বেবেৰিবাং কথা 😂
লকডাউনৰ দিনৰ কথা ।
কণটিলৌৱে মাখি মাৰি-মাৰি আমনি লগাত ছবিকে আঁকিলে । সি ইমান ধুনীয়াকে ছবিবোৰ আঁকে, স্কুলৰ মাস্তৰে হেনো মাইনাছ ১ নম্বৰ দিব পৰা হ'লেহে জীৱন ধন্য হ'ল হয় ।
স্কুল নাই-নাই আৰু, গণিত শাস্ত্ৰভাগ ধোঁৱা চাঙত থাকিল বুলিয়েই দুমাহত সি এটা হ'লেও ছবি নাআঁকিব নে কিবা !
সেই বুলিয়েই মানে শিল্প চৰ্চাৰ জগতখনলৈ অৱদান আগবঢ়াব বুলিয়েই কিজানি পকাতে পেট পেলাই কণে ধুনীয়াকে বায়েক এজনীক আঁকিয়েই পেলালে ।
আলুটোৰ সমান তাইৰ চকু, জিকাটোৰ সমান নাক, ভেণ্ডি সম তাইৰ দাঁত মুঠতে অপূৰ্ব ; ঠিক হিৰিম্বাজনীতকে 👹 অলপহে বেয়া ।
তাইৰ ধুনীয়া চুলিখিনি দি শিল্পীৰ দৃষ্টিৰে চাই কণে দেখিলে সেইজনীক একোচা দাড়ি লগাই দিলেহে বেছি শুৱাব ।
দীঘল দাড়ি দিব নে ফ্ৰেন্স কাট দিব তাকে ভাবি মৌনতাৰ পৃথিৱীত এপাক ফুৰি অহাৰ পাছত এক বৃহৎ সূত্ৰক মনলৈ আনি এইটো কথাত খাটাং হ'ল যে মাইকী মানুহৰ দাড়ি আচলতে নাথাকে ।
এনেতে মনলে অহা এটা প্ৰশ্নই আকৌ সমস্যাৰ সৃষ্টি কৰিলে ।
"মতা মানুহৰ যদি দাড়ি থাকে মাইকী মানুহৰ কিয় নাথাকিব ? এইটোতো এটা ঘোৰ অন্যায় ! নিশ্চয় সৃষ্টিকৰ্তাৰ তাত ভুল আছে ।" ---- কণে কথাটো ভাবিলে 🤔 ।
কেতিয়াবা কথাটো আপুনিও বাৰু ভাবিছেনে ? সাধাৰণ কথা কিছুমানতেই হলে অসাধাৰণ একো-একোটা হেতু সোমাই থাকে ।
সাধাৰণতে এক হৰ্মনৰ তাৰতম্যতাৰ বাবেই এনে ঘটে । মানুহৰ দেহত থকা "এন্দ্ৰ'জেন" নামৰ হৰ্মন বিধ মহিলা সকলৰ তুলনাত মতা মানুহৰ দেহত বেছিকৈ থাকে । আৰু সেইবাবেই কন্ঠস্বৰৰ পৰা আৰম্ভ কৰি বিভিন্ন দিশত মতা মানুহ মহিলাসকলতকৈ বেলেগ । এই হৰ্মনবিধৰ বাবেই মতা মানুহৰ দাড়িও গজে । কিন্তু মহিলাসকলৰ ক্ষেত্ৰত মতা মানুহৰ তুলনাত এই হৰ্মনবিধৰ পৰিমাণ অতি কম কাৰণে তেওঁলোকৰ সাধাৰণতে দাড়ি নগজে ।
💠 শুভৰাত্ৰি 🐀
☀ আমাৰ ফেচবুক ঠিকনা 📬
⚜ ➖➖➖➖➖➖➖⚜
✉ https://www.facebook.com/groups/372830512757409/
📶8⃣0⃣1⃣1⃣......
আমাৰ📧 ঠিকনা : facebookgyansambhar@gmail.com
ফেচবুক জ্ঞান সম্ভাৰ
🔅◀🔸🔸🔸🔴🔹🔹🔹▶🔅
No comments:
Post a Comment