আললগা বামুণ

কথাটো কিবা আচহুৱা যেন লগা নাই নে ?
কি এই আললগা বামুণ ❕❗
ৰ'ব তেন্তে আজি  অসম বুৰঞ্জীলৈকে এপাক যাওঁ ।
স্বৰ্গদেউ চুখামফা (১৫৫২-১৬০৩) যাক আমি 'খোৰা ৰজা' নামেৰেও জানো, তেখেতৰ দিনৰ কথা । এবাৰ ১৫৬২ চনত চিলাৰায় আহিল আহোম ৰাজ্য আক্ৰমণ কৰিবলৈ । চিলাৰায়ৰ আকৌ এটা বৰ ডাঙৰ নিয়ম আছিল । তেওঁ গো (গৰু) বধ আৰু ব্ৰাহ্মণ বধ নকৰিছিল । নকৰিছিল মানে এই দুই বধলৈ তেখেতে ভয়েই কৰিছিল । সেই কথাটো খোৰা ৰজাই আকৌ জানে । তেওঁ তাৰে এটা ৰাজনৈতিক কৌশল উলিয়ালে । কি কৰিলে জানে , প্ৰথমে সকলো খেলৰ পৰা যুঁজলৈ মানুহ গোটালে আৰু তাৰপাছত তেওঁলোকক লগুণ পিন্ধাই দি বামুণ সজাই দিলে।

তাৰপাছত ঘটনাটো আৰু জমনি বুজিছে 😂। লগুণ পিন্ধা নকল বামুণ সকলক একোটাকৈ বলধৰ পিঠিত বহাই, দিলে নহয় ৰণলৈ পঠাই । যেই ৰণলৈ পঠিয়াই দিলে আৰু ৰণাঙ্গণত চিলাৰায়ে তেওঁলোকক দেখা পালে চিলাৰায়ে বামুণৰ লগত যুদ্ধ নকৰো বুলি ওভটি গ'ল ।
খোৰা ৰজাই সেই কথাত বৰ ৰং পালে আৰু সেই নকল বামুণ সকলক পুৰস্কাৰ দিব খোজাত তেওঁলোকে তেওঁলোকক বামুণ কৰিয়েই ৰাখিবলৈ ৰজাক অনুৰুধ জনাইছিল ।
ৰজায়ো তেওঁলোকক বামুণ হিচাপে স্থান দিলে যদিও নাম ৰাখিলে "আললগা বামুণ''

          শুভ নিশি 🎊

▬▬▬▬▬▬▬▬▬▬
আমাৰ ফেচবুক ঠিকনা 📬
https://www.facebook.com/groups/372830512757409/

আমাৰ📧 facebookgyansambhar@gmail.com
        🔅ফেচবুক জ্ঞান সম্ভাৰ 🔅
         ◀🔸🔸🔸🔴🔹🔹🔹▶

No comments:

Post a Comment

নতুন লেখা / ছবি

গ্ৰীষ্মৰ আতঙ্ক

ইমান অত্যাচাৰ ! নষ্টজোৱা, হতশ্ৰীহোৱাবোৰৰ পৰা সঁ‌চাই শান্তি নোহোৱা হৈছেগে । নাপায়, ইমান অত্যাচাৰী  হ'বগে নালাগে । যিহে অত্যাচাৰ হৈছে, যি ...