সৰস্বতী পূজাৰ আগত কিয় বগৰী খাব নাপায়
মনাটো ভাল,
এইটো কথাও জানি থোৱা ভাল, যিসকলে এই নিয়মবোৰ আৰোপ কৰিছিল সেইসকলৰ চিন্তা-শক্তি আছিল আমাৰ হাজাৰ গুণৰো বেছি । তেখেতসকলে কৈ যোৱা প্ৰত্যেকটো নাপায় আৰু বাধা-নিষেধৰ আঁৰত এটা নহয় এটা কথা আছেই আছে । তেনে এটি বাধা-নিষেধৰ কথাৰেই আজি বহুদিনৰ মূৰত ফেচবুক জ্ঞান সম্ভাৰলৈ আহিছো । সন্মুখত আই সৰস্বতীৰ পূজা । যিহেতু এই গ্ৰুপটোও কেৱল জ্ঞান চৰ্চাৰেই এটি ক্ষুদ্ৰ মঞ্চ গতিকে আই মা সৰস্বতী গোসাঁনীৰ পূজাৰ লগত সাঙোৰ খায় থকা এটি প্ৰথাৰ বিষয়ে আজি উল্লেখ কৰিম । ইয়াৰ আঁৰৰ কথাটো দুবছৰমান আগতে ফেচবুকৰপৰাই জানিছিলো যদিও সাধাৰণতে কেৱল নেটৰ কথাত হয়-ভৰ বিশেষ নিদিও । আজি সেই একেটা কথাকে আন এজনৰ পৰা পুনঃ শুনি নিশ্চিত হৈহে লিখিবলে সাহ কৰিছো ।
আমি সৰুৰেপৰাই এটা শুনি অহা কথা, সৰস্বতী পূজা নোযোৱালৈকে বগৰী খাব নাপায় । বগৰী পূজাত লগাইহে খোৱাৰ নিয়ম । যিহেতু মা সৰস্বতীয়ে দোষ ধৰাৰ কথা শিকোৱা হৈছিল সেয়ে বৰ কষ্টৰে গছৰ লোভ লগা বগৰী কেইটালৈ চায় সৰস্বতী পূজালৈ বাট চাব লগা হৈছিল । তাতো সিমান সমস্যা নাছিল । সমস্যাৰ সৃষ্টি কৰে লগৰ অঘাইটংবোৰে । মইহে নাখাওঁ, লগৰবোৰে দলি-ফৰঙতিৰে বাটৰ কাষৰ বগৰী গছবিলাকত যি তুলাধুনা দিয়ে সৰস্বতী পূজা আহে মানে বগৰী বাদেই বগৰীৰ পাতবোৰো ফাটি-চিটি কোনোমতেহে ৰয়গৈ ।
কিন্তু আপুনি জানেনে, সৰস্বতী পূজাত বগৰী উৎসৰ্গা কৰাৰ পাছতহে কিয় বগৰী খাব লাগে ?
ইয়াৰ আঁৰত আছে এটি সুন্দৰ কাহিনী ।
আপুনি মহৰ্ষি বেদব্যাসৰ নাম নিশ্চয় শুনিছে । বিভিন্ন মহামূল্যৱান গ্ৰন্থৰ প্ৰণেতাজনে গ্ৰন্থসমূহ লিখাৰ আগত জ্ঞান-বিজ্ঞানৰ অধিস্থাত্ৰী দেৱী আই সৰস্বতীৰ বৰ ল'বলৈ প্ৰথমে মনস্থঃ কৰিছিল আৰু সেইমতেই বৰ্তমানৰ বদ্ৰীনাথ ধামৰ ওচৰত মা সৰস্বতীক ধ্যান কৰিবলৈ সাজু হয় । তপস্যাৰ আগত তেওঁ বগৰীৰ বীজ এটি মাটিত দি পণ কৰিছিল যে এই বীজৰ পৰা বগৰীৰ গছ হৈ গছৰ ফল যিদিনা তেওঁৰ মূৰত প্ৰথম পৰিব সেইদিনাই তেওঁৰ তপস্যা সিদ্ধ হ'ব বুলি জানিব পাৰিব । মহৰ্ষি বেদব্যাসে এই প্ৰতিজ্ঞা ৰাখি গভীৰ ধ্যানত মগ্ন হ'ল । এনেদৰেই কেইবাটাও বছৰ পাৰ হোৱাৰ পাছত তেখেতৰ মূৰত সঁচাই এটা বগৰী সৰি আহি পৰিল । মহৰ্ষিয়ে বুজিলে তেখেতৰ ধ্যান সম্পূৰ্ণ হৈছে । তেখেতে শ্ৰদ্ধা-ভক্তিৰে বেদমাতা সৰস্বতীক পূজি বগৰী আগবঢ়ালে । দেৱী মা সন্তুষ্ট হ'ল । সেই দিনটো আছিল মাঘ মাহৰ পঞ্চমী তিথি । এই ঘটনাৰ পৰাই বাগদেৱীৰ পূজা পঞ্চমী তিথিত পালন কৰাৰ লগতে আইৰ পূজাত বগৰী দিয়াৰ প্ৰথাৰো সৃষ্টি হয় । বগৰীক সংস্কৃতত "বদ্ৰী" বোলা হয় বাবে ঠাইখনেও "বদ্ৰীধাম" নাম লাভ কৰে ।
আজিও মোৰ দৰে বহু ছাত্ৰ-ছাত্ৰীয়েই বা বিদ্যা-শিক্ষাৰ লগত জড়িত সকলে, শিক্ষাগুৰু সকলে বাগদেৱী শ্ৰীশ্ৰী সৰস্বতী আইৰ পূজা নোযোৱালৈকে বগৰী গ্ৰহণ নকৰে ।
"বিশ্বাসে মিলয় হৰি তৰ্কে বহু দূৰ ।" যিসকলে বিশ্বাস কৰে নজনাত যি কৰিলে কৰিলে, পাৰে যদি সৰস্বতী পূজা নোযোৱালৈকে বগৰী নুখোৱাকে থাকিব পাৰিলে ভাল । লগতে পূজাৰ দিনা কিতাপৰ টেবুলখন সুন্দৰকৈ সঁজাই মন্তব্যৰ ঘৰত একপি ফটো দিবচোন ।
সেইদিনা আৰু এটা নিয়ম ৰক্ষিত হৈ আহিছে । ছাত্ৰী-ছাত্ৰী-শিক্ষকে পূজাৰ দিনটোত পঢ়া-শুনা নকৰে । মাৰ আশীৰ্বাদ লৈহে কিতাপ মোকলোৱাৰ নিয়ম । অৱশ্যে আজিকালি "মোৰ লাইফ মোৰ কথা" বুলি কোৱাৰ যুগ যেতিয়া বিশেষ নকওঁ ।
মোৰ লাইফৰ অভিজ্ঞতাৰেহে কওঁ, মোৰ আটাইতকৈ বেছি ভাললগা দেৱী গৰাকীয়েই হৈছে "সৰস্বতী মা"। যি অলপ কলকলাইছো সেয়াও আইৰে কৃপা । সৌ সিদিনালৈকে গণিত বুলিলে থিয় জাঁপ মৰাটোৰ আকুল কাকুতিতে নেকি নাজানো পাঁচ বছৰ পুনৰ গণিত শিকাৰ পৰম সৌভাগ্য লাভ কৰিছো দেৱী মাৰ কৃপাত । আৰু এতিয়া মোৰ ছাত্ৰই গণিতৰ পাঠ্যপুথিত থকা ভুলৰ তালিকা বনাই মোৰ হাতত জমা দিব পৰা হ'ল ।
"জয় মা বাগদেৱী" 🙏
শ্ৰদ্ধাভাজনসকললৈ শ্ৰীশ্ৰী সৰস্বতী পূজাৰ শুভেচ্ছা আৰু শ্ৰদ্ধা আগতীয়াকৈ জনালোঁ ।
ধন্যবাদ
☼ আমাৰ ফেচবুক ঠিকনা 📬
✉ https://www.facebook.com/groups/372830512757409/
আমাৰ📧 facebookgyansambhar@gmail.com
🔅ফেচবুক জ্ঞান সম্ভাৰ 🔅
◀🔸🔸🔸🔴🔹🔹🔹▶
Comments
Post a Comment