📎
নমস্কাৰ,
সকলো কুশলে আছেনে ?
সকলো কুশলে আছেনে ?
বহুদিনৰ বিৰতীৰ পাছত ফেচবুক জ্ঞান সম্ভাৰলৈকে বুলি আহিলোঁ । দেওবাৰো, কোঠাটোতে বহি-শুই গাৰ বিষ উঠাই কিছু আমনিও লাগিছে । সেয়ে ভাবিলো কিবা এটাকে লিখো লগতে নতুন ম'বাইলটোত লিখিনো কেনেকুৱা লাগে তাকো চাওঁ । আজি কিছুদিন ধৰি নতুন একোকে লিখাও নাই । প্ৰায়ে লিখো যদিও ইমানদিনে নিলিখাত কোনো এজনেও অৱশ্যে মোৰ খবৰো লোৱা নাই দেই !
যিয়েই নহওঁক, আজি এটা সৰু প্ৰশ্ন লৈ আপোনালোকৰ কাষ পালোহি । প্ৰশ্নটো পঢ়িয়েই প্ৰশ্নটো কৰাৰ বাবে মোক আকৌ বেয়া নাপাব ।
ইমান সহজ, ইমান সহজ যে প্ৰশ্নটো ডাঙৰক কৰিবলৈকো বেয়া কাৰণ, প্ৰশ্নটো মই আপোনাক কৰাৰ পাছত ইমানদিনে দলটোলে নহাৰ কাৰণ হিচাপে আৰু এনে এটা প্ৰশ্ন আপোনালোকক কৰাৰ বাবে সাতে-পাছে মিলাই ভাবিয়েই চাগে পেলাব যে ৰাজীৱ চাগে পা*...ল হ'ল !

নাই হোৱা,
আৰু নাইহোৱা বাবেই এই বিশেষ প্ৰশ্নটো আপোনালোকক কৰিবলৈ আগবাঢ়িছো ।
মোৰ বহুদিনৰ নিৰীক্ষণত এইটো কথা স্পষ্ট যে বহুলোকে মই অনা প্ৰশ্নটোৰ সঠিক উত্তৰ দিব নোৱাৰে । তেন্তে আহক, প্ৰশ্নটোনো কি এবাৰ চাওঁ 👉
আৰু নাইহোৱা বাবেই এই বিশেষ প্ৰশ্নটো আপোনালোকক কৰিবলৈ আগবাঢ়িছো ।
মোৰ বহুদিনৰ নিৰীক্ষণত এইটো কথা স্পষ্ট যে বহুলোকে মই অনা প্ৰশ্নটোৰ সঠিক উত্তৰ দিব নোৱাৰে । তেন্তে আহক, প্ৰশ্নটোনো কি এবাৰ চাওঁ 👉
"সপ্তাহৰ সাত বাৰৰ নাম ক্ৰম- অনুসাৰে কওঁক ।"
➖➖➖➖➖➖➖➖➖➖➖➖➖➖➖
➖➖➖➖➖➖➖➖➖➖➖➖➖➖➖
হাঁহি উঠিছেনেকি প্ৰশ্নটো শুনি ?
দুই-এজনৰ কেনেবাকে খঙো উঠিব পাৰে ! আৰু হাঁহি উঠা সকলৰো অধিকাংশই ইয়াৰ উত্তৰ দিবলে হলে অ-প্ৰস্তুত কাৰণ, ই হৈছে দ্বিতীয় শ্ৰেণীত পোৱা প্ৰশ্ন ।
তথাপি, কিবা বিশেষত্ব আছে বুলি দুজনমানে ক'ব ।
কোনোৱে ক'ব, দেওবাৰ........শনিবাৰ আৰু কোনোৱে ক'ব সোমবাৰ...........দেওবাৰ ।

আৰু একেটা প্ৰশ্নকে যদি আপুনি মোক কৰে ???
মই কিন্তু প্ৰথমে আপোনাক ওভোতাই প্ৰশ্ন কৰিম, "ইংৰাজীৰ নে অসমীয়াৰ ?"
মই কিন্তু প্ৰথমে আপোনাক ওভোতাই প্ৰশ্ন কৰিম, "ইংৰাজীৰ নে অসমীয়াৰ ?"
এতিয়া গম পাইছেনে, কিয় এই প্ৰশ্নটো কৰিলোঁ ? জধাই-মধাই ওলোৱা কিছুমান বাহিৰা কিতাপত এই প্ৰশ্নটোৰ উত্তৰে সময়ে সৰু ল'ৰা-ছোৱালীৰ মাজত সমস্যাৰ সৃষ্টি কৰে । আপুনি যদি ভাৰতীয় পঞ্জিকাৰ মতে ক'বলৈ যায় তেন্তে উত্তৰ হ'ব দেওবাৰ........শনিবাৰ কাৰণ, ভাৰতীয় ৰীতিত সপ্তাহটো দেওবাৰৰ পৰা আৰম্ভ হয় আৰু যদি আপুনি ইংৰাজী কেলেণ্ডাৰমতে উত্তৰ দিয়ে তেন্তে উত্তৰ হ'ব সোমবাৰ.......দেওবাৰ ।
খ্ৰীষ্টান সকলে বিশ্বাস কৰে দেওবাৰৰ দিনটো ভগৱানৰ জিৰণি দিন । সপ্তাহৰ শেষৰ দিন আৰু এই শেষৰ দিনটোত God-এ জিৰণি লয় আৰু সেয়ে সেইদিনা মানুহৰ দৈনন্দিনো কিছু আৰামৰ কৰি দি বিভিন্ন বিদ্যালয়, অফিচ বন্ধ ৰখা হয় ।
পুৰণি ভাৰতীয় পৰম্পৰাত সপ্তাহত নিৰ্ধাৰিত কোনো এটি বাৰকেই বন্ধৰ দিন বুলি বিবেচনা কৰা নাছিল অৱশ্যে, সোমবাৰৰ দিনটোত মহাদেৱ শিৱ ভোলানাথৰ আৰাধনাৰ বাবে কোনো- কোনোৱে সংৰক্ষিত বাৰ হিচাপে ধৰিছিল । মধ্যযুগৰ ভাৰতত মোগল সকলৰ শাসনৰ সময়ত শুক্ৰবাৰৰ দিনটোক বন্ধৰ বাৰ হিচাপে গণ্য কৰা হৈছিল কিয়নো, মু্ছলমান সকলৰ পৰম্পৰাত শুক্ৰবাৰে অধিক সময়ৰ বাবে নামাজ পঢ়াৰ নিয়ম ৰক্ষিত ।
ইয়াৰ পৰবৰ্তী সময়ত ঊনৈছ শতিকাৰ চাৰি দশকৰ প্ৰাৰাম্ভত (১৮৪০-১৮৪৩-ৰ ভিতৰত) বৃটিছ সকলৰ ভাৰত শাসনৰ সময়ত পশ্চিমীয়া এলেহুৱা দেওবাৰে আমাৰ দেশত বন্ধৰ দিন হিচাপে প্ৰথম পৰিচয় লাভ কৰিছিল।
ইয়াৰ পৰবৰ্তী সময়ত ঊনৈছ শতিকাৰ চাৰি দশকৰ প্ৰাৰাম্ভত (১৮৪০-১৮৪৩-ৰ ভিতৰত) বৃটিছ সকলৰ ভাৰত শাসনৰ সময়ত পশ্চিমীয়া এলেহুৱা দেওবাৰে আমাৰ দেশত বন্ধৰ দিন হিচাপে প্ৰথম পৰিচয় লাভ কৰিছিল।
বৃটিছ গ'লগে, থাকি গ'ল কিছু চিন, কিছু নিয়ম আৰু আদব-কায়দা । তাৰে ভিতৰত কেলেণ্ডাৰৰ পাতত আজিও জিলিকি ৰ'ল ৰঙাকৈ লিখা এই দেওবাৰবোৰ ; এলেহুৱা আৰু আপদিয়া কিছুমান ৰঙা দেওবাৰ । চাল্লা, গাৰ বিষ উঠাই দিলে !
শুভ দুপৰীয়া 🌥🌱🐦
▬▬▬▬▬▬▬▬▬▬
☼ আমাৰ ফেচবুক ঠিকনা 📬
✉ https://www.facebook.com/groups/372830512757409/
☼ আমাৰ ফেচবুক ঠিকনা 📬
✉ https://www.facebook.com/groups/372830512757409/
আমাৰ📧 facebookgyansambhar@gmail.com
🔅ফেচবুক জ্ঞান সম্ভাৰ 🔅
◀🔸🔸🔸🔴🔹🔹🔹▶
🔅ফেচবুক জ্ঞান সম্ভাৰ 🔅
◀🔸🔸🔸🔴🔹🔹🔹▶
No comments:
Post a Comment