ধনগুলৈ

খিৰিকীখন খুলি দিলো । 
নিস্তব্ধ এন্ধাৰঘোৰ বাহিৰৰ ক'লা এন্ধাৰবোৰে ঢপলিয়াই আহিছে মৌন মোৰ কোঠাটোৰ ফালে । তাৰে লগৰ শীতল বতাহজাকে দেহাটো অলপ জুৰ পেলাই গ'ল । দিনটোৰ সদা ব্যস্ততাৰ পাছত নিজম গধূলি প্ৰায়ে আমনি লাগে । আবেলি চৰাইবোৰকে চাই আনন্দ লওঁ, এতিয়া সিহঁতো গ'লগৈ !
নাযাবনো কিয়, সিহঁতৰোটো এখন ঘৰ আছে ।


বাহিৰৰ ঘন এন্ধাৰবোৰে খিৰীকিখনত ওলমাইদিয়া অস্তিত্বহীন ক'লা পৰ্দাখনৰ মাজেৰে চাবলৈ যত্ন কৰিলো । আন্ধাৰ হ'লেও জোনবাইৰ বিষাদ পোহৰে জিলিকাবলৈ বৃথা চেষ্টা কৰিছে । উদাসী জোনৰ স্তিমিত পোহৰবোৰ কিয়জানো আজি ৰহস্যময় হৈ ধৰা দিছে ! সেই পোহৰতে অন্ধকাৰৰ সতে যুঁজি কোনোমতে নিজৰ অস্তিত্বক প্ৰতিপন্ন কৰিছে পুখুৰীৰ পাৰৰ গছবোৰে । দূৰলৈ যেনিয়ে চাও চকুৰ সীমনালৈকে দেখো এন্ধাৰ আৰু মৃদু পোহৰৰ যেন কৃত্ৰিম সংমিশ্ৰণ !


         বাহিৰলৈকে চাই আছো । জোনাকী পৰুৱা এটাও নাই । এৰা, আজি বহুকাল হ'ল, এই মায়ালগা পোক বিধক নেদেখা হ'লো । ক'তবা গ'ল .........
সৰুতে মোমাইৰ দীঘল পদুলিৰ কাষতে থকা শেৱালী জুপিৰ তলত সন্ধিয়া ৰাণীৰ সতে জোনাকী পৰুৱা ধৰি দিয়াচলাইৰ খালী বাকচত ভৰোৱা কথাবোৰ মনত পৰিছে । ৰাণী মোৰ মাহীৰ ডাঙৰ ছোৱালী । শৈশৱতে আমি লগ পালেই এনেবোৰ কাম কৰি বৰ মজা লৈছিলো । সন্ধিয়াৰ সেই সময়বোৰত জাক-জাক জোনাকী পৰুৱাই পৰিৱেশটোক কিবা মায়াবী কৰি তুলিছিল । আৰু আজি........., 
যিমান পাৰি দূৰলৈ চাই সন্ধান কৰিছো এন্ধাৰৰ মাজত জিলিকীৰোৱা মোৰ পৰীৰ দেশৰ এটি মাত্ৰ জোনাকী পৰুৱা । নাই, এটাও নাই ।


আপোনাৰ বাৰু মনত পৰেনে তাহানিৰ ধুনীয়া  দিনবোৰৰ হেঁপাহৰ গধুলিবোৰক ৰূপহী কৰা জোনাকী পৰুৱা (fire-fly) বোৰৰ কথা । ইহঁতৰ বহুতো প্ৰজাতী আছে আৰু সেইমতে ইহঁতে হালধিয়া, সেউজীয়া, ৰঙা আদি বিভিন্ন ৰঙৰ পোহৰৰে লগৰবোৰক আকৰ্ষিত কৰে । জোনাকী পৰুৱাৰ তলপেটত উৎপন্ন হোৱা "লুছিফেৰিনেজ" নামৰ ৰাসায়নিক পদাৰ্থবোৰ অক্সিজেনৰ সংস্পৰ্শত তাপহীন পোহৰৰ সৃষ্টি কৰে । একালত আমাৰ গ্ৰাম্যাঞ্চলবোৰত সন্ধিয়া জিলিকি থাকি এটা সুন্দৰ গ্ৰাম্য পৰিৱেশ ৰচনা কৰা জোনাকী পৰুৱাবোৰ বাৰু কিয় নোহোৱাৰ দৰে হ'ল ❓


আমনি লাগিছে,
‌সন্মুখৰ পথাৰখনত বিশেষ একো মনিব নোৱাৰি । সময় আগবঢ়াৰ লগে-লগে গহীন হৈ পৰিছে ইয়াৰ পৰিৱেশ । এনেকুৱা গহীন পৰিৱেশত ভূতৰ কথা মনত পৰিলে মোৰ ভাল লাগে । সৰুতে ভূতৰ সাধু  অনেক শুনিলো ।  ইয়াতো আহি গ্ৰাম্য কথাত ভূতৰ অস্তিত্বৰ কথা সময়ে শুনা পাই থাকো । অতিজৰেপৰা আজিলৈকে শুনা মুখৰোচক এই কথাবিলাকে ভূত এটা চাবলৈ হেঁপাহ মোৰ বঢ়াইছে । আগতেও কেইবাবাৰো ভূতৰ সন্ধানত ঘূৰিছো । নাই..........., ব'ৰিং বুলি মানুহ মোৰপৰা পলোৱাৰ দৰে চাল্লা, ভূতেও মোক দেখিলে পলাই পট্টং দিয়ে ! 

‌        অসমৰ জন-মানসত অতিজৰেপৰা বিভিন্ন নামৰ ভূতে বিভিন্ন ৰূপত দপ-দপাই ফুৰিছে । তাৰে ভিতৰত "ধনগুলৈ" অন্যতম । অৱশ্যে, বেলেগ-বেলেগ পৰিচয়সূচক নামেৰে ধনগুলৈ বিশ্বৰ সকলো দেশতে পোৱা যায় । নিশা পথাৰ বা জলাশয়ত হঠাৎ জ্বলি উঠা এনে একুৰা ধনগুলৈৰ জুইৰ আকাশী নৃত্যই মানুহৰ মাজত আতংকৰ সৃষ্টি কৰে । এনে জুইৰ সন্ধানত যোৱা বহুতো মানুহ কাহানিও জীৱন্তে ঘূৰি নহাৰ উদাহৰণ সঁচাই বহুতো আছে । কিছুমান আকৌ এনে জুইক খেদি শেষত পথভ্ৰষ্ট হৈ পৰে ।

‌কিন্তু, কি এই ধনগুলৈ 🔥 ❕❓
‌সঁচাই কোনো অদৃশ্য শক্তিৰ ই মায়ানেকি ?

হয়, এক অদৃশ্য শক্তিৰেই মায়া এই "ধনগুলৈ" । এই অদৃশ্য শক্তিৰ বাবেই  জলাশয় বা পিটনি আদিত জ্বলে সেই অদৃশ্য শক্তিৰ মায়া ।
সাধাৰণতে জলাশয়বোৰত মিথেন (CH4) নামৰ এবিধ গেছ থাকে । ১৭৭৬ চনত আলেসান্দ্ৰো ভোল্টা নামৰ বিজ্ঞানীজনে এই গেছবিধক আৱিস্কাৰ কৰিছিল ।  মিথেন অক্সিজেনৰ সতে সংযোজন ঘটি এনেধৰণে নিশাৰ আকাশত অলৌকিক জুইৰ সৃষ্টি কৰে । 
মিথেন বা ফছফিন বা মাৰ্ছ আদি গেছবিলাকেই হৈছে সেই অদৃশ্য শক্তি যাৰ বাবে এনে অলৌকিকতা প্ৰাণৱন্ত হয় । কেতিয়াবা আকৌ জলাশয় বিলাকৰ বিপৰীতে শুকান ঠাইতো এনেদৰে জুই জ্বলি উঠিব পাৰে । শুকান ঠাইত এইক্ষেত্ৰত ফছফিনে ক্ৰিয়া কৰে ।


নিশা এনে জুইক বিচাৰি যোৱাটো বিপদজনক কাৰণ, আন্ধাৰত এনে জুই বিচাৰি গৈ পটনি আদি দ জলাশয়ত  ভৰি দি আজিলৈকে বহুতে প্ৰাণ ত্যাগ কৰিছে ।


মোৰ হলে জীয়াই থাকিবলৈ বৰ হেঁপাহ আছে দেই । আশাও আছে বহুত । 
নিশাও বেছি হ'ল মই শু ।
ধনগুলৈ বিচাৰি আপুনিও নাযাব, কাবৌ কৰিছো । যি কেইটা ধন আছে সেয়ে বহুত বুলি ভাবি শুই থাকক....


                              🌠   শুভৰাত্ৰি 🐀


▬▬▬▬▬▬▬▬▬▬
☼ আমাৰ ফেচবুক ঠিকনা 📬
✉ https://www.facebook.com/groups/372830512757409/


আমাৰ📧 facebookgyansambhar@gmail.com
🔅ফেচবুক জ্ঞান সম্ভাৰ 🔅
◀🔸🔸🔸🔴🔹🔹🔹▶


No comments:

Post a Comment

নতুন লেখা / ছবি

গ্ৰীষ্মৰ আতঙ্ক

ইমান অত্যাচাৰ ! নষ্টজোৱা, হতশ্ৰীহোৱাবোৰৰ পৰা সঁ‌চাই শান্তি নোহোৱা হৈছেগে । নাপায়, ইমান অত্যাচাৰী  হ'বগে নালাগে । যিহে অত্যাচাৰ হৈছে, যি ...