আচৰিত "ন"
আচৰিত "ন" ০৯-০৯-২০২৫, এটি সুন্দৰ তাৰিখৰ সুন্দৰ দিনৰ সাক্ষী হৈ সুন্দৰকৈ দিনটো পাৰ কৰিলো । ৯-ৰে পৰিৱেষ্টিত হোৱা এটা ধুনীয়া দিন । চাওকচোন, ০+৯ = ৯ ০+৯ = ৯ ২+০+২+৫ = ৯ বাঃ, মুঠতে ৯-৯-৯ । তাতে আকৌ মঙ্গলবাৰ, কাকতালীয়ই কওক বা আপুনি যিয়েই নকওক ; সংখ্যাতত্ত্বৰ মতেৰে "৯" অংকটো মংগল গ্ৰহক প্ৰতিনিধিত্ব কৰা শক্তিশালী অংক । "৯" বহু গুণ সমৃদ্ধ এটি যাদুকৰী অংকও । "৯"-ৰ মাজত এনে কিছুমান যাদুলগা গুণ আছে যি সংখ্যামোদি ব্যক্তিক সহজতে আকৰ্ষিত কৰি মোদিত কৰিবলৈ ই সক্ষম । আমাৰ বৈদিক গণিত শাস্ত্ৰয়ো "৯"-ক বিশেষ গুৰুত্ব দি আহিছে । ই নতুনত্বৰ সংখ্যা । অংকবোৰ ০-ৰ পৰা আৰম্ভ হৈ "৯"-তে শেষ হয় আৰু তাৰপাছত আহে গাঁথনিৰ এক নতুন ধাৰা । ই সকলো অংকৰে জ্যেষ্ঠ আৰু পৰিৱৰ্তনৰ শেষ সীমা । পুৰুষাণুক্ৰমিক ভাৰতীয় চিন্তা-চেতনা, মান্যতা আৰু বৈদিক পৰম্পৰাৰে "৯" এক শক্তিশালী, আত্মবিশ্বাসৰে পুষ্ট এক ধনাত্মক শুভ সংখ্যা । চীন দেশীয় পৰম্পৰায়ো "৯"-ক এটি শুভ সংখ্যা ৰূপে মান্যতা দিয়ে । পশ্চিমীয়া বহু দেশৰ সংখ্যাতত্ত্বটো "৯" এক শুভসংখ্যা ...