ভাৰতীয় দৰ্শনে গণ্য কৰে । অকল ভাৰতীয়ই নহয়, পৃথিৱীৰ বিভিন্ন দেশৰ মাজত এই চিন্তা অতি পুৰণি দিনৰে পৰাই চলি অহা ।
গ্ৰীক সকলৰ মাজতো বিভিন্ন দেৱীৰ নাম শুনা যায় আৰু সেই সকলৰ প্ৰতিও গ্ৰীক সভ্যতাই অতিজৰে পৰাই শ্ৰদ্ধা জনাই আহিছে । তেওঁলোকৰ মাজত প্ৰচলিত বিভিন্ন দেৱীৰ মাজত “RHEA”-ও অন্যতম । RHEA হৈছে ভগৱানৰ মাতৃ আৰু সেয়ে বসন্ত কালত উৎসৱৰ আয়োজন কৰি “ৰিয়া”-ৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ পৰম্পৰা প্ৰচিলিত হৈ আহিছে আৰু তাৰে আধাৰতে ঊনৈশ শতিকাত আমেৰিকা যুক্তৰাষ্ট্ৰত “মাতৃ দিৱস” নামেৰে এটি উৎসৱৰ আৰম্ভ হৈছিল ।
আপোনালোকে ক’ৰবাত পাব পাৰে এই দিৱসৰ আৰম্ভণি বিংশ শতিকাৰ প্ৰথম ভাগতে বুলি কিন্তু, কৈ থওঁ ঊনৈশ শতিকাতে আমেৰিকা যুক্তৰাষ্ট্ৰত Juliya Ward Flow নামৰ মহিলা এগৰাকীয়ে পোন প্ৰথমবাৰৰ বাবে নিজৰ মাকক সন্মান জনাবলৈ মাতৃ দিৱসৰ আয়োজন কৰিছিল ১৮৭০ চনত আৰু সকলোকে এই দিৱসটো পালন কৰিবলৈ তেওঁ আহ্বানো জনাইছিল কিন্তু এই ক্ষেত্ৰত সফল হ’ব নোৱাৰিলে । ইয়াৰ কিছু বছৰৰ পাছত তেখেতৰ মৃত্যু হোৱাত Juliya # জুলিয়াৰ পুত্ৰই মাতৃৰ স্মৃতিত এই দিৱসৰ আয়োজন কৰাৰ লগতে মাতৃ সকলক শ্ৰদ্ধা জনাবৰ বাবে তেখেত সকলৰ নামত এটা দিন পালন কৰাৰ পোষকতা কৰি জনমতৰ সৃষ্টি কৰিছিল ।
ইয়াৰ পাছত ১৯০৭ খ্ৰীষ্টাব্দত Anna Jarvis নামৰ আমেৰিকান মহিলা গৰাকীয়ে তেখেতৰ মাতৃৰ নামত দক্ষিণ ভাৰ্জিনিয়াৰ এটি গীৰ্জাত -ব্যক্তিগত অনুষ্ঠানৰ আয়োজন কৰিছিল । তেওঁ যুক্তৰাষ্ট্ৰীয় চৰকাৰক এই দিৱসটো বন্ধৰ দিন হিচাপে পালন কৰিবলৈ অনুৰোধ জনাইছিল য’দিও চৰকাৰে প্ৰত্যাখ্যান কৰে । অৱশ্যে ১৯১১ চনৰ পৰা সেই দেশীয় ৰাজ্য সমূহৰ চৰকাৰ সমূহে “মাতৃ দিৱস”-ক Mother’s Day নামে অভিহিত কৰি পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ।
আমেৰিকা যুক্তৰাষ্ট্ৰই দিৱসটোৰ প্ৰতি আনুষ্ঠানিকতা প্ৰকাশ কৰাৰ পাছতে বিশ্বৰ বিভিন্ন দেশে এই দিৱসটোক গ্ৰহণ কৰিলে । ১৯১২ চনত আন্তৰাষ্ট্ৰীয় মাতৃ দিৱস সংস্থাই প্ৰতিষ্ঠা কৰা হ’ল । আজিৰ তাৰিখত সমগ্ৰ বিশ্বৰে চল্লিছ খনৰো অধিক দেশত এই দিৱস পালন কৰা হয় ।
উদ্দেশ্য একে হ’লেও কিন্তু বিভিন্ন দেশত একে তাৰিখত আৰু বিভিন্ন ভাষাত একেই নামত পালন কৰা নহয় । সাধাৰণতে মাৰ্চ আৰু মে’ মাহত “মাতৃ দিৱস পালন কৰা হয় । বিশ্বৰ বিভিন্ন দেশে মে’ মাহৰ দ্বিতীয়টো দেওবাৰত ‘মাতৃ দিৱস” পালন কৰে ।
ফ্ৰান্স ভাষাত এই দিৱসটো FETE DES MERES নামেৰে, জাৰ্মান ভাষাত MUTTERTAG নামেৰে, স্পেনিছ ভাষাত DIA DE LAS MADRES নামেৰে, নেপালত MATA TIRTHA AUNSI নামেৰে, ইংৰাজীত MOTHER’s DAY নামেৰে, হিন্দী ভাষাত MA KA DIN আদিকৰি বিশ্বৰ বিভিন্ন ভাষাত বিভিন্ন নামেৰে এই দিৱস পালন কৰা হয় । আমাৰ দেশ ভাৰতবৰ্ষটো এইবেলি ২০১৭ বৰ্ষত আজিৰ ১৪ মে’ তাৰিখটোত “মাতৃ দিৱস” আয়োজন কৰা হৈছে ।
আনন্দৰ পোহৰবোৰ চকুত লগাৰে পৰা, ৰিণি-ৰিণি মনত থকা শৈশৱৰ সেই ধুনীয়া দিনবোৰত আইৰ আচলত ধৰি, লিহিৰি আঙুলিৰ আগটোত খামুচি থুনুক-থানাক খোজ দিয়া সেই যে দিনবোৰ ; কেনেবাকে মনত পৰেনে আপোনাৰ ?
হয়তো মনত পৰে, আইৰ কোচত উঠিবলৈ বাৰে-বাৰে আমনি কৰা , প্ৰাপ্তিৰ বাবে কান্দোনেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি বিজয়ৰ আনন্দ লোৱা নহলে, অভিমানে ভৰা গোমোঠা মুখেৰে থেহ পতা সেই হেৰাই যোৱা আপোনাৰ সোণসেৰীয়া দিনৰ সোণালী বহু-বহু-বহুত কথা ।
শৈশৱৰ প্ৰ্তিটো খোজত আপোনাৰ সাহস, শব্দ ব্ৰহ্মৰ আদিপাঠ লোৱা আপোনাৰ গুৰু, সমুখত আহাৰ আগবঢ়োৱা আপোনাৰ অন্নপূৰ্ণা আৰু সময়ে লেকেচিদাল হাতত তুলি আপোনাৰ সতে মাৰাথান দৌৰত ভাগলোৱা সেই মানুহগৰাকী…………, আপোনাৰ “মা” ।
কেতিয়াবা চাগে মনত পৰে ন ! পাকঘৰত সন্তৰ্পণে গৈ বিস্কুত খোৱা, আইৰ চকুত ধৰা পৰি লৰ মৰা, সন্ধিয়াৰ সাধু, জোনবাই আৰু কত যে পাখি লগা ৰঙীন কথা !
এতিয়া বয়সে আঁচুৰি গৈছে, কোনোৰ চাগে হৈ আছে সৰগৰ তৰা কিন্তু তেওঁৰ সেই ত্যাগ, মৰম আৰু ভালপোৱাই আমাক সকলোকে কিবা নহয় কিবা কৰি হ’লেও জীৱনৰ এটা গতি দিছে । তেওঁৰ সেই চেনেহে আমাৰ ধুনীয়া শৈশৱবোৰ সঁচাই এটি মিঠা সপোন কৰি তুলিছে ।
“মাতৃত্ব” হেনো নাৰীৰ আটাইতকৈ ডাঙৰ আনন্দ, ডাঙৰ গৌৰৱ । মানুহকে ধৰি সকলো প্ৰাণীৰেই মাতৃয়ে নিজৰ সন্তানৰ বাবে সকলো কষ্ট সহ্য কৰিব পাৰে, কৰেও । প্ৰয়োজনত নিজৰ জীৱন দি হ’লেও সন্তানক ৰক্ষা কৰিব পৰা এক ভগৱান প্ৰদত্ত গুণৰ অধিকাৰী তেওঁলোক । সন্তান জন্ম দিয়াৰ পৰা ডাঙৰ হোৱালৈকে তাৰপাছতো ইটোৰ পাছত সিটোকৈ সন্তানৰ বাবে বহু ত্যাগ, কষ্ট স্বীকাৰ কৰে এগৰাকী মাতৃয়ে । তথাপিও মাতৃত্ব প্ৰতি গৰাকী মহিলাৰ কাম্য ; ইয়ো কিন্তু সৃষ্টিৰ ডাঙৰ ৰহস্য ।
সন্তানৰ বাবে কৰা অসাধাৰণ ত্যাগৰে মহিয়ান হোৱা এগৰাকী মাতৃৰ বাবে এটা বিশেষ দিন নিৰ্দিষ্ট কৰি সন্মান যঁচাৰ পৰম্পৰাত মই বিশ্বাসী নহয় যদিও কাৰোবাৰ হৃদয়ৰ আকুলতাত মই কেতিয়াও মন্তব্য নকৰোঁ বৰঞ্চ সন্মান কৰোঁ ।
আজিৰ দিনটোত সমগ্ৰ ভাৰতে “মাতৃ দিৱস” পালন কৰিব ।
নিজৰ মাতৃৰ লগতে সমাজৰ প্ৰতিজন সন্তানৰ মাতৃলৈ মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছো আৰু জ্ঞান সম্ভাৰৰ আজিৰ এই লেখা প্ৰতিগৰাকী মাতৃৰ নামত আগবঢ়াই শেষত প্ৰিয় সাহিত্যিক কঞ্চন বৰুৱাৰ ‘অসীমত যাৰ হেৰাল সীমা” উপন্যাসখনৰ মোৰ ভাল লগা এটি দফাৰে আপোনালোকৰ পৰা আজিলৈ বিদায় লৈছো,
♦▬▬▬▬▬▬▬▬▬▬▬♦
“ … চকুৰ আগতে বহি গৌৰীক কন্দা চাইছো । সান্ত্বনা দিবলৈ ভয় হৈছে, জানোছা আকৌ ভুল কৰো । গৌৰীৰ চকুলোৰ মাজত সন্ধান পাইছো, গৌৰীৰ আন সকলো পৰিচয়ৰ ভিতৰত যিটো মুখ্য, যিটো সত্য পৰিচয় সেইটো । গৌৰীও নাৰী । নাৰীৰ লগত পুৰুষৰ যিয়েই সম্বন্ধ নাথাকক, ভোকৰ সময়ত নাৰীয়ে পুৰুষৰ আগত আহাৰ দাঙি ধৰাটোৱেই ৰীতি, নাৰীৰ আটাইতকৈ ডাঙৰ তৃপ্তি- সেই অন্নপূৰ্ণাৰ বেশত নাৰীৰ লগত পুৰুষৰ তেতিয়া মাথোঁ একেটিয়েই সম্বন্ধ থাকে । সন্তানে যেতিয়া ভোকত মাতৃৰ ওচৰত হাত পাতে, তাক পূৰণ কৰিব নোৱাৰিলে মাতৃৰ প্ৰাণত যি কষ্ট হয়, তাক আজি উপলবদ্ধি কৰিছো সন্মুখত থকা গৌৰীক দেখি ।”
▬▬▬▬▬▬▬▬▬▬▬▬
☼ আমাৰ ফেচবুক জ্ঞান সম্ভাৰৰ ই-ঠিকনা
✉ https://www.facebook.com/groups/372830512757409/
No comments:
Post a Comment