সৰস্বতী পূজাৰ আগত কিয় বগৰী খাব নাপায়

মনাটো ভাল,
এইটো কথাও জানি থোৱা ভাল, যিসকলে এই নিয়মবোৰ আৰোপ কৰিছিল সেইসকলৰ চিন্তা-শক্তি আছিল আমাৰ হাজাৰ গুণৰো বেছি । তেখেতসকলে কৈ যোৱা প্ৰত্যেকটো নাপায় আৰু বাধা-নিষেধৰ আঁৰত এটা নহয় এটা কথা আছেই আছে । তেনে এটি বাধা-নিষেধৰ কথাৰেই আজি বহুদিনৰ মূৰত ফেচবুক জ্ঞান সম্ভাৰলৈ আহিছো । সন্মুখত আই সৰস্বতীৰ পূজা । যিহেতু এই গ্ৰুপটোও কেৱল জ্ঞান চৰ্চাৰেই এটি ক্ষুদ্ৰ মঞ্চ গতিকে আই মা সৰস্বতী গোসাঁনীৰ পূজাৰ লগত সাঙোৰ খায় থকা এটি প্ৰথাৰ বিষয়ে আজি উল্লেখ কৰিম । ইয়াৰ আঁৰৰ কথাটো দুবছৰমান আগতে ফেচবুকৰপৰাই জানিছিলো যদিও সাধাৰণতে কেৱল নেটৰ কথাত হয়-ভৰ বিশেষ নিদিও । আজি সেই একেটা কথাকে আন এজনৰ পৰা পুনঃ শুনি নিশ্চিত হৈহে লিখিবলে সাহ কৰিছো ।

         আমি সৰুৰেপৰাই এটা শুনি অহা কথা, সৰস্বতী পূজা নোযোৱালৈকে বগৰী খাব নাপায় । বগৰী পূজাত লগাইহে খোৱাৰ নিয়ম । যিহেতু মা সৰস্বতীয়ে দোষ ধৰাৰ কথা শিকোৱা হৈছিল সেয়ে বৰ কষ্টৰে গছৰ লোভ লগা বগৰী কেইটালৈ চায় সৰস্বতী পূজালৈ বাট চাব লগা হৈছিল । তাতো সিমান সমস্যা নাছিল । সমস্যাৰ সৃষ্টি কৰে লগৰ অঘাইটংবোৰে । মইহে নাখাওঁ, লগৰবোৰে দলি-ফৰঙতিৰে বাটৰ কাষৰ বগৰী গছবিলাকত যি তুলাধুনা দিয়ে সৰস্বতী পূজা আহে মানে বগৰী বাদেই বগৰীৰ পাতবোৰো ফাটি-চিটি কোনোমতেহে ৰয়গৈ ।

কিন্তু আপুনি জানেনে, সৰস্বতী পূজাত বগৰী উৎসৰ্গা কৰাৰ পাছতহে কিয় বগৰী খাব লাগে ?
ইয়াৰ আঁৰত আছে এটি সুন্দৰ কাহিনী ।
আপুনি মহৰ্ষি বেদব্যাসৰ নাম নিশ্চয় শুনিছে । বিভিন্ন মহামূল্যৱান গ্ৰন্থৰ প্ৰণেতাজনে গ্ৰন্থসমূহ লিখাৰ আগত জ্ঞান-বিজ্ঞানৰ অধিস্থাত্ৰী দেৱী আই সৰস্বতীৰ বৰ ল'বলৈ প্ৰথমে মনস্থঃ কৰিছিল আৰু সেইমতেই বৰ্তমানৰ বদ্ৰীনাথ ধামৰ ওচৰত মা সৰস্বতীক ধ্যান কৰিবলৈ সাজু হয় । তপস্যাৰ আগত তেওঁ বগৰীৰ বীজ এটি মাটিত দি পণ কৰিছিল যে এই বীজৰ পৰা বগৰীৰ গছ হৈ গছৰ ফল যিদিনা তেওঁৰ মূৰত প্ৰথম পৰিব সেইদিনাই তেওঁৰ তপস্যা সিদ্ধ হ'ব বুলি জানিব পাৰিব । মহৰ্ষি বেদব্যাসে এই প্ৰতিজ্ঞা ৰাখি গভীৰ ধ্যানত মগ্ন হ'ল । এনেদৰেই কেইবাটাও বছৰ পাৰ হোৱাৰ পাছত তেখেতৰ মূৰত সঁচাই এটা বগৰী সৰি আহি পৰিল । মহৰ্ষিয়ে বুজিলে তেখেতৰ ধ্যান সম্পূৰ্ণ হৈছে । তেখেতে শ্ৰদ্ধা-ভক্তিৰে বেদমাতা সৰস্বতীক পূজি বগৰী আগবঢ়ালে । দেৱী মা সন্তুষ্ট হ'ল । সেই দিনটো আছিল মাঘ মাহৰ পঞ্চমী তিথি । এই ঘটনাৰ পৰাই বাগদেৱীৰ পূজা পঞ্চমী তিথিত পালন কৰাৰ লগতে আইৰ পূজাত বগৰী দিয়াৰ প্ৰথাৰো সৃষ্টি হয় । বগৰীক সংস্কৃতত "বদ্ৰী" বোলা হয় বাবে ঠাইখনেও "বদ্ৰীধাম" নাম লাভ কৰে ।
আজিও মোৰ দৰে বহু ছাত্ৰ-ছাত্ৰীয়েই বা বিদ্যা-শিক্ষাৰ লগত জড়িত সকলে, শিক্ষাগুৰু সকলে বাগদেৱী শ্ৰীশ্ৰী সৰস্বতী আইৰ পূজা নোযোৱালৈকে বগৰী গ্ৰহণ নকৰে ।

         "বিশ্বাসে মিলয় হৰি তৰ্কে বহু দূৰ ।" যিসকলে বিশ্বাস কৰে নজনাত যি কৰিলে কৰিলে, পাৰে যদি সৰস্বতী পূজা নোযোৱালৈকে বগৰী নুখোৱাকে থাকিব পাৰিলে ভাল । লগতে পূজাৰ দিনা কিতাপৰ টেবুলখন সুন্দৰকৈ সঁজাই মন্তব্যৰ ঘৰত একপি ফটো দিবচোন ।

সেইদিনা আৰু এটা নিয়ম ৰক্ষিত হৈ আহিছে । ছাত্ৰী-ছাত্ৰী-শিক্ষকে পূজাৰ দিনটোত পঢ়া-শুনা নকৰে । মাৰ আশীৰ্বাদ লৈহে কিতাপ মোকলোৱাৰ নিয়ম । অৱশ্যে আজিকালি "মোৰ লাইফ মোৰ কথা" বুলি কোৱাৰ যুগ যেতিয়া বিশেষ নকওঁ ।
মোৰ লাইফৰ অভিজ্ঞতাৰেহে কওঁ,  মোৰ আটাইতকৈ বেছি ভাললগা দেৱী গৰাকীয়েই হৈছে "সৰস্বতী মা"। যি অলপ কলকলাইছো সেয়াও আইৰে কৃপা । সৌ সিদিনালৈকে গণিত বুলিলে থিয় জাঁপ মৰাটোৰ আকুল কাকুতিতে নেকি নাজানো পাঁচ বছৰ পুনৰ গণিত শিকাৰ পৰম সৌভাগ্য লাভ কৰিছো দেৱী মাৰ কৃপাত । আৰু এতিয়া মোৰ ছাত্ৰই গণিতৰ পাঠ্যপুথিত থকা ভুলৰ তালিকা বনাই মোৰ হাতত জমা দিব পৰা হ'ল ।
"জয় মা বাগদেৱী" 🙏

শ্ৰদ্ধাভাজনসকললৈ শ্ৰীশ্ৰী সৰস্বতী পূজাৰ শুভেচ্ছা আৰু শ্ৰদ্ধা আগতীয়াকৈ জনালোঁ ।
                                             ধন্যবাদ
☼ আমাৰ ফেচবুক ঠিকনা 📬
✉ https://www.facebook.com/groups/372830512757409/

আমাৰ📧 facebookgyansambhar@gmail.com
                  🔅ফেচবুক জ্ঞান সম্ভাৰ 🔅
                 ◀🔸🔸🔸🔴🔹🔹🔹▶

এটি নগঞা চৰিত্ৰ জেতুকী বাই

এগৰাকী উপেক্ষিত নাৰী ঃ

       অসমীয়া সংগীত জগতত ঠাইপোৱা বিগত শতিকাৰ এগৰাকী উপেক্ষিত নাৰী । বৃহত্তৰ পুৰণিগুদাম অঞ্চলৰ কাষৰে ভীমৰগাঁ‌ৱৰ এটি নাৰী চৰিত্ৰ যাৰ সময়ৰ কথা ক'ব পৰা লোকৰ সংখ্যা বৰকৈ কমি আহিলেও আজিও তেওঁ‌ জীয়াই আছে গীতৰ কথাত । "লুইত কোঁ‌ৱৰ ৰুদ্ৰ বৰুৱাৰ এটি গীতৰ মুখ্য চৰিত্ৰ এইগৰাকী নাৰীক আজিও অসমৰ ৰাইজে জানে, আজিও চিনে । মানুহৰ মুখে-মুখে গীতৰ সুৰে-সুৰে সেই পুৰণি গাঁ‌ৱৰ পুৰণি সুৰ লগা এটি অসমীয়া নাম "জেতুকী বাই"
পকা চুলিত লেপেটা খোৱাকৈ তেল সানি অসমীয়া পুৰণি লোক-সংগীতক আজিৰ যুগলৈ ৰাখিথৈ যোৱাত হয়তো চাগে সেই জেতুকী বাইৰো অৰিহণা ক'ৰবাত নহয় ক'ৰবাত আছে ।

    মানুহগৰাকীৰ ঘৰ নগাঁ‌ও জিলাৰ পুৰণিগুদাম ভীমৰ গাঁ‌ৱত । প্ৰাপ্ত তথ্যমতে, জেতুকী বাইৰ ঘৰত কোনোৱেই নাছিল, এগৰাকী অকশৰীয়া বৃদ্ধা । একমাত্ৰ জীয়েক ; তাকো কালে লৈ গ'ল । শোক আৰু সন্তাপক লুকুৱাই ৰাখি জীৱনৰ বিয়লি বেলাত নাম-গুণকে গাই তেওঁ‌ পাৰ কৰিছিল সময় । গাঁ‌ৱত এনে এটা উৎসৱ নাছিল, এনে এখন বিয়া হোৱা নাছিল য'ত জেতুকী বাইৰ প্ৰয়োজন নাছিল । বিশেষকৈ আই নাম, বিয়া নাম আদিৰ বাবে মানুহৰ মনলৈ অহা প্ৰথম নামটোৱেই আছিল জেতুকী বাই ।
সেয়ে, লুইত কোঁ‌ৱৰ ৰুদ্ৰ বৰুৱাদেৱে তেখেতৰ এটি জনপ্ৰিয় গীতৰ প্ৰথম কলিত  লিখিছিল :

"হয়েৰা জেতুকী বাই
চুলি তোৰ পকালি, দাঁতবোৰ সৰালি
পৰৰ ঘৰে ঘৰে নাম-গুণ গাই।"

ওৰেটো জীৱন মানুহৰ ঘৰে-ঘৰে নাম-গুণ গাই বয়সক পাহৰি যোৱা সৰবৰহী মহিলা তেওঁ‌ ।
এনে এখন বিয়া সেই সময়ত সেই ঠাইত হোৱা নাছিল য'ত জেতুকী বাইক মতা হোৱা নাছিল ।
গীতটোৰ পাছৰ কথাখিনিত তেখেতে লিখিছে,

"কাৰোবাৰ পুতেকে কোনোবাৰ জীয়েকক
নিবলৈ পাতিছে বিয়া
জোঁৱাইৰ বা কি নাম, যোৰা দি কি গাম
তোৰহে তৎ নাইকিয়া।
(বোলো) সাজিছ কাচিছ হয়
চাবি আক’ বাইটি তই
চহকীৰ বিয়ালৈ ছাল-ছিগা নামতীক
মতাৰ যে ঠিকনা নাই।"

কেও-কিছু নথকা, পৰকেই আপোন বুলি ভবা জেতুকী বাই । দৰিদ্ৰতাৰ লগত যুঁ‌জি-যুঁ‌জি অভ্যস্ত তেওঁ‌ । জীয়াই থাকিবলৈ নহয়, নাম গাই ঘূৰি-ফুৰি পৰৰ হিতৰ বাবে জীয়াই থকা জেতুকী বাইৰ বাবে নামেই যেন তেওঁ‌ৰ পৰিচয় । নাম-গুণৰ বাবে নহলেই নোহোৱা সেই জেতুকী বাইৰ গুৰুত্ব বিয়াৰ পাছত বৰ বিশেষ হয়তো নাথাকে ।
কোনো এখন বিয়াত টাকুৰি ঘূৰাদি ঘূৰি মানুহৰ মনত আনন্দ দিয়া জেতুকী বাইক বিয়াৰ পাছত হঠাতেই উপেক্ষিত হৈ পৰা যেন দেখি ৰুদ্ৰ বৰুৱাদেৱে এই গীতটোৰ শেষৰ ফাললৈ লিখিছে :

অ’ বোলো জেতুকী বাই
তোৰ যে জীয়েৰক যমে কাঢ়ি নিলে
বুকু শুদা পৰি যায়
পৰৰে জীয়ৰীক জোঁৱাইয়ে নিওঁতে
কান্দ তই নামকে গাই।
ৰভাঘৰ শুৱনি জীয়ৰী-বোৱাৰী
তোলৈ ঠাইকে নাই
বিয়াৰ তই নামতী বিয়াত হে সোঁৱৰে
পুৱালৈ পাহৰি যায়।

নিজৰ জীয়ৰী থাকিও নোহোৱা হোৱাৰ সেই দুখ আৰু আনৰ জীয়ৰীৰ কলপুলি তলৰ  বিদায় বেলা ; ক'ৰবাত এটা সাংঘাটিক দুখৰ অনুৰণন থকা সম্পৰ্ক নাইনে ! সেয়ে হয়তো পৰকেই আপোন বুলি ঢাপলি মেলা "জেতুকী বাই" ।
      বেয়াও লাগে অ' ! জেতুকী বাইৰ দৰে এনে চৰিত্ৰ অসমৰ গাৱে-চহৰে অলেখ ওলাব । প্ৰয়োজনত বিচাৰি কামৰ শেষত গুৰুত্ব নিদিয়া দেখিয়েই চাগে শিল্পী মনৰ কোমল হৃদয়ত প্ৰচণ্ড আক্ষেপ আৰু দুখৰ উদগিৰণে লুইত কোঁ‌ৰৰ কলমৰে নিগৰাইছিল এই গীতটি ।

   হ'লেও ভাল কামৰ সু-বাদ সদায়ে থাকে । দৰাচলতেই উপেক্ষিত নহয় জেতুকী বাই । তেওঁ‌ৰে গাঁ‌ৱৰে মহান শিল্পীৰ সৃষ্টিৰ কলমে শদিয়াৰ পৰা ধুবুৰীলৈ আজি শতিকাৰ পাছতো তেওঁ‌ক জীয়াই ৰাখিছে । কাহানিবাই পৃথিৱীৰ কোলা এৰা সেইগৰাকী মহিলাৰ নাম সুৰৰ লহৰত আজিও বাজিছে মানুহৰ প্ৰাণে-প্ৰাণে ; কম ডাঙৰ কথানে !
শেষত কামনা কৰোঁ‌, "মানুহক ভালপোৱা, পৰৰ সুখ-দুখৰে জীৱনৰ বাট বোলা জেতুকী বাই নামৰ সেই বিখ্যাত চৰিত্ৰটোৰ আত্মাক ভগৱানে সদগতি দিয়ক, দয়া কৰক !" সেই কামনাৰে 🙏

         শুভৰাত্ৰি 🎻

🌐 ফেচবুক জ্ঞান সম্ভাৰ  facebook Gyan Sambhar

সম্পদ নিৰ্গমণ তত্ত্ব

"Drain of Wealth Theory"
       
      মুখখনত অন্ততঃ মিহিকৈ হ'লেও বেয়া শব্দ দুটামান ফুটিব লাগিছিল ; গম পায় গ'ল হলে । বহু যত্ন কৰিও এতিয়ালৈকে নোৱাৰিলোযে, তাতেইটো সমস্যা ! তাৰেই সুবিধা লৈ কেতিয়াবা দুই-এটা ভক্ত আহি কাণ ঘূগোলা কৰেহি । আছে নহয় কিছুমান গোলাম ভক্ত ।
অ' এটা কথা, আপোনালোকে "ভক্ত" বুলোতে ৰাজনৈতিক নেতাৰ ভক্ত বুলি নাভাবিব আকৌ । ৰাজনৈতিক কোনো নেতাৰ লগত কোনো লেনা-দেনাও মোৰ নাই, কোনো বিৰোধো নাই । গতিকে ৰাজনীতিৰ যি ভাগৰে ভক্ত নাহক সকলোৰে জয়ধ্বনি কি শংখধ্বনি সকলো শুনিবলৈ কাণ খৰকিয়ায়েই থৈছো ।
খং উঠে মাথো কেতিয়াবা লগপোৱা আন কিছুমান ভক্তৰ কথাত । সৌ ককা-আইতাৰ দিনতেই ভাগি যোৱা বৃটিছৰ কথা ওলালেই কিছুমানে বৃটিছে কিমান উপকাৰ কৰি থৈ গ'ল তাৰ তালিকা এনেকে দিব নহয় শুনিলেই খং উঠে । নিজৰ দেশীয় ভাষাবোৰক যে ধ্বংস কৰি ইংৰাজীৰ ভূতটো মেকলেই দি থৈ গ'ল সেইটো নাভাবি কয় "ইংৰাজে বোলে আমাক ইংৰাজী ভাষা দি থৈ গ'ল ।"  নিজৰ স্বাৰ্থত সম্পদ লুণ্ঠনৰ বাবে ডেলহাউচিৰ দিনত ৰে'ল লাইন, নিজৰ সুবিধাৰ বাবে ডাক ব্যৱস্থা, টেলিগ্ৰাফ ব্যৱস্থাৰ প্ৰচলন কৰিলে, উ... দুটামানে বুজে ইংৰাজে আমাক ৰে'ল দিলে, ডাক দিলে ইত্যাদি । বোপাহত, ইংৰাজে যি কৰিছিল প্ৰায়বোৰ নিজৰ স্বাৰ্থত কৰিছিল । ইংৰাজে দেশীয় অৰ্থনীতিৰ ৰাজহাড় ভাঙি নোযোৱা হ'লে আজিৰ তাৰিখত আমাৰ বৈভৱকে আমাৰ এশ কোটিৰ অধিক জনতাই খায় শেষ কৰিব নোৱাৰিলো হেতেন কিজানি !
ইংৰাজৰ পৰা আমাৰ বৰ বিশেষ শিকিব লগা আছিল বুলিও নাভাবো । ভাৰতীয় প্ৰাচীন জ্ঞানৰ মেটমৰা সম্ভাৰ ইমান বেছি যে ইংৰাজে ভাৰতীয়ক শিকোৱা শুকক বেদ পঢ়োৱাৰ লেখিয়া কথাই । ভাৰতীয় বহু পুৰাতন জ্ঞানক বিশ্বৰ বিভিন্ন দেশে নিজলৈ কঢ়িয়াই তাৰ ভেটিতে গৱেষণা কৰি অলেখ আৱিষ্কাৰ কৰিলে ।
ইমান লুটিলে, ইমান লুটিলে আনহে নালাগে খেল-ধেমালিকো বাদ নিদিলে । কিয় আমাৰ দেশতে শিকি ইংৰাজ চাহাব এজনে জানো ইংলেণ্ডৰ বেডমিন্ট নামৰ গাঁ‌ও এখনত প্ৰথম খেলোৱাৰ বাবেই খেলবিধৰ নাম "বেডমিন্টন" কৰা নাই ?
ৰ'ব, ভগৱানে সহায় কৰিলে পশ্চিমীয়া দেশ কিছুমানে আমাক বৌদ্ধিক ভাবে কিমান লুটিলে তাৰো এখন সৰু-সুৰা তালিকা এদিন বনাম ।
       মুঠতে লুট-পাত । ভাৰতৰ বৈভৱ দেখিয়েইটো সাত সাগৰ তেৰ নদী পাৰ হৈ তেওঁ‌লোক ইয়ালৈ আহিছিল । সেই লুটপাত কৰিবলৈ অহা মানুহ বিলাকে ভাৰতীয়ক কি-কি দিলে তাৰ তালিকা মোৰ আগত বেছিকৈ গালে নহয় ... তেজ গৰম হৈ আহে ! খঙতে তেনে লোকলৈ নামো বনাইছো বাপ্পেকে  "গোলাম ভক্ত" ।

      ভাৰতত ঊপনিৱেশিক সাম্ৰাজ্য গঠন কৰি আমাৰ দেশীয় অৰ্থৰে নিজ দেশৰ অৰ্থনৈতিক ভেটি টনকিয়াল কৰা কোম্পানীৰ বেপাৰী বুদ্ধিয়ে আমাক একালত বাৰুকৈয়ে শোষণ কৰিছিল । ভাৰতীয়সকলৰ পৰা সংগ্ৰহ কৰা ৰাজহৰ ধনৰে আমাৰ দেশৰ সম্পদ ক্ৰয় কৰি সেয়া পঠিয়াই দিছিল ইংলেণ্ডলৈ । বিনিময়ত ইংলেণ্ডৰ পৰা আমাৰ দেশে কিন্তু একো পোৱা নাছিল । আমাৰ দেশৰ ৰাজহৰেই ইংৰাজ বিষয়া-চিপাহী ইত্যাদিৰ দৰমহা, পেঞ্চন আদিৰ ব্যৱস্থা কৰা হৈছিল । ইয়াৰ ফলত এক বৃহৎ পৰিমাণৰ টকা আমাৰ দেশৰ পৰা নিৰ্গমণ ঘটিছিল ইংলেণ্ডলৈ ।
তাৰোপৰি আকৌ, ভাৰতলৈ আহি কাম কৰা বহু ইংৰাজ লোকে নিজৰ ধন পঠিয়াই দিছিল নিজ দেশৰ আপোনজনলৈ (Remittance) । এনেকৈও ভাৰতীয় অৰ্থ ওলাই গৈছিল বিদেশলৈ ।
সকলো মিলাই এক বুজন পৰিমাণৰ টকা ভাৰতৰ পৰা প্ৰতি বছৰে ইংলেণ্ডলৈ নিৰ্গমণ ঘটিছিল । সেই সময়ৰ এই পৰিঘটনাটোক লৈ প্ৰখ্যাত জাতীয়তাবাদি নেতা, পণ্ডিত, লেখক দাদাভাই নৌৰজীয়ে ( ০৪ ছেপ্তেম্বৰ ১৮২৫ - ৩০ জুন ১৯১৭ ) ১৮৬৭ চনত এটা তত্ত্ব প্ৰকাশ কৰিছিল যিটো "Drain of Wealth Theory" নামেৰে জনা যায় । "PROVERTY of UN-BRITISH RULE in INDIA" নামৰ তেখেতৰ গ্ৰন্থখনত এই তত্ত্বটোক তেখেতে উল্লেখ কৰিছে । নৌৰজীৰ মতে প্ৰতি বছৰে দেশীয় আয়ৰ চাৰি ভাগৰ এক অংশ আমাৰ দেশৰ পৰা ইংলেণ্ডলৈ নিৰ্গমণ ঘটিছিল ।
আনহাতে, প্ৰখ্যাত অৰ্থনীতিবিদ আৰ. চি. দত্তৰ মতে এই পৰিসংখ্যা হ'ল দেশীয় মুঠ ৰাজহৰ আধা ।
       ভাবি চাওক, কিমান লুটিলে । এবছৰ-দুবছৰ নহয় ; হায়ৈ ... ।
এইবোৰ জানি-শুনি কাৰনো বাৰু ভাল লাগিব । তাৰ পাছতো যদি কয়, "বৃটিছে আমাক বহুত শিকাই থৈ গ'ল ।"
হুঁ‌হ, বেয়া শব্দ দুটামানো মুখত নুফুটা হ'ল নহয় !!!
😡😡😡

শুভৰাত্ৰি দেই 🙏

ধন্যবাদ

➖➖➖➖➖➖➖

🌈আমাৰ ঠিকনা 📬

⚜ ফেচবুক জ্ঞান সম্ভাৰ⚜

✉ https://www.facebook.com/groups/372830512757409/
                🔅◀🔸🔸🔸🔴🔹🔹🔹▶🔅

কুৰঙ্গনয়নী

🔴 মনিপুৰী ৰাজ-নন্দিনী "কুৰঙ্গনয়নী"-ৰ বিষয়ভিত্তিক আমাৰ এই বিশেষ আলেখ্য :

                  "মগলৌ কুঁৱৰী"
                    ⚜▫▫🔸▫▫⚜
                                                 ৰাজীৱ গোস্বামী
                                             শ্ৰীশ্ৰী ব্ৰহ্মচাৰী সত্ৰ

                          ◀খণ্ড : ১

        কাল ধুমুহা, এজাক কাল ধুমুহাই তচ-নচ কৰি পেলাইছিল ত্ৰয়োদশ শতিকাতে প্ৰতিষ্ঠিত এখন ৰাজ-সিংহাসনক । সৌৰ্য-বীৰ্যৰে জিলিকি থকা অসমৰ  ৰাজ-সিংহাসনৰ বেলি তেতিয়া মাৰ যাওঁ-যাওঁ । চৌদিশৰ অৰাজকতা আৰু নিষ্ঠুৰতাই প্ৰজা আৰু ৰাজঘৰীয়া সকলোৰে মাজত মাথো সন্ত্ৰাস আৰু বিষাদৰ কাঁইট সিঁচিছিল ।

     নিশাৰ জোনটোত সেইদিনা আছিল উজ্বল পোহৰ  । বাহিৰৰ স্নিগ্ধ পোহৰৰ বিপৰীতে এন্ধাৰত পুত গৈছিল প্ৰায় পাঁচশটা বছৰে  গৌৰৱত জিলিকি থকা ৰাজ-সিংহাসনৰ উজ্বলতা । ক্লান্ত-শ্ৰান্ত মনৰে সেই পোহৰৰ সন্ধানত জয়দ'লৰ এচুকত এজনে বহি তেতিয়া ভাবিছিল পাৰ হৈ যোৱা অতীত আৰু বৰ্তমানে আমন্ত্ৰণ কৰা ভৱিষ্যতবোৰৰ কথা ।
পোৱা-নোপোৱাৰ খতিয়ানৰ প্ৰতিটো পৃষ্ঠাকে লুটিয়াই তেতিয়া তেওঁ জুখিছিল জীৱনৰ অলপ সুখ আৰু গভীৰ দুখৰ অসমান ভগ্নাংশৰ অলেখ কথা ।
ঘাট-প্ৰতিঘাটৰে বেদনাগধুৰ জীৱন আলেখ্যৰ প্ৰাৰম্ভতেই পিতৃৰ পৰা পোৱা অনাদৰ আৰু সন্দেহৰ প্ৰশ্নই কোঙা কৰিছিল তেওঁক । তেওঁটো "জলমবটা" নাছিল ! শৰীৰত  ৰাজ ৰক্ত প্ৰবাহ হৈ থকাৰ পাছতো নিজৰ ৰূপ ; একমাত্ৰ নিজৰ ৰূপৰ বাবেই অনাদৰ আৰু কতযে প্ৰশ্নৰ সন্মুখীন হৈছিল তেওঁ ! পিতৃৰ অৱহেলা, সন্দেহ আৰু অযত্নত সোণৰ চামুচ মুখত লৈও তেওঁ যেন কঙাল পৃথিৱীৰ হতকপলীয়া,  দুৰ্ভগীয়া, দুৰ্কপলীয়া !
জীৱনৰ ৫৫তম বছৰত শিঙৰী ঘৰত নুঠাকৈ হ'লেও ৰাজদণ্ড হাতত লৈছিলহে  ; একালত বৌৱেক ফুলেশ্বৰীয়ে জ্বলাই যোৱা ৰাজনৈতিক তুঁহ জুইৰ কোপে সকলোবোৰ তচ-নচ কৰি পেলালে । ৰাজকাৰেঙৰ পৰা ওলাই  এতিয়া বন্দীত্বৰ বেদনা লৈ  প্ৰাণ ৰক্ষাৰ  কচৰত । তাতোতকৈও আন এটা কথাইহে তেওঁক কৰিছিল অস্থিৰ আৰু ভাৰাক্ৰান্ত । তেওঁৰ বৰ্তমানতে নিজ কুলৰ সন্মানক তেওঁ যে সুৰক্ষা দিব নোৱাৰিলে !

       ঠিক একে সময়তে আক্ষেপ, অপমান আৰু দুখত ৰাজকাৰেঙৰ অন্তেষপুৰত আন এগৰাকীয়ে চটফটাইছে । দুখৰ বোজা সহিব তেওঁ পাৰে কিন্তু, ইমান অপমান সহিব কেনেকৈ !
পালেঙৰ পৰা উঠি ম্লান পোহৰত এফালৰ পৰা আনফালে অহা-যোৱা কৰি কোঠাৰ ভিতৰতে কিবা চিন্তা কৰিলে তেওঁ ।
কিবা এটা কৰিব লাগিব, আহোমৰ কালজয়ী গৌৰৱক এনেকৈ ধ্বংস হ'বলৈ দিব নোৱাৰি । জন্মৰে পৰাই ৰাজনীতিৰ আদিপাঠ শিকি ডাঙৰ হোৱা ৰাজকন্যা তেওঁ । একালত এই আহোমেই গৈ ৰক্ষা কৰিছিল তেওঁৰ পিতৃ ৰাজ্য মনিপুৰ । নিজ মাতৃভূমিক ৰক্ষা কৰাৰ বাবে আজিও স্বামীৰ পৰাক্ৰমক লৈ তেওঁ গৌৰৱ কৰি আহিছে । যি আহোমে এদিন তেওঁৰ পিতৃক উদ্ধাৰ কৰিছিল, তেওঁৰ জন্মভূমিক উদ্ধাৰ কৰিছিল, আজি সেই আহোমৰে বিপৰ্যয়ৰ দিনত  ধ্বংস হ'বলৈ তেওঁ এৰি দিব নোৱাৰে । তেওঁৰ হেৰোৱা আত্মসন্মানতকৈও এতিয়া ডাঙৰ প্ৰত্যাহ্বান  আহোম ৰাজ শাসনৰ মুক্ত ধ্বজাৰ গৌৰৱ ।
মাতৃভূমিক উদ্ধাৰ কৰা আহোমক সু-প্ৰতিদান দিয়াৰ এয়াই উপযুক্ত সময় । তেওঁ পাৰিব, চলে-বলে-কৌশলৰে হ'লেও আহোমৰ গৰিমাক ৰক্ষা কৰি নিজৰ লক্ষ্মিসিংহকে ৰাজ-সিংহাসনত পুনৰ বহুৱাবই লাগিব ।
অলেখ ঘটনা-পৰিঘটনাই তেতিয়া আহি মন-মগজুক চুই গৈছিল তেওঁৰ ।
     কেতিয়াবাজানো ভাবিছিল, অতি শক্তিশালী এটা ৰাজবংশৰ বৰকুঁৱৰী হোৱাৰ পাছতো নিষ্ঠুৰ সময়ে তেওঁক বুৰাই পেলাব ঘন-ঘোৰ অন্ধকুপৰ মাজত !  কেৱল তেওঁ ৰাজৰাণীয়েইনে, তেওঁ আছিল এখন দেশৰ অতি আদৰৰ ৰাজকন্যা যাৰ অলপমান ঠেহ, অলপমান অভিমান আৰু দুখতেই পিতৃ হৈ পৰিছিল বিহ্বল । ৰাজকাৰেঙত তেওঁৰ এধানমান দুখেই শোকৰ জোৱাৰ নমাবলৈ অধিক আছিল । অতি সুন্দৰী ৰাজকন্যা বুলিয়েই পিতৃৰো কিমানযে আনন্দ !
হৰিণী-নয়না সুন্দৰ চকুযুৰীৰ বাবেই নাম ৰাখিছিল "কুৰঙ্গনয়নী" । সেই নামৰেই তেওঁ চিনাকী, এগৰাকী সুন্দৰী, বুদ্ধিমতী ৰাজকন্যা ৰূপে ।

      মাতৃভূমি  মনিপুৰলৈও এসময়ৰ এজাক কাল-ধুমুহা নামিছিল ।  সেয়া ১৭৫৮ খ্ৰীষ্টাব্দৰ কথা ।  ৰাজ-সিংহাসনত তেতিয়া পিতৃদেৱতা ৰজা জয়সিংহ । সেই সময়তে মানে মনিপুৰ আক্ৰমণ কৰাত পিতৃ জয়সিংহ মহাৰাজ উপায়হীন হৈ পৰিছিল । ইংৰাজৰ সহায় লৈ মান খেদাৰ পৰিকল্পনা কৰি সহায় বিচৰাত এদল সৈন্য ইংৰাজে প্ৰেৰণ কৰিও পাছত ৰাজনৈতিক লাভা-লাভৰ অংকত আধা বাটৰপৰাই সেই সৈন্যদল উভতাই নিছিল । কছাৰী ৰাজৰ সহায় বিচাৰিয়ো তেওঁ সুফল নাপালে । অৱশেষত যেতিয়া সহায় বিচাৰি অসম পাইছিলহি তেতিয়া ৰাজধানীৰ ৰাজ-সিহাসনে তেওঁক বিমুখ নকৰিলে ।
এইখনেই সেই সিংহাসন যিখনে এদিন মনিপুৰক ৰক্ষা কৰিছিল । এইখনেই সেইখন, যিখন সিংহাসনত তেতিয়া বহি থকা তেওঁৰ স্বৰ্গগামী স্বামী স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই পিতৃ জয়সিংহক নিৰ্ভয় প্ৰদান কৰিছিল । মানৰ ত্ৰাস আৰু নিষ্ঠুৰতাক নাশিবলৈ এদিন তেওঁৰেই স্বামীয়ে হৰনাথ ভিতৰুৱাল ফুকনৰ অধীনত ৪০, ০০০ সৈন্য দি পঠিয়াই দিছিল মনিপুৰলৈ ।
দুৰ্গম পথ ভেদি, অলেখ লতা কাটি অসমৰ সৈন্যদল আগবাঢ়িছিল মনিপুৰলৈ । নানান বেমাৰ-আজাৰ, সৰ্প-দংশন, নগাৰ আক্ৰমণত বহুতো সৈন্যই বাটতে প্ৰাণ ত্যাগো কৰিছিল । তথাপি প্ৰাণৰ মমতালৈ নাচাই তেওঁলোক আগবাঢ়িছিল মনিপুৰলৈ ।
কিন্তু কি আচৰিত, অসম সৈন্যৰ আগমনৰ বাৰ্তাটোৱেই যেন মানৰ বাবে আছিল ৰণৰ দৰে । অসম সৈন্য অহাৰ খবৰ শুনিয়েই মান সৈন্য পলাই পত্ৰং দিছিল । পুনৰ মনিপুৰৰ ৰজা হৈছিল জয়সিংহ । আহোম সেনা উভতি আহিছিল ।
দুৰ্যোগে কিন্তু তেতিয়াই মনিপুৰক এৰি যোৱা নাছিল । অসম সেনা উভতি যোৱাৰ খবৰ শুনিয়েই পুনৰ  আক্ৰমণ কৰিছিল মানবোৰে ।

      স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই এইবাৰ  গেন্ধেলা বৰ-বৰুৱাৰ নেতৃত্বত পুনৰ পঠিয়াইছিল অসম সৈন্যৰ এটা দল । বাটৰ লতা কাটি পুনৰ আৰম্ভ হৈছিল অভিযান । বুৰঞ্জীয়ে আজিও সোঁৱৰে অসমীয়া বীৰৰ সেই পৰাক্ৰমৰ কথা । "লতা-কটা ৰণ" নামে আজিও বুৰঞ্জীৰ পাতত নাম জিলিকে  মনিপুৰ অভিযানৰ সেই বিজয় গাথা ।
ৰণ সেইবেলিও হোৱা নাছিল । হোৱা নাছিল আহোম আৰু মানৰ মাজত তেতিয়া কোনো ৰক্তপাত । মাথো যাদুলগা "অসম সেনা" নামৰ শব্দটোৰ পুনঃ আগমণৰ কথাতেই আকৌ এবাৰ পলায়ন কৰিছিল মান ।
অসম আৰু স্বৰ্গদেউৰ ওচৰত পিতৃদেৱ কৃতজ্ঞ হৈ পৰিছিল । সেই কৃতজ্ঞতাৰ চিন স্বৰূপেই নিজৰ অতি আদৰৰ কন্যাৰত্নক  তুলি দিছিল স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ হাতত ।
মনিপুৰত অসম সেনাৰ সফলতাই গঢ় দিছিল এডাল নতুন এনাজৰীৰ ; সম্প্ৰীতি আৰু সদভাৱনাৰ । সেই কীৰ্তিয়ে আন এজনৰ জীৱনলৈকো লৈ আনিছিল নতুনত্ব । লতা কটা ৰণৰ দ্বিতীয় পৰ্বৰ সফল সমাপনৰ পাছত উৎসাহৰ ঢৌৱে স্বৰ্গদেউক কৰিছিল আহ্লাদিত । সেই ৰণৰ সেনাপতি "গেন্ধেলা" স্বৰ্গদেউ প্ৰদত্ত নতুন নামৰে বুৰঞ্জীত জিলিকি উঠিছিল‌ "কীৰ্তিচন্দ্ৰ বৰবৰুৱা" নামে ।
কুৰঙ্গনয়নীক লাভ কৰাৰ আপাহৰ সেই ঢৌ ইমানেই প্ৰবল হৈ ওপৰলৈ উঠিছিল যে পাছলৈ "কীৰ্তিচন্দ্ৰ" নামৰখা অভিমানী গেন্ধেলাই সেই ঢৌক জোৱাৰলৈহে পৰিৱৰ্তন কৰিছিল । তাতে পৰি গৈছিল বহু যুগৰ সৌৰ্যৰ এক বিশাল অধ্যায় ।

         ৰাজধানীৰ ৰাজপ্ৰাসাদ তেতিয়া কুৰঙ্গনয়নীৰ আগমনত আৰু জিলিকি উঠিছিল । মনিপুৰী ৰাজকন্যাই বিমুগ্ধ কৰিছিল স্বৰ্গদেউৰ মন । ডা-ডাঙৰীয়া সকলোৱেই স-সন্মানে আদৰি লৈছিল ন-কইনা মনিপুৰী সেই ৰাজকন্যাক । ‍মনিপুৰৰ পৰা আহি অসমৰ ৰাজ-অন্তেষপুৰত সোমোৱা মনিপুৰী কন্যাই তেতিয়াই বুজিছিল আহোমৰ মন, আহোমৰ উদাৰতা । অন্য জাতি-অন্য দেশ-অন্য ভাষী হোৱাৰ পাছতো তেওঁকযে কিমান আদৰ আৰু সন্মান কৰিছিল তেওঁলোকে !
বৰ অসমৰ সপোন দেখা মহাপ্ৰতাপী স্বৰ্গগত স্বৰ্গদেউ ৰুদ্ৰসিংহৰ বোৱৰী হৈ অহা মনিপুৰী ৰাজকুঁৱৰীজনী অসমৰ হৈ পৰিছিল বৰ-কুঁৱৰী । ক'তো কোনো বাধা নাছিল, নাছিল ক'তো কাৰো আপত্তি । নিজ ইচ্ছাৰে নিজৰ নামত তেওঁ এটা পুখুৰীও খান্দিব পাৰিছিল ; কাৰোৰে আপত্তি নাছিল ।
সেই কালত মনিপুৰক অসমীয়াই "মগলু" বা "মগলৌ" নামে জানিছিল । সেয়ে তেওঁৰ নামত খন্দোৱা সেই পুখুৰীৰ নামাকৰণ ঘটিছিল "মগলৌ পুখুৰী" নামে । আৰু পিতাকে লগত পঠিওৱা মানুহখিনিক সৌ দিচৈৰ পাৰত ৰখোৱা হৈছিল বাবে ঠাইখনে নাম পাইছিল "মগলুখাত" । স্বৰ্গদেউৰ আনন্দই তেওঁৰ হৰণী নয়নত জিলিকি উঠাইছিল চন্দ্ৰমা । কপালত জিলিকাইছিল দগমগিয়া এটা ৰঙা ফুঁট ।

    সুখৰে নধৰা হৈছিল নতুন জীৱনৰ সেই নতুন সময় ; আজি মুক্ত সেই ৰাজকাৰেঙেই হৈ পৰিল অনাসক্ত জীৱনৰ কুটিল অন্ধকুপ ।
কত সোনালী মধুৰ দিন, আজি মাথো স্মৃতি আৰু বিষাদে ধোৱা অতীত কথা । মৌন তেওঁ, নাই জীৱনৰ কোনো ছন্দ । এন্ধাৰ ক'লা এটা মন, তাতে ঘনে-ঘনে তেজ লগা ৰক্তৰ জিঘাংসা  । দেওলগা কেঁচাইখাতী গোঁসানীৰ জাগ্ৰত শক্তি ; তেওঁক লাগিব ।  তেওঁ নাচিব, দেওধনী উঠিব....... নিকা হ'ব ৰাজকাৰেঙৰ চোতাল । সৰ্বনাশ কৰি পেলাব তেওঁ ।

                                       🚩(আগলৈ)

                     ➖➖➖➖➖➖
                         
                         ◀ খণ্ড : ২
                     
          বিষ-বৃক্ষৰ পুলিটো ফুলেশ্বৰীয়েই ৰুইছিল । তাকো এটাই নহয়, বহুত । দেৰগাঁৱৰ সাধাৰণ এজনী নাচনী ফুলমতীৰ  পৰা স্বৰ্গদেউ শিৱ-সিংহৰ ৰাজমহিষী ফুলেশ্বৰী হোৱাৰ সেই অনাকাংক্ষিত বিজয়ে নাচনী ফুলমতীৰ উচ্চাত্মিকা আৰু অহংকাৰৰ পৰিধিক অতিক্ৰম কৰাইছিল ।
সেই উচ্চাত্মিকাৰ ঢৌ ইমানেই ওপৰলৈ উঠিছিল যে পূজা-পাঠত ব্যস্ত স্বামীক চল আৰু চাতুৰীৰে বহুৱাই নিজে হৈ পৰিছিল আহোম ৰাজ-সিংহাসনৰ প্ৰথম মহিলা অধিস্থাত্ৰী । প্ৰথমে ফুলমতীৰ পৰা ফুলেশ্বৰী হোৱা ফুলমতী ৰাজ-সিংহাসনত উঠি এইবাৰ হৈ পৰিল বৰৰজা "প্ৰথমেশ্বৰী" ।
একালত সদা দৰিদ্ৰতাৰ জলঙাৰে আকাশৰ তৰা গণা নাচনী ফুলমতী ৰাজকাৰেঙৰ সৰ্বে-সৰ্বা হোৱাৰ পাছত হৈ পৰিছিল মদমত্ত, ক্ষমতাপন্ন । ক্ষমতাৰ ৰাগিত ভুজঙ্গ ৰূপ লোৱা প্ৰথমেশ্বৰীৰ ঈৰ্ষা আৰু মদমত্ততাৰ বলি হৈছিল সেই সময়ৰ বৈষ্ণৱপন্থী মোৱামৰীয়া মহন্ত আৰু তেওঁলোকৰ শিষ্যগণ । নিজে শাক্তপন্থী হোৱাৰ বাবেই মোৱামৰীয়া মহন্তসকলৰ প্ৰতি থকা বিদ্ধেষৰ অগনিত ক্ষুণ্ণ ফুলেশ্বৰী ওৰফে প্ৰথমেশ্বৰীয়ে দূৰ্গাপূজালৈ মাতি আনি মহন্তসকলক বলিকটা তেজৰে ফোঁট দিয়ালে ।
সেই ঘোৰ অপমানৰ প্ৰতিফলন ঘটি পৰৱৰ্তী কালত সূত্ৰপাত হৈছিল অসমৰ ৰাজনৈতিক ইতিহাসত প্ৰথম বাৰলৈ  আহোমৰ বিৰুদ্ধে চলা বিশাল গণ বিদ্ৰোহৰ ।
তাৰে প্ৰতীক্ষাত সুযোগ আৰু সুবিধাৰ বাবে মোৱামৰীয়াসকল বাটচাবলগা হৈছিল লক্ষ্মীসিংহৰ শাসন কাললৈ ।

       ৰাজেশ্বৰ সিংহৰো দোষ আছিল । লতাকটা ৰণত সফলহৈ কুৰঙ্গনয়নীক আনি গেন্ধেলাই  সমৰ্পণ কৰাৰ পাছত গেন্ধেলাই নাম পাইছিল কীৰ্তিচন্দ্ৰ বৰবৰুৱা । গেন্ধেলা গুচি কীৰ্তিচন্দ্ৰ হৈ তেওঁ হৈ পৰিছিল ৰাজবল্লভ ; এজন অতি ক্ষমতাশালী লগতে অহংকাৰসৰ্বস্ব অভিমানী ৰাজ- আমোলা । বিষয়-বাসনাত মত্ত ৰজাৰ  সুবিধাবাদী এইজন ৰাজ বিষয়াৰ নেতৃত্বই প্ৰজাক অতিষ্ট কৰি তুলিছিল । একালত মহন্তসকলক ফুলেশ্বৰীয়ে দংশি যোৱা ক্ষতৰ সেই ঘাঁ কীৰ্তিচন্দ্ৰৰ অত্যাচাৰে ক্ৰমে বহলাইছিল ।

        স্বৰ্গদেউ ৰুদ্ৰ‍সিংহৰ পাঁচজন ভায়েক আছিল । জীৱনৰ অন্তিম সময়ত ৰুদ্ৰসিংহই পুত্ৰগণক এজনৰ পাছত এজন ৰাজা হ'বলৈ বাইক দি যোৱাত তেওঁৰ পাছত শিৱসিংহ, প্ৰতাপ সিংহ, ৰাজেশ্বৰ সিংহ ৰজা হৈছিল । ১৭৬৯ খ্ৰীষ্টাব্দত ৰাজেশ্বৰ সিংহ স্বৰ্গী হোৱাত সেই একে বছৰতে কীৰ্ত্তিচন্দ্ৰৰ কৌশলতে ৰাজপাতত আৰোহণ কৰিছিল স্বৰ্গদেউ লক্ষ্মীসিংহই । এইজন স্বৰ্গদেউৱেও ৰাজকাৰ্যৰ ভাৰ কীৰ্ত্তিচন্দ্ৰকে সঁপি দি নিজে হৈ পৰিছিল সুখমত্ত ।
সেই সময়তে দুটা ঘটনা ঘটিছিল ।
এবাৰ লক্ষ্মীসিংহ স্বৰ্গদেউ নাৱেৰে ফুৰিবলৈ গৈছিল বৰবৰুৱাৰ লগত । নৈৰ পাৰতে লগ পালে মোৱামৰীয়া মহন্তক । মহন্তই ৰজাক সেৱা জনালে কিন্তু কীৰ্তিচন্দ্ৰক নজনালে । অহংকাৰী কীৰ্তিচন্দ্ৰ ইয়াতে ৰুষ্ট হ'ল । অহংকাৰে গঢ় দিয়া দম্ভৰ যোৰত অকথ্য গালিৰে থকা-সৰকা কৰি মহন্তক অপদস্হ কৰি পেলালে ।

ইয়াৰ পাছৰ ঘটনা । ঘটনাটো ঘটিছিল ১৭৬৯ খ্ৰীষ্টাব্দৰ অক্টোবৰ মাহত ।
নাহৰ নামেৰে এজন মৰাণ নেতা আহিছিল ৰজাক হাতী দিবলৈ । নাহৰ আকৌ মোৱামৰীয়া মহন্তৰো শিষ্য । হাতী দিবলৈ আহি ভিতৰলৈ যোৱা নাহৰে ৰজাক সেৱা জনালে কিন্তু, বাহিৰত থকা স্বেচ্ছাচাৰী কীৰ্তিচন্দ্ৰক সেৱা নকৰাত তেওঁ অসন্ত্তষ্ট হৈ হাতীকেইটাৰ নানান দোষ উলিয়াই নাক কাটি নাহৰক পঠাই দিলে ।
ঘটনাটোৱে মোৱামৰীয়া মহন্ত আৰু মৰাণসকলক গভীৰ দুখ দিছিল । অতীজৰেপৰাই আহোম আৰু মৰাণৰ মাজত বিশেষ কোনো সংঘাত নাছিল কিন্তু, নাহৰ কাণ্ডই তেওঁলোকক বিদ্ৰোহী কৰি তোলাত ৰাজ-বিদ্ৰোহৰ পৰিকল্পনাৰে মোৱামৰীয়া গুৰুৰ তেওঁলোকে আজ্ঞা বিচাৰিলে ।
ইফালে শিৱসিংহৰ দিনৰেপৰাই নানান নিগ্ৰহ ভোগ কৰি অহা ক্ষুণ্ন মহন্তসকলৰো ধৈৰ্যৰ সীমা অতিক্ৰম ঘটিছিল । সেইজনা স্বৰ্গদেউৰ সময়ৰে পৰা ক্ৰমাৎ দুৰ্বল হৈ অহা ৰাজনৈতিক শক্তিৰ বিপৰীতে ক্ৰমান্বয়ে শক্তিশালী হৈ উঠিছিল মোৱামৰীয়াসকল ।
কীৰ্ত্তিচন্দ্ৰৰ অত্যাচাৰত আগৰেপৰাই অসন্তুষ্ট মোৱামৰীয়া মহন্তৰ গুৰুৱে এইবাৰ আহোম শাসনৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হোৱাৰে পোষকতা কৰি তেওঁৰ পুত্ৰ গাগিনী ওৰফে ডেকা মহন্তকো বিদ্ৰোহীৰ সং ল'বলৈ ক'লে । লগতে, আহোম ৰাজ্যক সম্পূৰ্ণভাবে ধ্বংস নকৰিবলৈকো উপদেশ দিলে ।  অসমৰ বিভিন্ন স্থানত বিয়পি থকা মোৱামৰীয়া শিষ্যসকলে গুৰু আজ্ঞা বুলি জাকে-জাকে  বিদ্ৰোহী হৈ  উঠিছিল । ইফালে ৰুদ্ৰসিংহৰ তৃতীয় পুত্ৰ মোহন মালা গোঁহাই আৰু ৰাজেশ্বৰ সিংহৰ দুই পুত্ৰ চাৰু সিংহ আৰু ৰত্নেশ্বৰো আহি বিদ্ৰোহীৰ শিবিৰত যোগ দিলে ।
     মূল বিদ্ৰোহৰ আগে-আগে দুই-এক অবাঞ্চিত ঘটনাক ৰজাঘৰে বৰ বেছি গুৰুত্ব দিয়া  নাছিল । আনহে নালাগে মূল বিদ্ৰোহৰ আৰম্ভণিতো শান্তিৰে সমস্যা সমাধানৰ পৰামৰ্শ ডা ডাঙৰীয়াসকলে দিছিল । কিন্তু দম্ভ কীৰ্ত্তিচন্দ্ৰই ওলোটা বুজিলে ।
"একালত মোগলক বহুবাৰ পৰাস্ত্ৰ কৰা আহোমে গোঁসাই-মহন্তৰ লগত মৰাণে সং দিয়া সাধাৰণ এখন বিদ্ৰোহক ভয় কৰিবনে !"--- কীৰ্ত্তিচন্দ্ৰই তেনেকৈয়ে বুজিছিল । কিন্তু পাঁচশটা বছৰে আহোমক ৰঙাচকু দেখুৱাবলৈ সাহ নকৰা অসমৰ জনগণে পোন-প্ৰথমবাৰৰ বাবে কৰা বিদ্ৰোহ যে কিমাণ ভয়ংকৰ হ'ব পাৰে সেয়া তেওঁ নুবুজিছিল । দম্ভ-অহংকাৰৰ গধুৰ বোজালৈ তেওঁ নাজানিছিল জীৱনৰ কাল-চক্ৰৰ সময়বোৰ তেওঁৰ বাবে বৰ খৰকৈ ঘূৰিছে ।

      বিদ্ৰোহ আৰম্ভ হ'ল । অসমৰ সৰ্বত্ৰে গৰজি উঠিছিল আহোম ৰাজ-শাসনৰ বিৰুদ্ধে জনতাৰ সমস্বৰ হুংকাৰ ; আহোমৰ ৰাজ-ইতিহাসত ৰজাৰ বিৰুদ্ধে হোৱা প্ৰথমটো গণ আন্দোলন "মোৱামৰীয়া বিদ্ৰোহ" ।
বিদ্ৰোহক দমন কৰিবলৈ  চৈধ্য হাজাৰ শক্তিশালী সেনাক সেনাপতি হৰনাথ ফুকনৰ নেতৃত্বত নিয়োগ কৰা হ'ল । বৰবৰুৱাই পিচে জনাই নাছিল, জনতাৰ সেই আন্দোলনত ৰাজঘৰতেই লুকাই আছে চোৰাংচোৱাৰ দল ।
বিদ্ৰোহ দমনৰ সকলো পৰিকল্পনা বিদ্ৰোহীৰ নখ-দৰ্পনলৈ যাব পৰা শক্তিশালী যোগাযোগে শলঠেকত পেলাইছিল চৰকাৰী ৰণকৌশল । ইফালে বিদ্ৰোহ দমনৰ বাবে ওলাই যোৱা বহু সৈন্য মোৱামৰীয়াৰ শিষ্য হোৱাত গুৰুৰ বিৰুদ্ধে অস্ত্ৰ নলৈ তেওঁলোকৰ শিবিৰত গৈ ওলোটাই তেওঁলোকে যোগহে দিছিল ।
সকলো ৰাজ-পৰিকল্পনাক বিফল ঘটাই বিদ্ৰোহীসকলে এফালৰ পৰা গণ বিক্ষোভ সাব্যস্ত কৰি আগবাঢ়িল । ৰাজ প্ৰতিৰক্ষাক বিফল কৰি তেওঁলোকে পুৰণি ৰাজধানী গড়গাঁও দখল কৰিলে আৰু ৰাঘৱ মৰাণৰ নেতৃত্বত ৰাজধানী ৰংপুৰলৈ বুলি বিদ্ৰোহীৰ দল আগুৱাই গ'ল ।
       সংকটে ঘৰি ধৰা জটিল পৰিস্থিতিত বৰবৰুৱাই মোৱামৰীয়াৰ শক্তি বুজি পাইছিল যদিও, তেতিয়ালৈ সময় বহু পলম হৈ গৈছিল । উপায়হীন অৱস্থাত ১৭৬৯ খ্ৰীষ্টাব্দৰ ২১ নৱেম্বৰত স্বৰ্গদেউ লক্ষ্মীসিংহ, কীৰ্ত্তিচন্দ্ৰ আৰু আন কেইজনমান ডা ডাঙৰীয়াই পলায়ন কৰিছিল  কিন্তু, সময়ে তেওঁলোকক সহযোগ নকৰিলে । ৰাঘৱৰ নেতৃত্বত চাৰিশমান বিদ্ৰোহীয়ে সকলোকে বন্দী কৰি পেলাইছিল ।

     ৰজা আৰু আমোলাসকলৰ বিচাৰ চলিল । বিচাৰত, কীৰ্ত্তিচন্দ্ৰ, তেওঁৰ পুত্ৰ আৰু আমোলাসকলৰ মৃত্যুদণ্ডৰ ঘোষণা হ'ল । সৌভাগ্যক্ৰমে মায়ামৰা মহন্তৰ হস্তক্ষেপত লক্ষ্মিসিংহই মৃত্যুদণ্ডৰ পৰা ৰেহাই পালে যদিও জয়দ'লত বন্দী হৈ থাকিল ।
ইফালে ৰজাৰ শোচনীয় পৰাজয়ৰ পাছত মোৱামৰীয়াৰ সং লোৱা মোহনমালা, চাৰু আৰু ৰত্নেশ্বৰক বিদ্ৰোহীয়ে হত্যাহে কৰিলে ।
গাগিনী ৰাজপাটত বহিল আৰু ৰাঘৱ হৈ পৰিল বৰবৰুৱা ।
ৰাজকুমাৰত্ৰয়ৰ হত্যা আৰু পুতেক গাগিনীয়ে ৰাজপাটত বহা কাৰ্যত মোৱামৰীয়া মহন্ত অসন্তুষ্ট হয় । কিছুদিনৰ পাছতেই গাগিনীক সিংহাসনৰ পৰা নমাই নাহৰৰ পুতেক ৰমাকান্তক ৰজা পাতা হ'ল । লংকালৈ গৈ ৰাৱন হোৱাৰ দৰেই বৰবৰুৱাৰ বিষয়লৈ ক্ষমাতাপন্ন হোৱা ৰাঘৱে আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ বৰ-কুঁৱাৰী কুৰঙ্গনয়নীক বলৰে নিজৰ পত্নী কৰি ল'লে । ডা-ডাঙৰীয়াসকলৰ পত্নী-কন্যা বহুতকে মৰাণৰ নেতাবোৰে নিজৰ কৰিলে । অসমৰ ৰাজ ইতিহাসত জিলিকি থকা আহোম ৰাজ শক্তিক  ক্ষমতাই মূৰত ধৰা কিছুমান ৰাজ বিষয়া আৰু  বিষয়াকে এৰি দি সিংহাসনৰ সুখলোৱা দুজনমান ৰজাৰ দুৰ্বল ভূমিকাই ধ্বংসৰ মুখলৈ ঠেলিলে ।
                                                    🚩 আগলৈ

                         ◀খণ্ড : ৩

     জীৱনটো হেনো ৰথৰ চকৰীৰ দৰে ; কেতিয়াবা ওপৰলৈ উঠে আৰু কেতিয়াবা তললৈ নামি জীৱনলৈ পতন আনে ।  ৰাজকন্যাৰ পৰা অসম দেশৰ বৰকুঁৱৰী হৈ অন্তেষপুৰ সোমোৱালৈকে সময়ে সৌভাগ্যৰ বৰপেৰা তেওঁলৈ উন্মুক্তই ৰাখিছিল । সেই অন্তেষপুৰে তেওঁক এতিয়াও ত্যাগ কৰা নাই ; সময়ে মাথো বিৰাম্বনা আনিছে । কিন্তু, তেওঁটো ৰাজকন্যা । ৰাজনীতিৰ আদিপাঠ  জন্মৰে চিনাকী তেওঁৰ ।বলেৰে নোৱাৰা কাম চলনাৰে কেনেকৈ কৰিব লাগে সেয়া তেওঁ জানে । কিবাকৈ হ'লেও ৰাঘৱৰ পৰা আজিও তেওঁ নিজক বচাই ৰাখিছে ; আৰু কিমান দিন পাৰিব !
বেছি বেয়া লাগিছে, তেওঁৰেই সতিনী ৰূপৱতী আৰু ভুৱনেশ্বৰীৰ বাবেহে । দুইজনীকেই বলৰে নাহৰে চপাই লৈছিল।

     কিবা এটা কৰিব লাগিব ........
অসমৰ আৰু অসমৰাজৰ এনে দুৰ্যোগ কালত হাত সাবতি বহি থাকিব নোৱাৰি । স্বামীৰ মৃত্যুৰ পাছত তিনিগৰাকীকৈ ৰাজৰাণীৰেই যদি এই অৱস্থা তেনেহলে চাগৈ দেশৰ সাধাৰণ তিৰোতাবিলাকৰ আজি কি গতি হৈছে ; কুৰঙ্গনয়নীয়ে এবাৰ ভাবিলে ।
ক্ষমতা আৰু বাহুবলত মাতংগ  হোৱা ৰাঘৱ আৰু নাহৰে এতিয়া পাহৰি পেলাইছে অসমীয়া নাৰীৰ সন্মান । বাহুৰ বলত অন্ধ ৰাঘৱে হয়তো নাজানে আঘাটপ্ৰাপ্ত ফণী অতি ক্ষুব্ধ নাৰী কিমান ভয়ানক !
কিবা এটা সোনকালেই ঘটাব লাগিব । দেশত দেও লম্ভিছে যেতিয়া এতিয়া সেই দেও নাৰীয়েই খেদিব লাগিব ; সেয়া প্ৰকৃতিৰেই নিয়ম ।
যেতিয়া সকলোবোৰ পথেই ৰুদ্ধ হৈ পৰে তেতিয়া ধ্বংসৰ মাজেৰে সৃষ্টিৰ বাবে জাগ্ৰত হয় নাৰী । সেই কালী, সেই দুৰ্গা, সেই কেঁচাইখাঁতী গোঁসানী আকৌ জাগিব লাগিব ।
অত্যাচাৰ আৰু অনাচাত কুলুষিত ৰাজকাৰেঙক ৰক্তৰে চাফা কৰি অসমত পুনৰ আহোমৰ ৰাজত্ব প্ৰতিষ্ঠা কৰিব লাগিব ।

      ব'হাগলৈ আৰু বেছিদিন নাই । ব'হাগ পালেহি । প্ৰকৃতিৰ নতুনত্ববোৰে প্ৰকৃতিখনকে পুলকিত কৰিছে । দেওলগা ৰাজকাৰেঙতো নতুনত্ব আহিলেও তাত বন্দী মানুহবোৰ আৰু দেশৰ জনতাক সেই নতুনত্বই আজি পুলকিত কৰিব পৰা নাই ।
বিশাল কোঠাটোৰ কেইবাটাও প্ৰান্তত জ্বলি থকা মাটি চাকিৰ পোহৰে অন্তেষপুৰৰ বিষাদৰ বৃহৎ ঢৌবোৰৰ সতে তেতিয়া যুঁজি আছিল । আন্ধাৰ আৰু পোহৰৰ সেই যুঁজত ক্লান্ত প্ৰজ্বলিত দ্বীপশিখাবোৰ মাজে-মাজে কঁপি উঠে । সন্তৰ্পণে শেতেলিৰ পৰা নামি কোঠাটোৰ চাৰি-বেৰৰ মাজৰ মুক্ততাত কুঁৱৰীয়ে তেতিয়া বিচাৰিছিল ৰাজপথৰ  মুক্ত গতিৰ উন্মুক্ততা ।

     কোঠাটোৰ নিঃসঙ্গতা ভাঙি খৰ খোজৰে এজনী লিগিৰী সোমাই আহিছে ; বহু পুৰণি আৰু বিশ্বস্ত লিগিৰী তাই ।
: আইদেউ......আইদেউ ---- অস্ফুট ধ্বনীৰে যেন কুৰংগনয়নীক লিগিৰীজনীয়ে সতৰ্কহে কৰি দিবলৈ আহিছে ।
তেওঁ বুজিলে, নিশ্চয় কোনো গোপন সংবাদ লৈয়ে লিগিৰীৰ আগমন ঘটিছে ।
: বাহিৰত ৰামকৃষ্ণই এজন মানুহ লৈ আদেশৰ বাবে ৰৈ আছে । --- লিগিৰীয়ে ক'লে ।
কুঁৱৰীয়ে কিবা এটা ভাবিলে । অলপ চিন্তা কৰি তুলাপাতত কিবা অলপ লিখি লিগিৰীৰ হাতত পঠাই দিলে ।
তেওঁ ভাবে, ভৱিষ্যতৰ সুৰক্ষা আৰু মুক্তিৰ স্বাৰ্থত সেই সিদ্ধান্ত লোৱাটো তেওঁৰ ভুল হোৱা নাই । সময়ৰ আহ্বানক নামানি সময়ৰ শৰ সময়ত নামাৰিলেই বিপদ নিশ্চিত । গতিকে ৰজা-প্ৰজা আৰু দেশৰ মংগল এই সিদ্ধান্তইহে অসমলৈ কঢ়িয়াব পাৰিব ।
তাৰে আশাত ইচ্ছাবোৰক  কালৰ বুকুলৈ এৰি কুৰঙ্গনয়নীয়ে কাষত জ্বলি থকা চাকিটোলৈ চালে । একোবত শিখাটো বৰকৈ জ্বলি উঠিছে...........

                                               (🚩আগলৈ)


                 ---------------------------

                        ◀খণ্ড : ৪

দেশে কান্দিছে ।
অসমৰ এটি বৃহৎ অন্তঃকন্দলৰ বিষময় পৰিণতিত থৰক-বৰক হোৱা ৰাজ-সিংহাসনৰ দুৰ্বলতাৰ সুযোগ লৈ ক্ষমতাৰ  ৰাগিত মতলীয়া  একাংশ ৰাজ-বিষয়াৰ দপদপনিৰ বাবেই সমগ্ৰ দেশে কান্দিছে । তাৰে লগে-লগে দেশত বাঢ়িছে দুৰ্ভিক্ষ ।
এই সকলোবোৰৰ মাজতো আকৌ আহিছে ব'হাগ । ৰাইজৰ সুখ নাই, তথাপি বিহু । নিশা ভৰ পৰলৈকে ঢেকিৰ শব্দ নাথাকিলেও ব'হাগ আহিবই আৰু ব'হাগ বুলিলেই হিয়াৰ ক'ৰবাত নহয় কৰ'বাত অসমীয়াৰ প্ৰাণে নাচিবই ।
আগন্তুক বিহু বুলি মোৱামৰিয়াৰ হৈ বিদ্ৰোহ কৰা মৰাণবিলাকো শিবিৰ এৰি ঘৰলৈ বুলি টোপোলা বান্ধিছে । এইবোৰৰ মাজতেই বহু প্ৰত্যাশিত এটি দিনৰ বাবেই বাট চাইছে ৰাজমহিষী কুৰঙ্গনয়নী আৰু কেইজনমান আহোম ব্যক্তিয়ে ।

     ৰাজ কাৰেঙৰ পৰা বিশেষ ধৰণে আৰু সংগোপনে অভিসন্ধি চলিয়েই আছিল । ৰামকৃষ্ণ, যাদকৃষ্ণ তামুলী, মজিন্দাৰ আদি  কেইজনমান অতি বিশ্বস্ত মানুহৰ সহায়ত আহোমৰ হেৰোৱা ক্ষমতাক পুনৰ উজ্জীৱিত কৰিবলৈ চেষ্টা কৰিছিল মণিপুৰী নন্দিনী কুৰঙ্গনয়নীয়ে । তেনে সময়তে ব'হাগ অহাত মৰাণ লোকসকল ঘৰে-ঘৰে যোৱাৰ সুযোগ লাভ কৰিবলৈ আৰু অভীষ্ট সিদ্ধিৰে দেশক ৰক্ষা কৰিবলৈ কৰা ষড়যন্ত্ৰক পূৰ্ণ ৰূপ দিয়াত সকলো সাজু হৈ পৰিল ।

     ব'হাগ আহিল । সেইদিনা আছিল ১৭৭০ খ্ৰীষ্টাব্দৰ ১৪ এপ্ৰিল । ব'হাগৰ প্ৰথম দিনটোক দুখ আৰু সুখৰ মাজৰে আদৰিলে সকলোৱে । অপেক্ষা আছিল দিনটোৰ অন্তত নামি অহা সেইদিনাৰ বিশেষ  এন্ধাৰখিনিৰ । বহু প্ৰত্যাশিত সেই এন্ধাৰখিনিয়ে হয়তো কঢ়িয়াব পাৰে শেষ ভৰষাৰ থল ।
কাৰেঙৰ গৱাক্ষদি অস্তাচলৰ আকাশলৈ ৰাজ-মহিষীৰ ঘনে-ঘনে চকু । সূৰ্যদেৱে যেন সেইদিনা তেওঁৰ গতি মন্থৰ কৰিছে ! তথাপি বহুতো আশা বান্ধি থোৱা মন টোপোলাটোকে সাৰথি কৰি তেওঁ অপেক্ষা কৰিলে সূৰ্যাস্তৰ পাছৰ সময়খিনিক পোৱাৰ বাবে । অপেক্ষা কৰিলে দ্বাৰপাল আৰু বহুতে ।
      এসময়ত দিনটোৰ শেষ পোহৰ দি সূৰ্যদেবো যাবলৈ ওলাল । কুৰঙ্গনয়নীয়ে দেখিলে পশ্চিমৰ ৰক্তাভ আকাশৰ কিৰণবোৰে কলীয়া ডাৱৰবোৰক ফালি এক ৰহস্যময় ছবি আঁকিছে আকাশৰ অন্তিম দিশে । ওৰণিখন টানি প্ৰাণদায়ী শক্তিমন্ত অংশুমানক সেৱা জনাই শক্তি বিচাৰিলে ; নিজৰ বাবে, দহৰ বাবে আৰু দেশৰ বাবে ।
        বাহিৰত পোহৰবোৰ কমি আহিছে । তিমিৰ ক'লাবোৰে নিশাটোৰ বাবে সাৰে থাকিবলৈ সাজু হৈছে ৰাজভৱনটোৰ চৌদিশে । আজিৰ আন্ধাৰবোৰত ৰাজ-কুঁৱৰীয়ে বিচাৰিব খোজে তেজ লগা বিজয়ৰ সংবাদ । এই অন্ধকাৰেই হওক বিজয়ৰ স্বৰ্ণিল কিৰণ ! এই অন্ধকাৰেই মুক্ত কৰক শ-শ বছৰ পুৰণি পৰাক্ৰম আৰু গৌৰৱৰ ধ্বজ । তাৰ বাবে তেওঁ প্ৰাণৰ বাবে কোনো চিন্তা নাই, নাই কোনো জীৱনৰ মোহ । মাথো এখন দেশৰ বৰৰাণী হোৱাৰ সৌভাগ্যখিনীৰ বিপৰীতে বিপদকালত নিজৰ কৰ্তব্য তেওঁ কৰি যাব ।

     লিগিৰীজনী কোঠাটোলৈ ক্ষিপ্ৰতাৰে সোমাই আহিল ।
: আইদেউ, সাজু হ'বৰে হ'ল। সকলো সাজু, আহিব লৈছে বুলি খবৰ পঠাইছে ।
কুৰঙ্গনয়নীয়ে এবাৰ আকাশলৈ চালে । দুই-এটা তৰা জ্বলিছে । আন্ধাৰবোৰো নামি আহিছে সদম্ভে । তাৰ বাবেই কিমান আলোচনা, কিমান যে প্ৰত্যাশা !
অদূৰত এটা শব্দ শুনা গ'ল, হয়তো আহিছে ! শব্দবোৰ ক্ৰমে আগুৱাই আহিছে ৰাজমহলৰ দিশে । বহুতো মানুহৰ সমদলত সৃষ্টি হোৱা শব্দ-ব্ৰহ্মই আজি নিপাত কৰক অত্যাচাৰ আৰু অন্যায়ে গঢ় দিয়া বিশাল পাহাৰ ।
হয়, মানুহবোৰ আহিছে । আগবাঢ়িছে ৰাজমহলৰ ফালে । এটা সময়ত শব্দবোৰ পদুলিৰ মূৰত আহি ৰ'ল ।
"এক প্ৰমানন্দে.........হৰিব'ল" । --- মানুহখিনিয়ে সমস্বৰে ধ্বনি দিলে ।
বাপতি সাহোন ব'হাগৰ হুচৰি দল । মনৰে নহ'লেও দেশৰ স্বাৰ্থত ৰজাক আশীৰ্বাদ দিয়াৰ চলৰে কাৰ্যসিদ্ধিৰ বাবে হুচৰি গাবলৈ তেওঁলোক আহিছে ।
আগমনৰ বাৰ্তা পাই ৰাঘৱক বাহিৰলৈ উলিয়াই নিবলৈ কুৰঙ্গনয়নী ৰাঘৱৰ কোঠালৈ আগবাঢ়িল । সাধাৰণ দলনেতাৰ পৰা এতিয়া ৰজা হোৱা ৰাঘৱ বিভূতি-বৈভৱৰ মাজত হৈ আছে সৰ্বে-সৰ্বা আৰু দম্ভৰ সু-উচ্চ সীমা ।
কুৰঙ্গনয়নীয়ে ৰাঘৱক জনালে ৰাইজে হুচৰি গাবলৈ চোতাললৈ আহিছে ।
কিন্তু দম্ভ ৰাঘৱে হাতত তৰোৱাল লৈ কি হুচৰি গাবলৈ আহে বুলি বাহিৰলৈ যাব ধৰোতেই কুৰঙ্গনয়নীয়ে ৰাইজে যে নতুন ৰজাক আশীৰ্বাদ জনাবলৈ আহিছে সেই কথা বুজালে আৰু হাতত তৰোৱাল লৈ ৰাইজৰ আগত  ওলাব নালাগে সেই কথাও বুজাই কোনোমতে তৰোৱালখন কাঢ়ি ৰাখিলে ।
কুঁৱৰীৰ বুজনিত ৰাঘৱ বাহিৰলৈ গ'ল । ৰাইজে আনন্দৰে হুচৰি গাইছে । সেই আনন্দত ৰাণীৰ এনে লাগিল যেন আগন্ত্তক সময়ত হ'বলগীয়াখিনি ৰাইজে যেন আগৰে পৰাই সেয়া উদযাপন কৰিছে । এটা সময়ত হুচৰি গোৱা শেষ হ'ল ।
এতিয়া ৰজাই ৰাইজৰ পৰা আশীৰ্বাদ লোৱাৰ সময় । ৰাইজেনো আশীৰ্বাদ নিদিবইবা কিয় । আশীৰ্বাদ দিবলৈকে তেওঁলোক আহিছে মাথো সেয়া ৰজাৰ বাবে নহৈ দেশৰ বাবে ।
ৰাঘৱে আঠু ল'লে । হৰিধ্বনিৰে ৰাঘৱৰ চোতাল ৰজন-জনাই গৈছিলহে হঠাৎ তীক্ষ্ণ তৰোৱালৰ কোবত ৰাঘৱৰ মূৰ খহি পৰিল ।
সকলোৱে দেখিলে চটফটাই থকা এটা দেহ আৰু তাৰপৰা খণ্ডিত এটি নৰমুণ্ডৰ কাষত হাতত উন্মুক্ত খৰ্গ লৈ সাক্ষ্যৎ কেঁচাইখাঁতীৰ ৰূপত ৰাজ-মহিষী কুৰঙ্গনয়নী থিয় হৈ আছে । তেওঁৰ শানিত ৰক্তাভ নয়নৰে বিস্ফাৰিত হৈছে প্ৰতিশোধৰ দাবানল । সেই দাবানলত যেন জাহ যাব বহু ক্ষোভ আৰু অপমানৰে পুঞ্জিত বহুতো নাৰীৰ অভিশপ্ত অতীতৰ লুকাই থকা বহুতো কথা ।
: ৰাইজ ইয়াত ৰৈ থকাৰ দৰকাৰ নাই । এতিয়াই এই পাপীৰ সমস্ত সহচৰক ধৰি জীৱন্তে জ্বলাই দিব লাগে । জুই আজি জ্বলিছে যেতিয়া তাত সকলো পুৰি ভষ্ম হওক ! --- উদাত্ত কন্ঠৰে কুৰঙ্গনয়নীয়ে সকলোকে ক'লে । হাতত তৰোৱাল  লৈ মুক্ত কেশী আৰু কন্ঠৰ কঠোৰতাৰে সেইদিনা ধৰিত্ৰীলৈ যেন সঁচাই প্ৰাণৱন্ত হৈ দেৱী নামি আহিছিল !
এইবাৰ সকলো আগবাঢ়িল নাহৰক ধৰিবৰ বাবে । নাহৰ বন্দী হ'ল, পলাই সাৰিল ৰমাকান্ত । সেই নিশাই  বন্দী স্বৰ্গদেউ লক্ষ্মীসিংহক মুকলি কৰা হ'ল । অসমৰাজ হিচাপে পুনৰ সিংহাসনত বহিল লক্ষ্মিসিংহ ।
এনেকৈয়ে অসমৰ এক ভয়ানক সময়ত নিজৰ সাহস আৰু বুদ্ধিৰে দেশক ৰক্ষা কৰিছিল এগৰাকী মনিপুৰী ৰাজ-নন্দিনীয়ে ।
য'দিওবা ৰাঘৱক কুৰঙ্গনয়নীয়ে নিজ হাতেৰে হত্যা কৰাৰ কথাটোত বিতৰ্ক আছে তথাপি এইটো ঠিক যে একালত পিতৃদেশ মনিপুৰক বচোৱা অসমক তেওঁৰ বুদ্ধিয়েই আপদ কালত সুৰক্ষাৰ কবচ পিন্ধাইছিল । অসম বুৰঞ্জীত কুৰঙ্গনয়নীৰ দৰে আন বহুতো মহিলাই সময়ে সাহস, দক্ষতা আৰু বুদ্ধিৰ পৰিচয় দি অসমৰ পুৰণিদিনৰ কথা সংৰক্ষিত গ্ৰন্থবোৰক আজিও মহীয়ান কৰি ৰাখিছে ।

        আমাৰ এই আলেখ্য পঢ়ি আমাক ধন্য কৰাৰ বাবে আপোনালোকক কৰযোৰে 🙏
                                         শুভৰাত্ৰি

🔴 সহায়ক গ্ৰন্থসমূহ আৰু কৃতজ্ঞতা প্ৰকাশ :
➖➖➖➖➖➖➖➖➖➖➖➖➖➖

🔸 আসাম বুৰঞ্জী --- গুণাভিৰাম বৰুৱা
🔸ইতিহাসে সোঁৱৰা ছশটা বছৰ --- ঁ সৰ্বানন্দ ৰাজকুমাৰ ।
🔸 প্ৰাথমিক ভাৰত বুৰঞ্জী
🔸 মধ্যযুগৰ অসম (১২২৮-১৮২৬) --- ড° তৰুণ চন্দ্ৰ ভাগৱতী ।
                                ধন্যবাদ 🙏

                   ☀ আমাৰ ফেচবুক ঠিকনা 📬
                  ✉ https://www.facebook.com/groups/372830512757409/
📶8⃣0⃣1⃣1⃣......
                       আমাৰ📧 ঠিকনা : facebookgyansambhar@gmail.com
                   ফেচবুক জ্ঞান সম্ভাৰ
                                                                                                                                  

          🔅◀🔸🔸🔸🔴🔹🔹🔹▶🔅

নতুন লেখা / ছবি

গ্ৰীষ্মৰ আতঙ্ক

ইমান অত্যাচাৰ ! নষ্টজোৱা, হতশ্ৰীহোৱাবোৰৰ পৰা সঁ‌চাই শান্তি নোহোৱা হৈছেগে । নাপায়, ইমান অত্যাচাৰী  হ'বগে নালাগে । যিহে অত্যাচাৰ হৈছে, যি ...