আজি মাহটোৰ চতুৰ্থটো শনিবাৰ ।
বিভিন্ন কাৰ্যালয়ত কৰ্মৰত ব্যক্তিসকল বিশেষ কাৰণ নাথাকিলে কিন্তু ঘৰত আছে বা ব্যক্তিগত কোনো কামত ব্যস্ত আছে কাৰণ, আজি অফিচ বন্ধ ।
কিন্তু কিয় বন্ধ ?
যি সকলে এই বন্ধৰ দিনটোক উপভোগ কৰে তেওঁলোকে বাৰু জানেনে ইয়াৰ আঁৰৰ কথা । বহুতে জানে, হয়তো কোনো-কোনোৱে নাজানে । জানি থোৱা অৱশ্যে বেয়া নহয় ❗
আপুনি যদি এই সন্দৰ্ভত কোনো ঐতিহাসিক কাৰণ আছেনেকি বুলি প্ৰশ্ন কৰে তন্তে উত্তৰটো দিবলৈ ফেচবুক জ্ঞান সম্ভাৰৰ মজিয়াতে চেষ্টা কৰিব পাৰো ; কেইবাদিনো একো লিখাও নাই ।
লিখিব মন থাকে যদিও পাতলাইছোহে । পাঁচ বছৰে নানান তথ্যৰ চৰ্চা চলিল কিন্তু মন কৰিলোঁ মানুহৰ সহযোগিতা একেবাৰেই কম । কম সময়ত তথ্যৰ পাছত দৌৰি, অসমীয়াত লিখি প্ৰকাশ কৰা লেখা সমূহত প্ৰকাশৰ বাবে লব লগা সাধাৰণ তৎপৰতাখিনি কাৰোবাৰ বাবে একেবাৰে সাধাৰণ কথা হ'লেও মোৰ বাবে কিন্তু বাৰুকৈয়ে জটিল । আমাৰ এই দলটোত মাত্ৰ কেইজনমান মানুহেহে আমাক সতে জৰিত হৈ থাকি আমাক প্ৰেৰণা দিয়ে বা পঢ়ে (নাম মুখস্থ হৈ গৈছেগৈ 😀) । তেনেক্ষেত্ৰত সময়ে অলপ স্থবিৰতা অহাও স্বাভাৱিক । অৱশ্যে, আমাৰ সেই সকল মানে নাম মুখস্থ থকা ব্যক্তি সকলৰ তাগিদাত লিখিব লাগিব । কিন্তু মই বুজি নাপাওঁ অসমৰ পৰা ফেচবুকত কোনো বিতৰ্কিত বিষয় ওলালে ক'মেন্ট লিখা মানুহৰচোন অভাৱেই নাথাকে !
😉 ফেচবুকৰ চাৰ্ভাৰতহে চাগে হেং মাৰে ❗
বাৰু কথা বহলাই নাথাকো । ইমান কথকি হোৱা ভাল নহয় । এতিয়া মূল কথাটোলৈ আহিছো । অ' ৰ'ব-ৰ'ব, তাৰ আগতে কথা এটা কৈ লওঁ । লেখাটো পঢ়ি উঠাৰ পাছত ইয়াত উল্লেখ কৰা ব্যক্তি দুজনৰ নাম হলে মোক নুশুধিব দেই ; একেবাৰে কৰযোৰে অনুৰোধ ।
ভাৰতত প্ৰতি মাহৰ দ্বিতীয় আৰু চতুৰ্থটো শনিবাৰে কাৰ্যালয় বন্ধ থাকে । এই নিয়মটো কিন্তু এতিয়াৰ নহয় বৰঞ্চ বৃটিছ যুগীয় । ১৯ শতিকাত বৃটিছ ৰাজত্বৰ সময়চোৱাতে এই বিধি প্ৰৱৰ্তন কৰা হৈছিল । তাৰ আঁৰতো এটা সুন্দৰ কাহিনী শুনা যায় ।
সেই সময়ত হেনো কোনো এটা কাৰ্যালয়ত এজন সহায়ক কৰ্মচাৰী আছিল । তেওঁ আছিল এজন দায়িত্বশীল , কৰ্মপাৰ্গত আৰু নিয়মানুবৰ্তীতাৰে কাৰ্যনিৰ্বাহ কৰা ৰাজ-কৰ্মচাৰী ।
কামৰ তাগিদাত দূৰণিত এৰি থৈ অহা পিতৃ-মাতৃক বন্ধৰ দিনটোত গৈ দেখা কৰি তেওঁ আকৌ কৰ্মস্থানলৈ উভটি আহে । কিন্তু লাগে-লাহে তেওঁৰ ওপৰত কামৰ হেঁচা বাঢ়িল । এটা সময়ত এনেকুৱা হ'ল যে এৰি থৈ অহা পিতৃ-মাতৃক দেখা কৰিবলৈ বন্ধৰ দিনত ঘৰলৈ যাবলৈও কামৰ হেঁচাত সময় নোহোৱা হ'ল ।
এনেকৈয়ে তেওঁৰ দিনবোৰো পাৰ হৈ গৈ থাকিল ।
দূৰৈত কাম কৰা প্ৰতিজন কৰ্মচাৰীৰ ঘৰৰ মানুহৰ সদায়ে এটা সংশয় থাকে । চকুৰে দেখাৰ পৰা বহু দূৰৈত গৈ কামৰ বাবে থকা প্ৰতিজন কৰ্মচাৰীৰো অনুভৱ একেটাই । এনে এক অনুভৱ আৰু পুত্ৰৰ প্ৰতি থকা আকুলতাই সেই কৰ্মচাৰীজনৰ পিতৃ-মাতৃক অধিৰ কৰি তুলিলে আৰু সেয়ে এদিন তেওঁলোক গৈ পুত্ৰই কাম কৰা কাৰ্যালয়ত তেওঁক চাবৰ বাবে উপস্থিত হ'লহি ।
ল'ৰাজনে তেতিয়া কাম কৰি আছিল । পুত্ৰক লগ কৰিবলৈ আহি লগ ধৰিবলৈ যাব নোৱাৰাত তেওঁলোকে গৈ এজন বৃটিচ চাহাবক লগ ধৰিলে আৰু ল'ৰাটোক বাহিৰলৈ পঠিয়াই দিবলৈ কলে । চাহাব সন্মত হ'ল আৰু ল'ৰাজনক যাবলৈ কলে ।
পাছত চাহাবজনে কৰ্মচাৰীজনক ইমানদিনে কিয় ঘৰলৈ যোৱা নাছিল বুলি যেতিয়া প্ৰশ্ন কৰিছিল তেতিয়া কৰ্মচাৰীজনে তেওঁৰ কামৰ প্ৰচণ্ড হেঁচাৰ কথা উল্লেখ কৰিলে ।
বৃটিচ চাহাবজনৰ বেয়া লাগিল । তেওঁ জনা নাছিল সম্ভৱতঃ কেনেবাকৈ অনুভৱ কৰা নাছিল যে তেওঁৰ কৰ্মচাৰী এজনে কামৰ হেঁচাত বন্ধৰ দিনটো নিজৰ মাক-দেউতাকক লগ কৰিবগৈ নোৱাৰে ।
ইয়াৰ পাছতে বৃটিছ সকলে কাৰ্যালয়ৰ ৰাজ-কৰ্মচাৰী সকলৰ সুবিধাৰ বাবে মাহটোৰ দ্বিতীয় আৰু চতুৰ্থটো শনিবাৰে কাৰ্যালয় বন্ধ ৰখাৰ নিয়ম প্ৰৱৰ্তন কৰিলে যাতে, দূৰৈৰ কৰ্মচাৰী সকলেও মাহটোত দুবাৰকৈ হ'লেও গৈ ঘৰৰ নিজৰ মানুহক দেখা কৰিবগৈ পাৰে ।
কাৰণ, শুক্ৰবাৰে অফিচ চুটিৰ পাছত যাব পাৰিলেও শনিবাৰে সকলোৰে সতে এসাঁজ খাই দেওবাৰে কৰ্মচাৰী ওভতি সোমবাৰৰ পৰা কামত ধৰিব পাৰে ।
বৃটিছ যোৱাৰ পাছতো ভাৰত চৰকাৰে সেই একেটাই নিয়ম কাৰ্যালয় সমূহত বাহল ৰাখিলে ।
🔸🔸🔸🔸🔸🔸🔸🔸🔸🔸🔸🔸
🎤ফেচবুকত আমাৰ ঠিকনা 📬:
https://www.facebook.com/groups/372830512757409/
🔅ফেচবুক জ্ঞান সম্ভাৰ🔅
💠🔹▫▫▫▫▫▫▫🔴▫▫▫▫▫▫▫🔹💠
No comments:
Post a Comment