মান সময়

সময় গতিশীল ।
সূৰ্যোদয়ৰ সৈতে সময়ৰ গতি মিলাই আমি আগবাঢ়ি যাওঁ । সূৰ্যোদয়ৰ পৰা সূৰ্যাস্ত, তাৰপাছত ৰাতি আৰু পুনৰ আকৌ এটা দিন । এনেকৈয়ে প্ৰৱাহ ঘটে সময়ৰ । এই সময়ক জানিবলৈ বা এক বৃহৎ জন-সমুদ্ৰৰ মাজত সময়ৰ সোঁতক ঐক্যতাৰে বান্ধিবলৈ প্ৰয়োজন একোটা স্থান যাৰ ভেটিত উঠি সকলোৰে আগবাঢ়ে সময় । সেয়ে "মান সময়" ।

মান সময় সেই এক নিৰ্দিষ্ট স্থানৰ সময় যাক সকলোৱে মানি লয় । সমগ্ৰ বিশ্বৰ বাবে স্থাপিত "গ্ৰীনিজ মান সময়" -- ৰ নাম আমি নিশ্চয় সকলোৱে শুনিছো ! লণ্ডনৰ গ্ৰীনিজ মান মন্দিৰৰে পাৰ হোৱা ০° দ্ৰাঘিমাৰেখাডালক ভিত্তি কৰি এই মান সময় নিৰূপণ কৰা হৈছে । উল্লেখ কৰি যোৱা ভাল যে, ০° দ্ৰাঘিমা ৰেখা বা প্ৰাথমিক দ্ৰাঘিমা ৰেখা বা মুখ্য দ্ৰাঘিমা ৰেখাডাল বিশ্বৰ আঠখন দেশৰ মাজৰে পাৰ হৈ গৈছে ( ইংলেণ্ড, ফ্ৰান্স, স্পেইন, আলজেৰিয়া, মালি, বুৰকিনা, ফেচ' , তনগ' আৰু ঘানা ) ।

গ্ৰীনিজ মান সময়ৰ বাহিৰেও বিশ্বৰ বিভিন্ন স্থানত স্থানীয় সময়ৰ মান নিৰূপণৰ বাবে একো-একোটা মান সময় নিৰ্ধাৰণ কৰি লোৱা হয় ।
ভাৰত উপ-মহাদেশখনৰ বাবেও তেনে এক মান সময় আছে । এই মান সময়ক ইংৰাজীত INDIAN STANDARD TIME বা চমুকৈ IST বুলি কোৱা হয় । ভাৰতৰ উত্তৰ প্ৰদেশৰ এলাহাবাদৰ ওচৰৰ মিৰজাপুৰৰে পাৰ হোৱা 82½° (৮২.৫°) পূৱ দ্ৰাঘিমাৰেখা (East Longitude) ডালৰ ভিত্তিতে এই সময় নিৰ্ধাৰণ কৰা হয় । ভাৰতীয় মান সময় গ্ৰীনিজ মান সময়তকৈ ৫ ঘন্টা ৩০ মিনিট আগবঢ়া অৰ্থাৎ, ভাৰতীয় হিচাপত আপোনাৰ এই মুহূৰ্তৰ সময় লণ্ডনত ৫ ঘন্টা ৩০ মিনিটৰ পাছতহে হ'ব ।

আগৰ দিনত সময়ৰ হিচাপ এইদৰে ৰখাৰ নিয়ম ভাৰতত নথকা নহয় যদিও দিনৰ সময়ৰ লেখ জানিবলৈ লোৱা হোৱা নাছিল বৰঞ্চ, জ্যোতিবিজ্ঞানৰ বাবে সময়ৰ লেখ জানিবলৈ কৰা হৈছিল । তাৰ উদাহৰণ হিচাপে "যন্তৰ-মন্তৰ"-ৰ কথা ক'ব পাৰি ।
আধুনিক ভাৰতীয় মান সময় বৃটিছ সকলৰে অৱদান বুলিব পাৰি । বৰ্তমানৰ IST ১৯০৫ চনতে নিৰ্ধাৰণ কৰা হৈছিল যদিও এই মান সময়ে ১৯৪৭ চনৰ ১ ছেপ্তেম্বৰতহে স্বীকৃতি পাইছিল ।
এলাহাবাদৰ এই সময়কে সমগ্ৰ ভাৰততে মানি চলা হয় ।

অ', এটা কথা বাৰু জানেনে ?
বৰ্তমানৰ এলাহাবাদেই হৈছে পুৰণি সেই বিখ্যাত "প্ৰয়াগ" । এই নাম প্ৰয়াগ ৰজাৰ নামেৰে হোৱা । তাৰো আগতে ই "বাৰনাৱত" নামে প্ৰসিদ্ধ আছিল । মোগল সম্ৰাট ছাহজাহানে পাছলৈ নাম দিলে "ইলাহাবাদ" আৰু সিয়ে হ'লগৈ বৰ্তমানৰ এলাহাবাদ ।

সকলোকে এটি নতুন দিনৰ শুভেচ্ছা জনালো 🌷

                                       ধন্যবাদ 🙏
                                      সু-প্ৰভাত 🐣

🔴 কৃতজ্ঞতা :
লেখাটোৰ শেষ অংশৰ তথ্য শান্তনু কৌশিক বৰুৱা ছাৰৰ "শব্দৰ সাধু" নামৰ কিতাপখনৰ পৰা সংগ্ৰহ কৰাত এই চেগতে ছাৰলৈ কৃতজ্ঞতাৰ শৰাই আগবঢ়ালোঁ ।

                    ▬▬▬▬▬▬▬▬▬▬
☼ আমাৰ ফেচবুক ঠিকনা 📬
https://www.facebook.com/groups/372830512757409/

আমাৰ📧 facebookgyansambhar@gmail.com
              🔅ফেচবুক জ্ঞান সম্ভাৰ 🔅
               ◀🔸🔸🔸🔴🔹🔹🔹▶

Comments