Type-C USB.

দুপৰ নিশালৈকে অনলাইনত খাপ পিটি শেষত পাইগ'ল ন ? হওঁক-হওঁক, আমি বেয়া পোৱা নাই । কষ্ট কৰিছে, ফল মিঠা কিয় নহব ! ভাল হৈছে, শেষত যেনিবা মনে বিচৰা ধৰণেই হ'লগে আৰু ।
যি সময়ত মানুহ ঘোৰ টোপনিত নিমগ্ন তেনে গহীন নিশাও হাতত ম'বাইলডাল লৈ অনলাইন হৈ খাপ দিয়া বৰ সহজ কথা নহয় । উদ্যমো লাগিব প্ৰচুৰ ।
ক'ম্পেনীয়েও মানুহক কম বিমুগ্ধ কৰিছেনে ! ৪৮ মেগা পিক্সেলৰ ধামাকা । কি নাম আছিল বোলে সেইটোৰ ?
অ' মনত পৰিছে, mi note 7pro । এটা ওলাইছে mi note 7 । সেইটোলৈ মানুহৰ যিমান হেঁপাহ pro-টোৰ কাৰণে তাৰ বহু গুণ বেছি । Pro মানে "professional" । পিছে চাৰ্জাৰ কেবুলডালৰ পিনটো আগৰ micro USB.-তকৈ অলপ ডাঙৰ । এনেধৰণৰ Universal Serial Bus কেবুল বিলাকক কোৱা হয় Type-C charging cable । এই কেবুল বিলাকৰ বিশেষত্ব হ'ল ইহঁতৰ ম'বাইলত লগাই দিয়া pin-টো আগৰ micro USB-ৰ পিনতকৈ বহল আৰু আগৰবোৰৰ দৰে পিনটোৰ তলফালে দুটা ঘাট নাথাকে লগতে যিকোনো ফালৰ পৰাই ইয়াক ম'বাইলত সংযোগ কৰিব পাৰি । ম'বাইলৰ পৰা কম্পিউটাৰ বা কম্পিউতাৰৰ পৰা ম'বাইললৈ তথ্য সৰবৰাহ কৰিবপৰা ক্ষমতা ইয়াৰ বেছি আৰু একেডাল কেবুল ভৱিষ্যতে বিভিন্ন ইলেকট্ৰনিক সামগ্ৰীত ব্যৱহাৰ কৰিব পৰাৰ সুবিধা হোৱাকে প্ৰস্তুত কৰা হৈছে ।
              শুভৰাত্ৰি
▬▬▬▬▬▬▬▬▬▬
☼ আমাৰ ফেচবুক ঠিকনা
https://www.facebook.com/groups/372830512757409/
আমাৰ facebookgyansambhar@gmail.com
ফেচবুক জ্ঞান সম্ভাৰ
◀▶

Comments



  1. অাধুনিক বিশ্বৰ নতুন তথ্যৰ জ্ঞান সম্ভাৰ বোৰ বুটলি নিজৰ ক্ষুদ্ৰ ভৰাঁলতো টনকিয়াল কৰিবলৈ সুবিধাকন দিয়াৰ বাবে অশেষ ধন্যবাদ ।

    ReplyDelete


  2. অাধুনিক বিশ্বৰ নতুন তথ্যৰ জ্ঞান সম্ভাৰ বোৰ বুটলি নিজৰ ক্ষুদ্ৰ ভৰাঁলতো টনকিয়াল কৰিবলৈ সুবিধাকন দিয়াৰ বাবে অশেষ ধন্যবাদ ।

    ReplyDelete

Post a Comment