বিহঙ্গম দৃষ্টিৰে ভাৰতৰ জনসংখ্যা

🔅 *১১ জুলাই বিশেষ*

বিহঙ্গম দৃষ্টিৰে ভাৰতৰ জনসংখ্যা ;
কিছু তথ্য :
====================

ভাৰতীয় জনসংখ্যাৰ বিষয়ে লিখিবলৈ যাওতে আচলতে বহু তথ্যই সন্নিবিষ্ট কৰাৰ প্ৰয়োজন ।
ইচ্ছা আছিল বিভিন্ন পৰিসাংখ্যিক তথ্যৰ সংযোজন ঘটাই লেখাটো যুগুতকৰিম ।
কিন্তু মৰমৰ ছাত্ৰ শ্ৰীমান লক্ষ্যজিতৰ # Lakhya Jit Saikia অনুৰোধত অতি কম সময়ৰ ভিতৰত দিব লগা হোৱাত তেওঁৰ অনুৰোধ ৰক্ষা কৰি ফেচবুক জ্ঞান সম্ভাৰৰ মজিয়াত এইয়া কিঞ্চিত প্ৰচেষ্টা হিচাপে আগবঢ়ালো মাথো।  
                
                    ৰাজীৱ গোস্বামী                
==========================

         বিশ্বৰ ভিতৰতে জনসংখ্যাৰ ফালৰ পৰা ভাৰত দ্বিতীয় স্থানৰ দেশ । সমগ্ৰ বিশ্বৰে মূখ্য চাৰিটা জনবহুল মণ্ডলৰ ভিতৰত ভাৰত পূৱ আৰু দক্ষিণ এচিয় মণ্ডলৰ অন্তৰ্গত ।
প্ৰতি দহ বছৰৰ মূৰে-মূৰে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰনালয়ে চলোৱা লোকপিয়লত দেশৰ জনসংখ্যাকে প্ৰমুখ্য কৰি বিভিন্ন তথ্যৰ প্ৰকাশ ঘটে । উল্লেখযোগ্য যে ১৮৮১ চনতে লৰ্ড ৰিপনৰ প্ৰচেষ্টাত তেতিয়াৰ ভাৰতত প্ৰথমটো লোকপিয়ল সম্পন্ন কৰা হৈছিল ।
৩২,৮৭,২৬৩ বৰ্গ কিলোমিটাৰ মাটিকালিৰ ভাৰতভূমিৰ এই ভূ-খণ্ডত জনসংখ্যাৰ বিতৰণ সকলোতে সমান নহয় । পাঁচটা প্ৰাকৃতিক বিভাগত বিভক্ত ভাৰতীয় ভূ-ভাগত জনসংখ্যাৰ বিতৰণৰ তাৰতম্যত বিভিন্ন কাৰকে প্ৰভাৱ পেলায় ।
তাৰে ভিতৰত, বৰষুণৰ পৰিমাণ, উষ্ণতা, বিভিন্ন উচ্চভূমি, পানী, মাটি, বাণিজ্যৰ বাবে প্ৰয়োজনীয় জল আৰু স্থল পথৰ সুবিধা ইত্যাদি ইত্যাদি ।
ভাৰতত ক্ৰমবৰ্দ্ধমান জনসংখ্যা বৰ্তমান দেশখনৰ অন্যতম সমস্যা ।
১৯০১ চনৰ প্ৰায় ২৩.৮৪ কোটি জনসংখ্যাৰ(তথ্যৰ উৎস: HUMAN GEOGRAPHY/by B.S.Negi) পৰা ২০১১ বৰ্ষৰ লোকপিয়লে দেখুওৱা ১,২১০,৮৫৪,৯৭৭ জন জনসংখ্যালৈ ভাৰতীয় জনসংখ্যাৰ অংকটোত এক বিশাল পৰিৱৰ্তন ।
সমগ্ৰ বিশ্বৰ মুঠ মাটিকালিৰ ২.৪% মাটিকালি ভাৰতে অধিগ্ৰহণ কৰি আছে ।
ইয়াৰ বিপৰীতে কিন্তু বিশ্বৰ মুঠ জনসংখ্যাৰ ১৭.৫% শতাংশ লোক ভাৰতত বসৱাস কৰে ।
বিগত লোকপিয়ল সমূহত দেখা যায় জনসখ্যাৰ এই ক্ৰমবৰ্দ্ধমান পৰিসংখ্যাৰ হাৰ ১৯৫১ চন পৰা অধিক ঊৰ্ধ্বগামী হবলৈ ধৰিছিল । উল্লেখযোগ্য যে, ১৯১১-২১ দশকৰ ভিতৰতে ভাৰতীয় জনসংখ্যাৰ পৰিসংখ্যা কিছু নিম্নগামী হৈছিল ।

১৯০১ চনৰ পৰা ভাৰতত জনসংখ্যা বৃদ্ধিৰ শতকৰা হাৰ :
১৯০১ চনত : _______
১৯১১ চনত : +৫.৭৫%
১৯২১ চনত : -০.৩১%
১৯৩১ চনত : +১১.০০%
১৯৪১ চনত : +১৪.২২%
১৯৫১ চনত : +১৩.৩১%
১৯৬১ চনত : +২১.৫১% 
১৯৭১ চনত : +২৪.৮০%
১৯৮১ চনত : +২৪.৭৫%
১৯৯১ চনত : +২৩.৫০%
২০০১ চনত : +২১.৫০%
২০১১ চনত : +১৭.৭%
(*১৯০১ চনৰ পৰা ১৯৯১ চনলৈকে পৰিসংখ্যা Dr° BALBIR SINGH NEGIৰ HUMAN GEOGRAPHYৰ পৰা লোৱা(লগতে অধিক তথ্যৰ বাবে চাব পাৰে/পৃষ্ঠা নং: ২৫৬,
২০০১ চনৰ পৰা ২০১১ চনলৈ এই তথ্য Wikipediaৰ পৰা সংগ্ৰহ কৰা হৈছে ।)

অৱশ্যে চৰকাৰৰ জন্মনিয়ন্ত্ৰণ আঁচনি আৰু জন সচেতনতা বৃদ্ধি আদি কাৰকৰ বাবে ২০০১ চনৰ লোকপিয়লৰ পাছত বৃদ্ধিৰ হাৰ পুনৰ কিছু নিম্নগামী হৈছে ।
হ’লেও ইতিপূৰ্বে বাঢ়িযোৱা জনসংখ্যাই কম সময়ত বৃদ্ধিৰ দ্ৰুতিত যে ভূমিকা ল’ব সেয়া নিশ্চিত ।
               ভাৰতৰ দৰে কৃষি প্ৰধান এখন দেশৰ অৰ্থনীতিৰ মূল চালিকা শক্তি কৃষিয়ে বহন কৰে । তেনেক্ষেত্ৰত দ্ৰুত গতিৰে বৃদ্ধি ঘটা জনসংখ্যাই কৃষিভুমিক ক্ৰমাৎ সংকুচিত কৰি অনাৰ লগতে আন বিভিন্ন সমস্যাৰো সৃষ্টি কৰিছে ।
১,২১০,৮৫৪,৯৭৭জনৰো অধিক বৰ্তমানৰ ভাৰতীয় জনসংখ্যাৰ এই বৃহৎ সংখ্যাটো দেশখনত গড়ে প্ৰতি বৰ্গ কিলোমিটাৰত ৩৮২ জনকৈ বাস কৰে যিটো সমগ্ৰ বিশ্বৰ আন-আন দেশৰ তুলনাত বেছি । উদ্বেগ জনক কথা যে ২০০১ চনৰ লোকপিয়ল মতে ভাৰতত বসতিৰ ঘনত্ব আছিল ৩২৪ জন/বৰ্গ কিলোমিটাৰ ।
সমগ্ৰ দেশখনৰ ভিতৰতে জনসংখ্যাৰ এই ঘনত্ব আকৌ দিল্লীত চকুত লগাকৈয়ে বেছি ।
২০১১ চনৰ লোকপিয়লে দিল্লীৰ প্ৰতি বৰ্গ কিলোমিটাৰত ১১,২৯৭ জন লোকে বাস কৰে বুলি প্ৰকাশ কৰিছিল । ইয়াৰ বিপৰীতে উত্তৰ-পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশত গড়ে ১৭জনকৈ/প্ৰতি বৰ্গ কিলোমিটাৰ ব্যক্তিৰে জনসংখ্যাৰ ঘনত্ব সকলোতকে কম ।
মন কৰিবলগীয়া যে, যিসময়ত(২০১১ বৰ্ষৰ লোকপিয়ল) দেশীয় জনসংখ্যাৰ গড় ঘনত্ব ৩৮২ জন, সেই সময়ত অসমত প্ৰতি বৰ্গ কিলোমিটাৰত ৩৯৭ জন লোকে বাস কৰে ; নিশ্চয়ে অসমৰ বাবে ই এক ভাবুকি বুলিয়েই ক’ব লাগিব ।

        ফেচবুক জ্ঞান সম্ভাৰৰ মাননীয় সদস্য সকল, আপোনালোকে নিশ্চয়ে জানে যে মাটিকালিৰ ফালৰ পৰা ৰাজষ্ঠান দেশখনৰ ভিতৰতে আটাইতকৈ ডাঙৰ ৰাজ্য ।
পিছে জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিছে উত্তৰ প্ৰদেশে । ইয়াৰ বিপৰীতে ছিকিম কম জনসংখ্যাৰ দেশ বুলি চিহ্নিত হৈছে ।

২০১১ বৰ্ষৰ লোকপিয়ল মতে ভাৰতৰ কেইখনমান জনবহুল ৰাজ্যৰ তথ্য এনেধৰণৰ :
উত্তৰ প্ৰদেশত : ১৯৯,৮১২,৩৪১ জন লোকে,
মহাৰাষ্ট্ৰত    : ১১২,৩৭৪,৩৩৩ জন লোকে,
বিহাৰত     : ১০৪,০৯৯,৪৫২ জন লোকে,
পশ্চিম বঙ্গত  : ৯১,২৭৬,১১৫  জন লোকে,
অন্ধ্ৰপ্ৰদেশত   :  ৮৪,৫৮০,৭৭৭ জন লোকে বাস কৰে ।

উল্লেখযোগ্য যে, সেই বছৰৰ লোকপিয়লত অসমত ৩১,২০৫,৫৭৬ জন(১৫,৯৩৯,৪৪৩ জন পুৰুষ, ১৫,২৬৬,১৩৩ গৰাকী মহিলা) । ইয়াৰ আগৰ লোকপিয়ল ২০০১ ত এই সংখ্যা পোৱা গৈছিল ২৬,৬৫৫,৫২৮ জন (১৩,৭৭৭,০৩৭ জন পুৰুষ আৰু ১২,৮৭৮,৪৯১ গৰাকী মহিলা ।

দিনকদিনে বাঢ়ি অহা জনসংখ্যাৰ ভয়াবহতাই খাদ্য-বাসস্থানৰ অভাৱ বঢ়াই তুলিছে ।
কেৱল ভাৰততে নহয় জনসংখ্যা বৃদ্ধিৰ এই জ্বৰে ভাৰতৰ লগতে বিশ্বৰ বিভিন্ন দেশকো কঁপাই তুলিছে ।
এনেদৰে জনসংখ্যাৰ বৃদ্ধি ঘটি থাকিলে ২১০০ চনলৈ বিশ্ব জনসংখ্যা এঘাৰ বিলিয়নলৈ বৃদ্ধি ঘটিব বুলি বিশেষজ্ঞ সকলৰ প্ৰকাশ ।

🔹 এই লেখাৰ বাবে প্ৰয়োজনীয় তথ্য সংগ্ৰহ কৰোতে উৎস সমূহৰ মাজত কিছু পৰিসাংখ্যিক অমিল চকুত পৰিছিল ।

🔸এই লেখাৰ বাবে আমি তথ্য সংগ্ৰহ কৰা উৎস সমূহ তথা কৃতজ্ঞতা স্বীকাৰ :
www.census2011.co.in ,
HUMAN GEOGRAPHY by BALBIR SINGH NEGI,
Wikipedia
আৰু
শৰাইঘাট অসম ইয়াৰ্বুক ২০১৬
              শুভৰাত্ৰি 💐🙏
                                    
*ফেচবুক আমাৰ ঠিকনা* :
  https://www.facebook.com/groups/372830512757409/
   💠*ফেচবুক জ্ঞান সম্ভাৰ*💠

No comments:

Post a Comment

নতুন লেখা / ছবি

গ্ৰীষ্মৰ আতঙ্ক

ইমান অত্যাচাৰ ! নষ্টজোৱা, হতশ্ৰীহোৱাবোৰৰ পৰা সঁ‌চাই শান্তি নোহোৱা হৈছেগে । নাপায়, ইমান অত্যাচাৰী  হ'বগে নালাগে । যিহে অত্যাচাৰ হৈছে, যি ...