জ্যোতি ককাইদেউৰ জয়মতী জয়মতী
“জ্যোতি ককাইদেউৰ
জয়মতী”
১৯২৬ চনৰ ছেপ্তেম্বৰ মাহত উচ্চ শিক্ষাৰ বাবে জাৰ্মানীলৈ যোৱা জ্যোতি ককাইদেৱে তাতেই বোলছবি শিল্পৰ শিক্ষা লৈ নিজ দেশলৈ ঘূৰি আহিছিল । বোলছবি এখন নিৰ্মাণৰ হেঁপাহ তেওঁৰ কিছু বছৰৰ আগতেই মনত সৃষ্টি হোৱা । কিছু বছৰ মানে তেতিয়া তেওঁৰ মাত্ৰ ওঠৰ বছৰ বয়সহে দেই, মানে ১৯২১ চনতে !কলিকতাত ‘আধাৰ আলো’ নামৰ নিৰ্বাক বোলছবি এখন হেনো চাই ককাইদেউৰ মনত এই অভিলাষ ।
সেই সময়ত অসমৰ মাটিত কি সৰ্ব ভাৰতীয় ভিত্তিত কবলৈ গ’লে ই এক আচৰিত চিন্তা আৰু সাধাৰণ মানুহৰ বাবে সপোনতো নভবা এটা আচহুৱা বিষয় ।
তেনে সময়তে জাৰ্মানীত উচ্চ শিক্ষা লবলৈ বুলি যোৱা শ্ৰ্দ্ধাৰ ককাইদেৱে বোলছবি নিৰ্মাণৰ শিক্ষা গ্ৰহণ কৰি ১৯৩০ চনত ঘূৰি আহি অসম পালেহি । সেই সময়ত ভাৰতৰ লগতে অসমতো স্বাধীনতা আন্দোলনৰ চলি আছিল প্ৰচণ্ড জোৱাৰ ।
এনেই তেখেত শিল্পী মানুহ ; স্বভাৱতে স্বাধীনতাপ্ৰিয় । তাতে আকৌ মাতৃভূমিৰ স্বাধীনতাৰ প্ৰশ্ন । তেওঁনো ৰৈ থাকে কেনেকৈ । সক্ৰিয় ভূমিকা লৈ তেখেত আন্দোলনত জপিয়াই পৰিল । ফলত, ১৯৩২ চনত ৰঙাঘৰত সোমাব লগাও হ’ল ।কিন্তু শিল্পী মন, সেই সময়তে জেলৰ ভিতৰত তেখেতে এক মহৎ কামেই সমাপন কৰিলে ।
ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ নাটক ‘জয়মতী কুঁৱৰী’-ক চিত্ৰনাট্যৰ ৰূপ দি ৰূপকোঁৱৰে নিৰ্মাণ কৰিলে প্ৰথমখন অসমীয়া চলচ্চিত্ৰৰ কগজ-কলমৰ কাম ।অৱশ্যে, তেখেতে বেজবৰুৱা দেৱৰ মূল নাটকখনত নথকা কিছুমান চৰিত্ৰ যেনে ‘লালুকসোলা’ ‘গাঁঠি হাজৰিকা’ আৰু কিছুমান দৃশ্য যেনে ভাওনা, জাপি নৃত্য আদি নিজাকৈ সন্নিৱিষ্ট কৰিলে ।
জেলৰ পৰা মুক্তি লাভ কৰিয়েই অদম্য সাহস আৰু নিষ্ঠাৰে জ্যোতি ককাইদেৱে আৰম্ভ কৰিলে ‘জয়মতী’ কথাছবিৰ নিৰ্মাণৰ অখৰা ।
জ্ঞান সম্ভাৰৰ মাননীয় সদস্য-সদস্যা সকল, সৰ্ব ভাৰতীয় পৰ্যায়ত যদি চোৱা যায় তেনেহলে ১৯৩১ চনত মুক্তি লাভ কৰা ‘আলম আৰা’ হৈছে প্ৰথমখন ভাৰতীয় সবাক চলচ্চিত্ৰ । তেনেহলে তাৰ চাৰি বছৰৰ পাছত বা সেই যুগত এখন চলচ্চিত্ৰ তাকো অসমৰ মাটিত !!!
ভাবি চাওক, কি এটা কঠিন প্ৰত্যাহ্বানৰ প্ৰতি অদম্য সাহস আৰু প্ৰচেষ্টা ।
সেই যুগৰ কথা বাৰু বাদেই দিছো, আজিও তথ্য-প্ৰযুক্তি বা আন বহু কাৰিকৰী দিশৰে আমি ভাৰতৰ আন ৰাজ্যৰ তুলনাত ভালেখিনি পাছপৰি আছো আৰু তেনে সময়তে এখন অসমীয়া চিনেমা ! ভাৰতৰ ভিতৰতে চতুৰ্থখন সবাক বোলছবি ;..........চতুৰ্থখন । ক’বলৈ যাওঁতে গৌৰৱতে গোটেই গাটোৱেই কিবা সিৰ-সিৰাই যোৱা কথা নহয়নে ? পিছে ৰ’ব, অসমৰ মাটিত কাহানিও নোহোৱা-নোপোজা কাম এটা কৰিবলৈ যাওঁতে কিমান সমস্যা হ’ব ভাবকচোন !
গাঁৱতে আপুনি থিয়েটাৰ এখন পাতিবলৈ গ’লেই দেখোন সমস্যা শেষ কৰিব নোৱাৰা অৱস্থাৰ কেতিয়াবা সৃষ্টি হয় । আজিও বহুতেই ঘৰৰ ছোৱালী জনীক গাঁৱতে থিয়েটাৰ এখন কৰিবলৈ পঠিয়াব লগা হলে প্ৰথমে সাত জাঁপ মাৰিহে এৰে । আৰু সেই যুগত ..........
অভিনেতা/অভিনেত্ৰী বিচাৰি জ্যোতি ককাইদেৱে ‘বাতৰি’ নামৰ কাকত এখনত বোলে বিজ্ঞাপন দিছিল । বিজ্ঞাপন দেখি অভিনেতাৰ অনেক আবেদন আহিল কিন্তু অভিনেত্ৰীৰ বাবে এখনো নাহিল ।
ফলত ককাইদেৱে নটসূৰ্য ফণী শৰ্মা, ফূনু বৰুৱা, ৰাজেন বৰুৱা, প্ৰফুল্ল চন্দ্ৰ বৰুৱা আদি লোক সকলৰ সহযোগত বিভিন্ন ঠাই ভ্ৰমণ কৰি আইদেউ সন্দিকৈ, মোহিনী ৰাজকুমাৰী, পুনেশ্বৰী গগৈ, দীনেশ্বৰী ৰায়ভূঞা, ৰাসেশ্বৰী হাজৰিকা, স্বৰ্গজ্যোতি আদি কেইগৰাকীমান অভিনেত্ৰীক বিচাৰি আনিলে ।ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ভোলাগুৰি চাহ বাগিচাত নিৰ্মাণ কৰিলে ষ্টুডিঅ’ নাম, ‘চিত্ৰবন’ ।
এখন মধ্যযুগীয়া অসমীয়া সমাজক জয়মতীত প্ৰতিফলন ঘটাবলৈ প্ৰয়োজন হ’ল পুৰণা অলেখ সামগ্ৰীৰ ।অসমৰ বিভিন্ন সত্ৰ আৰু বিভিন্নজন ব্যক্তিৰ পৰা সেই সমূহ সংগ্ৰহ কৰি ভোলাগুৰি চাহবাগিচাত যেন এটা সংগ্ৰহালয় তেখেতে সৃষ্টি কৰিলে ।
ষ্টুডিঅ’ৰ নিৰ্মাণ কাৰ্য আকৌ আচহুৱা । অনন্য প্ৰতিভাৰ প্ৰতিভূ এইগৰাকী মহান শিল্পীয়ে ইকৰা, বাঁহ, বেতেৰে গঢ় দিছিল ‘চিত্ৰবন’ । ৰজাৰ ৰাজকাৰেং নিৰ্মাণৰ কথা শুনিলে আজিৰ তাৰিখত হয়তো আৰু আচৰিত লাগিব । কলগছৰ গাৰ ওপৰৰ সেউজীয়া পটুৱা আঁতৰাই তাৰ খুটা আৰু চ’টিৰে সঁজা হৈছিল ৰাজ-কাৰেং ।
গোবৰ আৰু মাটি মিহলাই ষ্টুডিঅ’ৰ মজিয়াখন সঁজা হ’ল । পিছে কলগছৰ পটুৱাৰে সঁজা ৰাজ-কাৰেঙৰ পটুৱা দুদিনৰ পাছত শুকাই বেৰৰ মাজে-মাজে ফাঁক উলাই সমস্যাৰ উদ্ভৱ ঘটাত ফাঁকবোৰত জাপি আৰু ৰ্ং দিয়া ঢাৰি আঁৰি সমাধান কৰা হ’ল ।
‘জয়মতী’ জ্যোতি ককাইদেউৰ আছিল এক কৃচ্ছ্ৰ সাধনা । দুঃসাহসিকতাৰ সৈতে মুখামুখি আৰু বিজয়ৰ আত্মবিশ্বাস ।
পিছে ৰ’ব, আৰু সমস্যাৰ কথালৈ আহো । অসমৰ মাটিত কাহানিও নোহোৱা এটা কাম । সাধাৰণ সৰহভাগেই চাগে বুজি পোৱা নাছিল শিল্পীজনে এইয়া বনাই কেনেকৈনো দেখুৱাব । তেনে এটা সময়ত এখন বোলছবি নিৰ্মাণৰ বাবে প্ৰয়োজনীয় কাৰিকৰী কৌশলৰ বাবে প্ৰয়োজনীয় মানুহ এই ভূমিভাগত নথকাই স্বাভাৱিক ।
ককাইদেৱে প্ৰথমে কলিকতাৰ প্ৰতিষ্ঠান এটাৰ দ্বাৰা কাম সমাধা কৰিব বিচাৰিছিল য’দিও কলাগুৰু জনাৰ সকীয়নিত তেখেতে সেই চিন্তা বাদ দি নিজেই সেই ব্যৱস্থা কৰিলে আৰু লাহোৰৰ পৰা অভিযন্তা ফৈজী চাহাবক শব্দ গ্ৰহণৰ বাবে আৰু ভূপাল মেহতাক চিত্ৰ গ্ৰহণৰ বাবে লৈ আনিলে । হলে কি হ’ব, দৃশ্য গ্ৰহণ শেষ হোৱাৰ পাছত ঘটিল সেই অঘটনটো । দুই কাৰিকৰী বিশেষজ্ঞই বোলছবিৰ দৃশ্য গ্ৰহণ শেষ কৰাৰ পাছত ৰীল লৈ পলায়ন কৰিলে ।
এনেবোৰ নানান সমস্যাৰ মাজেৰে অসমক গৌৰৱৰ মুকুট পিন্ধাই ৰূপকোঁৱৰ জ্যোতি কাকাইদেৱে ১৯৩৫ চনৰ ১০ মাৰ্চত ‘জয়মতী’ বোলছবিক https://www.youtube.com/watch?v=QfomR90L7IE&feature=share কলিকতাৰ ‘ৰাওনাক’ চিনেমা হলত মুক্তি দিবলৈ সমৰ্থ হ’ল ।
অসমীয়া প্ৰথম চলচ্চিত্ৰ ‘জয়মতী’ ।
অসমত ১৯৩৫ চনতে ২০ মাৰ্চত গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত প্ৰথম প্ৰদৰ্শন কৰা হৈছিল ।
‘জয়মতী’-ক লৈ লক্ষ্মীনাথ বেজবৰুৱাদেৱে আকৌ মন্তব্য কৰিলে এনেদৰে:
“ ‘জয়মতী’ কথাছবি অসমীয়াৰ প্ৰথম উদ্যম । এই উদ্যমত হাত দিছে কোনে ? মই বঢ়াই নকঁও, কিন্তু কমেই যে, যদি তেওঁ এই কামত হাত নিদিলেহেঁতেন কমেও ২০/৩০ বছৰৰ ভিতৰত অসমীয়াৰ দ্বাৰাই এনে এটা কাৰ্য হৈ নুঠিলেহেঁতেন ।”
আকৌ উন্মোচন কৰি হেনো তেখেতেই ক’লে : ‘ আহোম ৰাজ্যত দুঘন্টা সোমাই থকা যেন লাগিল ।”
‘জয়মতী’ কথাছবিয়ে অসমীয়া সাংস্কৃতিক জগতখনত এক নতুন দিগন্ত সূচনা কৰিছিল । অসমত আৰম্ভ হৈছিল এক নতুন উদ্যোগৰ দোক-মোকালি । প্ৰথমে অভিনেত্ৰী বিচাৰি নোপোৱা কথাছবিখনত পাছলৈ কেইবাগৰাকী অভিনেত্ৰীয়েও অভিনয় কৰিছিল ।
নৃত্যৰ প্ৰশিক্ষণ দিছিল স্বয়ং বিষ্ণু প্ৰসাদ ৰাভাদেৱে ।
কথাছবি খনৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰা অভিনেতা-অভিনেত্ৰী সকলৰ ভিতৰত
আইদেউ সন্দিকৈয়ে কথাছবিখনৰ নাম ভূমিকাত অভিনয় কৰিছিল ।
সেইদৰে,
ৰাজমাও : মোহিনী ৰাজকুমাৰী,
ডালিমী : স্বৰ্গজ্যোতি
ল’ৰা ৰজা : নৰেন বৰদলৈ (*আমাৰ নগাঁৱৰ বঢ়মপুৰৰ ),
গাঁঠি হাজৰিকা : ফণী শৰ্মা
--------- : গজেন বৰুৱা
ইত্যাদি শিল্পী সকলে ।
সেই সময়ত কথাছবিখন নিৰ্মাণ কৰোঁতে খৰছ হৈছিল ৫০,০০০ টকা আৰু ইয়াৰে ৩০,০০০ টকাই জ্যোতি ককাইদেউৰ লোকচান হৈছিল যদিও চলচ্চিত্রৰ জগতত অসমক তেখেতে সফলতাৰ মুকুট পিন্ধাইছিল ।
’১৭ জানুৱাৰী’ , মহান অসমীয়া শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু তিথি ।অ’ ৰ’ব, অসমীয়া চলচ্চিত্ৰৰ পিতৃ-পুৰুষ এইজনা অসমীয়া শিল্পীৰ লগত জড়িত হৈ থকা আৰু ‘জয়মতী’ নিৰ্মাণৰ সময়ৰে এটা ৰসাল কাহিনীৰে জ্ঞান সম্ভাৰৰ এই লেখা সামৰিব বিচাৰিছো :
‘জয়মতী’-ৰ নিৰ্মাণ কাৰ্য তেতিয়া চলি আছিল ।চিত্ৰ গ্ৰহণৰ বিভিন্ন বা-বাতৰি সেই সময়ত কাকতলৈ পঠিয়াই আছিল নৰেন বৰদলৈয়ে ।এবাৰ বৰদলৈ ডাঙৰীয়াই কোনো এটা বাতৰিত আগৰৱালাদেৱৰ নামৰ আগত “সপোন কোঁৱৰ” বুলি লিখি প্ৰকাশ কৰিলে । নিশা বাতৰি কাকত পঢ়িবলৈ লৈ “সপোন কোঁৱৰ” উপাধি দেখি ককাইদেৱে বৰদলৈদেৱক হেনো কৈছিল , “নৰেন্দ্ৰ ! তুমি ক’ত মোক সপোন বিলাসী দেখিলা ? মই বাস্তৱ বিলাসীহে । সপোনক বাস্তৱৰূপ দিয়াটো মোৰ উদ্দেশ্য, গতিকে আগলৈ এইটো নিলিখিবা ।” (বাবুল দাস : জ্যোতিৰ সান্নিধ্যত, পৃ: ১২৩ )। বৰদলৈদেৱে ইয়াৰ পাছত লিখা বাতৰিত নামৰ আগত “ৰূপশিল্পী” বুলি লিখিলে । পিছে নিশা যেতিয়া আগৰৱালাদেৱে কাকত পঢ়িলে তেতিয়া সেই উপাধিটো তেখেতৰ পচন্দ নহ’ল বুলি বৰদলৈ ডাঙৰীয়াই গম পালে ।
এদিন হঠাৎ নিশা শোৱাৰ পৰা উঠি বহি আত্মহাৰা হৈ নৰেন বৰদলৈ দেৱে একে কোঠাতে শুই থকা ৰাজেন বৰুৱা আৰু দুজনমানক জগাই তেখেতে ভাবি পোৱা ‘ৰূপকোঁৱৰ’ উপাধিটো কেনে হ’ব সুধিলে আৰু সকলোৰেপৰা সেউজ সংকেট লাভ কৰাত সেইবাৰৰ বাতৰিত “ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা” বুলি লিখি পঠিয়াই দিয়া হ’ল ।
সেইবেলি কাকতখনত নিজৰ নামৰ আগত ‘ৰূপকোঁৱৰ’ বুলি পঢ়ি আগৰৱালাদেৱে হেনো কৈছিল, “নৰেন ! তুমি কি মোক উপাধি দিহে এৰিবা ?”
শেষত, এইগৰাকী স্ংস্কৃতিৰ মহান পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালালৈ শ্ৰদ্ধাৰ্ঘ নিৱেদি আমাৰ এই লেখা ইমানতে সামৰিছো ।
* এই লেখাৰ কাৰণে তথ্যৰ সহায় লৈছো :
ড° প্ৰহ্লাদ কুমাৰ বৰুৱাৰ গ্ৰন্থ “জ্যোতি মনীষা”
দিলীপ কুমাৰ বৰুৱাৰ : অকণিৰ শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা ।
দুলাল বৰাৰ সম্পাদিত : অসমীয়া পকেট কুইজ/সংখ্যা-১
সমূহ লেখকলৈ আমি কৃতজ্ঞতাৰ শৰাই আগবঢ়ালোঁ ।
☞ আমাৰ ফেচবুক ঠিকনা :



Comments
Post a Comment