বেবেৰিবাং কথা---৩ (শতাব্দী)

বেবেৰিবাং কথা😂 ---৩
(শতাব্দী)

এটা কথা বহু মানুহেই ভুল কৰে ।
বহু দিন বহুজনক কোৱা এই কথাটো আজি  উল্লেখ কৰোঁ বুলিয়েই বাটকুৰিখন বাই 🚶এইখিনি পাইছোহি । চাওকচোন, মোৰ ঘৰৰ পৰা আপোনাৰ ঘৰলৈকে কমখন দূৰৰ বাটনে ।  বাটত ৰৈ-ৰৈ হাচতিৰ পৰা তামুল এতিয়ালৈকে কেইখন উলিয়ালো ঠিকেই নাই । এতিয়া চাহ-পানীটোপা ধৰিব পাৰিলেই কথা দুটামান ক'ব পাৰোঁ । আৰু যদি লুচি-আলুভাজিও দিয়ে মইনো কি ক'ম, নাখাওঁ বুলিলেও পাব পাৰে বেয়া !  তাতে যদি ৰাজমাহৰ ডাঠ তৰকাৰি এখন থাকে ভালেই । মানুহক আমনি দিবলৈ বেয়াও লাগে নহয় গতিকে বৰ বেছি একো নবনাব ।  অলপ আচাৰ আৰু থাকিলে দুচকলমান বেঙেনা ভাজি দিলেই হ'ব । মন কৰিলে বাৰু মিহিকে সৰু পিঁয়াজ এটাও কুটি দিব পাৰে ।

       আমি সেই আধুনিক যুগৰ মানুহহে, খোৱাত কেঁচা । ফেচবুক-হোৱাতচএপ কৰা একৈশ শতিকাৰ মানুহ । লগৰ কিছুমানক দেখিলো উ.... আমাৰ ওলোটা ; মানধাতাৰ যুগত থাকিহে ভাল পায় । সেয়েহে নেকি চলি থকা শতাব্দীটোক তেৰাসৱে "বিংশ" শতাব্দী বুলিহে জানে । বাচাধনহঁতে পৃথিৱীত কি চলি আছে ক'বই নোৱাৰে ।
আজিলৈকে যে কিমানজনক কৈছো বোলো নহয় অ' এতিয়া "একবিংশ শতাব্দী" ; নাই......., আকৌ বিংশ শতিকা বুলিযে কয় ।
হেৰ' গ্ৰেগৰিয়ান বৰ্ষপঞ্জীখনৰখনৰ প্ৰথম শতিকাটোৰ প্ৰথম বছৰটোৰ আগত ০ শতিকা নাছিল । গতিকে প্ৰথমটো শতিকা প্ৰথম বছৰটোৰ পৰা চলি-চলি ১০০ বছৰটোত শেষ হৈছিল । মানে ১ চনৰ পৰা ১০০ চনলৈ ১মটো শতিকা । তেতিয়াহ'লে ১০০০ চনলৈ হ'বগে দশম শতিকা । সেইফালৰপৰাই তেন্তে ২০০০ চনটোত বিংশ শতিকাটো শেষ হৈছিল আৰু ২০০১ চনৰে পৰা একবিংশ শতিকাটোৰ আৰম্ভ ঘটিছিল ।

       যিকোনো এটা বছৰ কোন শতিকাৰ সেই কথা জানিবলৈ এটা সহজ অংকৰেও সমাধা কৰি উত্তৰ জানিব পাৰি ।
ধৰি লৈছো দিয়া হৈছে ১৮০৫ চনটো কোনটো শতিকাত পৰে জানিব লাগে ।
উত্তৰটো জানিবলৈ বা সমাধান কৰিবলৈ চনটোক ১০০-ৰে হৰণ কৰি যদি সমাধানটোৰ ভাগফল দশমিকত ওলাই তেতিয়াহ'লে দশমিক বিন্দুটো আৰু তাৰ পাছত থকা অংককেইটাক উঠাই দি তাৰ সলনি ভাগফলৰ লগত ১ যোগ কৰিব লাগিব ।

তেনেহ'লে ১৮০৫ ÷ ১০০ = ১৮.০৫
এতিয়া ভাগফল, ১৮ + ১ (.০৫- ৰ সলনি) = ১৯
অৰ্থাৎ, ১৮০৫ চনটো হ'ব ১৯ শতিকাত ।

     লৈ আনক-লৈ আনক, বতৰো ইমান এটা ঠিক নহয়, বাটখনো হৈছে দূৰ ; আমি আক' ভৰিৰ ওপৰত উঠি চলি যোৱা মানুহহে । গতিকে পলম নকৰোঁ ।
পুনৰ লগপোৱাৰ আশাৰে এৰিছোহে দেই, কৃষ্ণ........ 🙏

                    💠 শুভ আবেলি 🐦

           ☀ আমাৰ ফেচবুক ঠিকনা 📬
            ⚜ ➖➖➖➖➖➖➖⚜
✉ https://www.facebook.com/groups/372830512757409/
📶8⃣0⃣1⃣1⃣......
আমাৰ📧 ঠিকনা : facebookgyansambhar@gmail.com
                   ফেচবুক জ্ঞান সম্ভাৰ
                                                                                                                                            🔅◀🔸🔸🔸🔴🔹🔹🔹▶🔅

বেবেৰিবাং কথা---২ (পুলিচ মাষ্টৰ)

বেবেৰিবাং কথা 😂 ---২
(পুলিচ মাষ্টৰ)

🔴 কাহিনী ৰূপত থকা কথাখিনি বিদ্যালয় বিলাকত সাধাৰণতে থকা আটাইতকৈ দুষ্ট আৰু অঘাইতং  ছাত্ৰৰ ধ্যান-ধাৰণাক লৈহে উপস্থাপন কৰিছো । সদাশয় পাঠকসকলে দুষ্ট ল'ৰাৰ মনোজগতখনৰ ভিত্তিতহে পঢ়িব ।
                           ধন্যবাদ
⚪🔸🔹🔹🔸💠🔴💠🔸🔹🔹🔸⚪

         গৱাক্ষৰৰ সিপাৰে চলি থকা মনোৰম নৃত্যটো চাই আনন্দত হিয়া নভৰা হ'ল । বেচ হৈছে, পলমকৈ হ'লেও ওপৰৱালাই তাক ন্যায় দিলে ; তাকো সি নিজ চকুৰে আজি দেখিছে । হি....হি....হি , সৌৱা চোৱা, পুলিচ মাষ্টৰে সঁচাই ভাল নাচিছে দেই !---- পিতায়ে দৃশ্যটো আগ্ৰহৰে উপভোগ কৰি ভাবিলে ।

      স্কুল বন্ধৰ দুদিন আগত এই গোস্বামী পুলিচ মাষ্টৰ আৰু শৰ্মা পুলিচ মাষ্টৰে তাক কমখন কৰিছিলনে ! কণপাই আৰু তাক পথাৰৰ পৰা স্কুললৈ ধৰি আনিলেটো আনিলেই, আনি আকৌ বৰ্গমূল উলিয়াবও দিয়ে । চাল্লা গোটেই দিনটোৱেই বৰবাদ কৰি দিছিল । সেইদিনাই দুয়োটাই ডালিম গছৰ তলত বহি  পুলিচ মাষ্টৰ দুটাক আঙুলি ফুটাই  শাও দি থৈছে ।
আজি বাপ্পেকে ভগৱানে তাক ন্যায় দিলে । সৌৱা, চোৰাতে ডাকিলত গোস্বামী পুলিচ মাষ্টৰে আজি নাচিয়েই আছে । হাতৰে এবাৰ ভৰিত, এবাৰ পিঠিত, মাজে-মাজে হাতৰ ঠাৰিত........ওহ, মজা নাচ দিছে মাষ্টৰে ।
"অ' বোলোএতিয়া কেনে ?"--- সৰুকৈ হ'লেও কথাষাৰ কৈ সি বৰ শান্তি পালে !

     এই মাষ্টৰ দুটা সঁচাই পুলিচ । লম্বা-লম্বা হাত-ভৰি, মস্ত ওখ । গোস্বামী মাষ্টৰ হৈছে এক নম্বৰৰ পুলিচ আৰু শৰ্মা মাষ্টৰ হৈছে ইংৰাজ পুলিচ । বাপ্পা অ'...., কেনেকৈনো গম পায় জানো, বাটৰ পৰাই ল'ৰা স্কুললৈ ধৰি লৈ যায় !
ঘৰত কাম বন নাথাকে হ'বলা, সদায় স্কুল আহি প্ৰথম পুলিচ মাস্তৰে যোগ-বিয়োগ কৰিব দিয়ে । ইংৰাজ মাস্তৰটোওটো যে আৰু, নীলা ৰঙৰ ভেচপাখন লৈ সদায়নো স্কুললৈ আহিব লাগেনে পাই !  স্কুল আহিয়েই সেই ভেচপাখনহে দেখা পাওঁ ।

     মাষ্টৰে তেতিয়াও খজুৱায়েই আছে । পুনৰবাৰ দৃশ্যটো হেঁপাহ পলুৱাই চাই পিতায়ে চিঞৰিলে, "মাই ঔ..... অ' মাই, ভাত কেইটামান বেছিকৈ দে ।
দৃশ্যটোৱে পৰম আনন্দ দিলেও ভাতৰ পাততে মনলৈ অহা কথাটোতহে পিতাইৰ বৰকৈ বেয়া লাগিল ।
ঘৰত কাম নথকাৰ কাৰণে সদায় স্কুল যোৱা পুলিচ মাস্তৰটোৱে আজি কামত ধৰোতেইনো চোৰাতসোপাই ডাকিবলৈ পায়নে ! এনেকৈ হ'লে কামত মন কেনেকৈ বহিব আৰু কামত মন নবহিলে সদায় স্কুললৈ গৈ বৰ্গমূল নে কি সেইসোপা উলিয়াই লবগে । চোৰাতসোপাই ডাকিবনো লাগে কিয় ❓❓❓

        এৰা, অসম আৰু উত্তৰ-পূৰ্বাঞ্চলত পোৱা "মানুহ খোৱা গছ খ্যাত" চোৰাত 🌿 কম-বেচি পৰিমাণে আমাৰ সকলোৰে চিনাকি । ভাৰতৰ অন্যান্য কিছু অঞ্চলৰ লগতে শ্ৰী লংকা, ভূটান, থাইলেণ্ড আদিতো ইয়াক পোৱা যায় । ইংৰাজীত ইয়াক কোৱা হয় "Pulutus" "Pulus" "Fever Nettle" "Elephant Nettle" ইত্যাদি ।
Urticaceae পৰিয়ালৰ অন্তৰ্গত চোৰাতৰ বৈজ্ঞানিক নাম হৈছে Dendrocnide sinuata ।
সেমেকা চিৰসেউজ অঞ্চলত পোৱা এই গছবিধ  ছয়  ফুটতকৈও বেছি ওখ হ'ব পাৰে । বহুবৰ্ষজীৱী এই গছজোপাৰ পাত ধপলা-ধপল, অলপ দীঘল আৰু পাতত ক্ষুদ্ৰ নোম থকা । শীতকালত গছবিধৰ বগা ৰঙৰ ফুল ফুলে । চোৰাতগছ আয়ুৰ্বেদত বিভিন্ন ৰোগৰ উপশমৰ বাবে প্ৰয়োগ কৰা হয় । কিন্তু ইয়াৰ বিধি নাজানিলে বা ভুল কৰিলে বিপদজনক গুণে উল্লেখ কৰাৰ পৰা বিৰত থাকিলো ।

      বিভিন্ন সময়ত অসম আক্ৰমণ কৰিবলৈ অহা মোগল আক্ৰমণকাৰীৰ আন এক ভয়ৰ কাৰণ এই মানুহ খোৱা গছ "চোৰাত" । আনহে নালাগে বিদেশী বুৰঞ্জী লেখকো গছবিধৰ কথা উল্লেখ কৰি যাবলৈ বাধ্য হৈ গৈছিল ।

      আচলতে এই গছবিধৰ পাতত কেলছিয়াম অকজেলেটৰ দৰে এবিধ বিষাক্ত পদাৰ্থৰ গ্ৰন্থি থাকে । এতিয়ালৈকে সঠিক ভাবে চিনাক্ত নোহোৱা এই গ্ৰন্থিবিধৰ বিষাক্ত দ্ৰব্য ছালত লাগিলে তীব্ৰ খজুৱতিৰ সৃষ্টি হয় ।

      ভাতকেইটা মোকোৰা-মোকোৰে খায়েই খিৰিকী মুখৰ দৃশ্যটো চাবলৈ উদ্বিগ্ন পিতায়ে গৈ নিৰ্দিষ্ট স্থানত থিয় হ'লগৈ । সিমান সময়লৈ পুলিচ ছাৰৰ নৃত্যৰ শেষ অংশৰ যবনিকা পৰিবৰে হৈছিল ।
তেনেতে লগৰ ৰূপালীৰ ফোনটো ধৰি পিতায়ে ক'লে.......
: হেল্ল' ।
: ঐ , কথা এটা গম পাইছ ? ---- সিফালৰ পৰা ৰূপালীয়ে ক'লে ।
: কি অ' ?
: ই......, তই শুনি ভাল পাবি শুন । ইংৰাজ পুলিচ যে, আজি ছাৰক বান্দৰ কেঁকোৰাই পালে বাপ্পেকে ।
: কি .........

                💠 শুভ আবেলি 🐦

       ☀ আমাৰ ফেচবুক ঠিকনা 📬
            ⚜ ➖➖➖➖➖➖➖⚜
✉ https://www.facebook.com/groups/372830512757409/
📶8⃣0⃣1⃣1⃣......
আমাৰ📧 ঠিকনা : facebookgyansambhar@gmail.com
                   ফেচবুক জ্ঞান সম্ভাৰ
                                                                                                                                                 🔅◀🔸🔸🔸🔴🔹🔹🔹▶🔅

বেবেৰিবাং কথা---- ১ (মতা মানুহৰ দাড়ি)

বেবেৰিবাং কথা 😂

 লকডাউনৰ দিনৰ কথা ।

কণটিলৌৱে মাখি মাৰি-মাৰি আমনি লগাত ছবিকে আঁকিলে । সি ইমান ধুনীয়াকে ছবিবোৰ আঁকে, স্কুলৰ মাস্তৰে হেনো মাইনাছ ১ নম্বৰ  দিব পৰা হ'লেহে জীৱন ধন্য হ'ল হয় ।

স্কুল নাই-নাই আৰু, গণিত শাস্ত্ৰভাগ ধোঁৱা চাঙত থাকিল বুলিয়েই দুমাহত সি এটা হ'লেও ছবি নাআঁকিব নে কিবা !
সেই বুলিয়েই মানে শিল্প চৰ্চাৰ জগতখনলৈ অৱদান আগবঢ়াব বুলিয়েই কিজানি পকাতে পেট পেলাই কণে ধুনীয়াকে বায়েক এজনীক আঁকিয়েই পেলালে ।

আলুটোৰ সমান তাইৰ চকু, জিকাটোৰ সমান নাক,   ভেণ্ডি সম তাইৰ দাঁত মুঠতে অপূৰ্ব ; ঠিক হিৰিম্বাজনীতকে 👹 অলপহে বেয়া ।
তাইৰ ধুনীয়া চুলিখিনি দি  শিল্পীৰ দৃষ্টিৰে চাই কণে দেখিলে সেইজনীক একোচা দাড়ি লগাই দিলেহে বেছি শুৱাব ।
দীঘল দাড়ি দিব নে ফ্ৰেন্স কাট দিব তাকে ভাবি  মৌনতাৰ পৃথিৱীত এপাক ফুৰি অহাৰ পাছত এক বৃহৎ সূত্ৰক মনলৈ আনি এইটো কথাত খাটাং হ'ল যে মাইকী মানুহৰ দাড়ি  আচলতে নাথাকে ।

      এনেতে মনলে অহা এটা প্ৰশ্নই আকৌ সমস্যাৰ সৃষ্টি কৰিলে ।
"মতা মানুহৰ যদি দাড়ি থাকে মাইকী মানুহৰ কিয় নাথাকিব ? এইটোতো এটা ঘোৰ অন্যায় ! নিশ্চয় সৃষ্টিকৰ্তাৰ  তাত ভুল আছে ।" ---- কণে কথাটো ভাবিলে 🤔 ।

      কেতিয়াবা কথাটো আপুনিও বাৰু ভাবিছেনে ? সাধাৰণ কথা কিছুমানতেই হলে অসাধাৰণ একো-একোটা হেতু সোমাই থাকে ।
সাধাৰণতে এক হৰ্মনৰ তাৰতম্যতাৰ বাবেই এনে ঘটে । মানুহৰ দেহত থকা "এন্দ্ৰ'জেন" নামৰ হৰ্মন বিধ মহিলা সকলৰ তুলনাত মতা মানুহৰ দেহত বেছিকৈ থাকে । আৰু সেইবাবেই কন্ঠস্বৰৰ পৰা আৰম্ভ কৰি বিভিন্ন দিশত মতা মানুহ মহিলাসকলতকৈ বেলেগ । এই হৰ্মনবিধৰ বাবেই মতা মানুহৰ দাড়িও গজে । কিন্তু মহিলাসকলৰ ক্ষেত্ৰত মতা মানুহৰ তুলনাত এই হৰ্মনবিধৰ পৰিমাণ অতি কম কাৰণে তেওঁলোকৰ সাধাৰণতে দাড়ি নগজে ।

               💠 শুভৰাত্ৰি 🐀

       ☀ আমাৰ ফেচবুক ঠিকনা 📬
            ⚜ ➖➖➖➖➖➖➖⚜
✉ https://www.facebook.com/groups/372830512757409/
📶8⃣0⃣1⃣1⃣......
আমাৰ📧 ঠিকনা : facebookgyansambhar@gmail.com
                   ফেচবুক জ্ঞান সম্ভাৰ
                                                                                                                                   🔅◀🔸🔸🔸🔴🔹🔹🔹▶🔅



খৰ

কথাতে কয় নহয় বোলে,


"এশ পাপে জ্বৰ

হাজাৰ পাপে খৰ ।"


এতিয়া নহ'লেও কিন্তু পুৰণি মানুহে তেনেকৈয়ে ভাবিছিল । এতিয়াও আমাৰ সমাজত দুই-এক ওলাব যি ছালত হোৱা "খৰ" (RINg WORM)-ক হাজাৰটা পাপৰ ফল বুলি ভাবে ।


সাধাৰণতে ছালত হোৱা এইবিধ ৰোগ বাৰিষা কালত বেছিকৈ হয় । অপৰিষ্কাৰ ছাল আৰু অপৰিষ্কাৰ কাপোৰ পৰিধান কৰাৰ ফলত, তিতা কাপোৰ পিন্ধাৰ ফলত, শৰীৰত খাদ্ৰপ্ৰাণ "খ"-ৰ অভাৱৰ ফলত TINEA নামে এবিধ ভেঁকুৰে মানুহৰ দেহত খৰ সৃষ্টি ক্ৰ ।

খাদ্য দ্ৰব্যত ভেঁকুৰে সংক্ৰমণ ঘটোৱাৰ দৰেই মানুহৰ ছালতো Tinea নামৰ ভেঁকুৰে (Fungus) আক্ৰমণ কৰি ছালত ৰঙা বা কজলা ৰঙৰ সৰু-সৰু ফোঁহাৰ সৃষ্টি কৰি ছালত চকলা বান্ধে । ফোঁহাবোৰ খজুৱাই ।

তাৰপৰা ওলোৱা আঠাযুক্ত পানী শৰীৰ আন স্থানত লাগিলে বা আন মানুহৰ দেহত লাগিলে ই সংক্ৰমিত হয় । পিন্ধা কাপোৰৰ দ্বাৰাও এই ৰোগৰ সংক্ৰমণ ঘটে ।

বিজলুৱা খাদ্য, বেঙেনা, বৰা চাউল এই ৰোগ হ'লে খোৱা অনুচিত । আয়ুৰ্বেদ আৰু এল'পেঠিক চিকিৎসাৰে এই ৰোগক নিৰাময় কৰিব পাৰি ।


বাৰিষা কালত বেছিকৈ হোৱা এই ৰোগ কোনো পাপৰ বাবে নহয় ; সেয়া বহু পুৰণি এক ভ্ৰান্ত ধাৰণা । পৰিষ্কাৰ-পৰিচ্ছিন্নতাৰে এই ৰোগৰ পৰা বাচি থাকিব পাৰি ।

ধন্যবাদ 🙏


সু-সন্ধ্যা🏙 🐀🐈

☀ আমাৰ ফেচবুক ঠিকনা 📬

✉ https://www.facebook.com/groups/372830512757409/


আমাৰ📧 facebookgyansambhar@gmail.com

🔅ফেচবুক জ্ঞান সম্ভাৰ 🔅

◀🔸🔸🔸🔴🔹🔹🔹▶




ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস

ধনৰ সুবচনী

"ধনৰ সুবচনী"

➖➖➖➖➖


প্ৰভু শ্ৰীৰামচন্দ্ৰক বিশ্বামিত্ৰ মুনিয়ে সুধিছিল, "তোমাৰ আগত দুটা পথ আছে, চমু পথটো ভাল যদিও বিপদজনক কিন্তু দূৰৈৰ পথটো নিষ্কণ্টক ; তুমি এতিয়া কোনটো পথৰে যাবা ?"

শ্ৰীৰামচন্দ্ৰই তেতিয়া কৈছিল, "দূৰ পথ সু-গমন ।"


জীৱন-জীৱিকাৰ ক্ষেত্ৰখনো তেনেকুৱাই । "সততাৰ মৰণ নাই" বুলি মানি লৈ সৎ পথৰে উপাৰ্জনক্ষম হোৱাৰ আনন্দ আৰু সেই ধনৰে খোৱা আহাৰে সৎ চিন্তা, সৎ বুদ্ধি প্ৰদান কৰে বুলি ভাৰতীয় সভ্যতা-সংস্কৃতিয়ে অতীজৰে পৰা বিশ্বাস কৰি আহিছে আৰু সেই বিশ্বাসৰ ভেটিত পাছলৈ এনে এটা চিন্তা বদ্ধমূল হৈ পৰিছিল যাৰবাবে বহুলোকে এতিয়াও মূল কাৰণটো নজনিলেও আনৰ নাখায় ।


অতি বিলাসিতা আৰু ভোগবাদীতা আমাৰ আজিৰ সমাজ-ব্যৱস্থাৰ শত্ৰু । আদাক দেখি গা উঠা বহুজনে নিজৰ অভিপ্সু সিদ্ধিৰ বাবে বেঁকা পথৰে ধন আৰ্জিবলৈকো বাদ নিদিয়ে । কোনোৱে আনক ঠগি, প্ৰয়োজনত বধি হ'লেও পৰৰ ধনৰে ধনৰ পাহাৰ বনাবলৈও ভয় কৰা নাই ।

সত্যতাক তেওঁলোকেও জানে, তেওঁলোকেও জানে যে এদিন নহয় এদিন দুষ্কাৰ্যৰ ফল ভোগ কৰিব লাগিবই কিন্তু, ভৱিষ্যতৰ ভয়ক পৰিহৰি বৰ্তমানৰ দৈহিক আৰু মানসিক সুখৰ তাৰণাত তেওঁলোক হৈ পৰে ৰুগ্ন, হৈ পৰে অন্ধ ।

সহজতে ধন আহৰণৰ বাবে বেঁকা পথৰে ধন আৰ্জনৰ চমু পথে জীৱনত ক্ষন্তেকৰ পোহৰ সিঁচে ঠিকেই কিন্তু এক তামস ভৱিষ্যতক মাতি আনি জীৱন কৰে পথভ্ৰষ্ট, দিয়ে বহু কষ্ট ।


কৰ্মইহে ধনৰ মূল উৎস । সেই কৰ্ম আকৌ হ'ব লাগিব নিজৰ আৰু পৰৰ উপযোগী নাইবা উপকাৰী । তেনে কৰ্মৰে অৰ্জা ধনে কাৰো ক্ষতি নকৰে আৰু সেয়ে সৎ কৰ্মৰে অৰ্জা ধনৰে পাহাৰ সৃষ্টিতো দোষ হ'ব নোৱাৰে । তেনে সৎ কৰ্মৰে উপাৰ্জিত ধনৰ দানহে পূণ্য প্ৰদায়িনী বুলি বিশ্বাস কৰা হয় । আনক ঠগি বা অসৎ উপায়েৰে অৰ্জা কোনো ধনৰে কৰা দান শুভ বুলি গণ্য কৰা নহয় ।

ভাৰতীয় চিন্তা-ধাৰাই বিশ্বাস কৰে যে, এজনে অসৎ কাৰ্যৰে কৰা উপাৰ্জনৰ ফল তেৱেই কেৱল ভোগ নকৰে তাৰ ভোগী সকলেও পাপ কৰ্মৰ ফল ভোগ কৰিব লগা হয় । সেয়ে সৎ কৰ্মৰ প্ৰতি সৰুৰেপৰাই প্ৰত্যেক সন্তানক শিক্ষা দিয়াটো পৰম কৰ্তব্য আৰু দায়িত্ব ।


অৰ্থনীতি বিজ্ঞানৰ পিতামহ আদাম স্মীথে কৈছিল "অভাৱ অন্তহীন" । এই অন্তহীন অভাৱ পূৰাবলৈ মানুহৰ তেন্তে আশাও অন্তহীন আৰু তাৰে তাৰণাৰ বাবেই মানুহে কৰ্মকৰে কিন্তু অধিক ভোগবাদী মানুহৰ কৰ্মৰ বাবে সময়ে বা ক'ত । আনৰ দেখি নিজক ধনী কৰিবলৈ সেইসকলে প্ৰয়োজনত বেঁকা পথ ল'বলৈ কুণ্ঠিত নহব পাৰে কিন্তু পাপে হেনো বাপকো নাচাৰে ।

সন্তানক সৰুৰেপৰা এই শিক্ষা সদায় দিয়ক যেন ডাঙৰ হৈ প্ৰয়োজনৰ বাবেহে বিলাসিতাক গুৰুত্ব দিয়ে । তেওঁলোকে যেন বিলাসিতাৰ বাবে প্ৰয়োজনবোধ কাহানিও নকৰে । সেয়েচাগে হজৰত মহম্মদে কৈছিল, "প্ৰয়োজনতকৈ অধিক ৰখাটো পাপ ।"

আনৰ আছে বাবে মোকো লাগিব এই ধাৰণা অতি ভয়ানক । আপোনাৰ সঁচা প্ৰয়োজন আছে যদিহে লাগিব আৰু সেই প্ৰয়োজনক পূৰণ কৰিবলৈ আপুনি কৰ্ম কৰিব লাগিব ; যদি নকৰে .........,

তেতিয়া দুটা কথা হ'ব, হয়তো বস্তুটো নাপাব নহ'লে, বস্তুটোৰ তাৰণাত বেঁকা পথ ল'ব লাগিব যি পথ পাপ আৰু অপৰাধৰে মুজেইক কৰা । তাৰ ওপৰদি কঢ়া খোজৰ বাবে এদিন নহয় এদিন পিচলি পৰিবই লাগিব ।

সেয়ে গীতাৰ মতে "কৰ্ম শ্ৰেষ্ঠ" । এই পৃথিৱীত কৰ্মইহে সকলো দিবলৈ সক্ষম ।


এই পৃথিৱীত এনে কিছু মানুহ আছে যি আনৰ অপকাৰ কৰি, ঠগি হ'লেও উপাৰ্জনৰ বাবে নিজৰ বিবেক আৰু বিবেচনাক পাপৰ হাতত বিক্ৰী কৰি দিয়ে । আনৰ উপাৰ্জন, আনৰ ধন, আনৰ সম্পত্তিৰ প্ৰতি থকা মোহ এই পৃথিৱীৰ আন এক অপশক্তি । এই শক্তিৰ বাবে ভুক্তভোগীসকলৰ মনত সৃষ্ট দুখ-বেজাৰ আদি নকৰাত্মক শক্তি একত্ৰ হৈ দুষ্কাৰ্য কৰাজনৰ প্ৰতি অদৃশ্য এক প্ৰচণ্ড শক্তিশেলৰ সৃষ্টি হয় যাৰপৰা বচাৰ কোনো উপায় নাথাকে । আঙঠি, তাবিজ, মন্ত্ৰ, পূজা একোহে সেই পাপ শক্তিৰ পৰা তেওঁক বচাবগে নোৱাৰে ।

মোৰ মনত পৰে, সৰুতেই দেউতাই মোক কোৱা এটা বাক্য, তেতিয়া বুজা নাছিলো আৰু কোনো গুৰুত্বও দিয়া নাছিলো । এতিয়া বুজিছো সেই কথাটো সঁচা । দেউতাই কৈছিল, "পৰৰ দ্ৰব্যক বিষ্ঠা জ্ঞান কৰিব লাগে ।" কথাটোত তাৎপৰ্য আছে আৰু বাক্যটোৰ প্ৰায়োগিক দিশো আছে ।


আনে কিমান উপাৰ্জন কৰিলে সেই কথালৈ কেতিয়াও মন কৰাৰ কোনো দৰকাৰ নাই । আনৰ লগত কৰা ধনৰ প্ৰতিযোগিতা বা আনক দেখি জেদত গঢ়া সম্পত্তিৰ পাহাৰ বিধ্বংসী । মূল কথা হ'ল প্ৰয়োজন । প্ৰয়োজনৰ বাবেহে সম্পদ আৰু সম্পদৰ বাবে কিন্তু কৰ্ম । আপোন সৎ-কৰ্মৰ মাজেদি গঢ়া সম্পত্তিহে নিজৰ আৰু সেই সম্পত্তিকহে আপুনি ভোগ কৰিবলৈ পাব বা সেই সম্পত্তিহে আপোনাৰ সৎ কামত খাটিব ।

ব্যক্তিৰ পৰিচয়ো ধন বা সম্পত্তিৰে নহয় । আজিকালি এটা ঢৌ উঠিছে, ক'লা পালচাৰ লোৱা ল'ৰাজন, পথৰ কাষৰ অট্টালিকাটোৰ মালিক ইত্যাদি-ইত্যাদি । ধন আৰু বস্তুসৰ্বস্বতাৰে পূৰ্ণ এখন সমাজৰ এইয়া প্ৰমাণৰ বাহিৰে আন একো নহয় । মানুহৰ ধন-সম্পদ মানুহৰ পৰিচয় হ'বগে নোৱাৰে । মানুহৰ পৰিচয় কৰ্মৰে, জ্ঞানৰে, প্ৰতিভাৰে । আপোনাৰ পৰিচয় আপোনাৰ কৰ্ম, আপোনাৰ জ্ঞান বা আপোনাৰ মাজত থকা প্ৰতিভাহে ।

এই কথাটোত নিজেও কৈ ভাল লাগিছে যে নিজেও আজিলৈকে কোনো মানুহৰ প্ৰতি ধনৰ বাবে আকৰ্ষিত হোৱা নাই । সহজেই ব্যক্তিৰ প্ৰতি বেছি আকৰ্ষিত হওঁ ব্যক্তিৰ প্ৰতিভা আৰু জ্ঞানৰ বাবে । "জ্ঞানৰ ওচৰত বোলে ৰজায়ো মূৰ পেলাই" --- সৰুৰে পৰাই শুনি-শুনি জ্ঞানীজনৰ প্ৰতি সাধাৰণতেই থাকে মোৰ দুৰ্বলতা, শ্ৰদ্ধা ।


সৎ কৰ্ম, সৎ বুদ্ধিৰ প্ৰাপ্তিও এক সাধনাহে । সৰুৰেপৰা ইয়াক আৰ্জন কৰিবলৈ নীতি-জ্ঞান প্ৰদান কৰাটো অতি প্ৰয়োজনীয় । পৰিৱেশ আৰু সময়ে এজন ব্যক্তিৰ মাজত ধুমুহাৰ সৃষ্টি ঘটাব পাৰিলেও শৈশৱৰ পৰা পোৱা সততাৰ জ্ঞানে যেনেকৈয়ে নহওক ভৱিষ্যতৰ জটিল ক্ষণতো ব্যক্তিক ধৰি ৰাখিব পাৰে । সেয়ে প্ৰতি অভিভাবকৰ পৰম কৰ্তব্য, সন্তানক কেৱল কিমান চাৰ্টিফিকেট দিয়াব পাৰিলে তাৰে নিজৰ কৰ্তব্য আৰু দায়িত্বক নুজুখিব, তেওঁলোকক কিমান নীতি-জ্ঞানদি এজন সৎ নাগৰিক কৰিব পাৰিছে তাত প্ৰথম গুৰুত্ব দিয়ক । এইক্ষেত্ৰত আমাৰ শিক্ষক সমাজো সমানেই দায়বদ্ধ ।

সাধাৰণতেই নীতি-জ্ঞানৰ কথা বিদ্যালয়ৰ বাহিৰে সামাজিক মাধ্যমসমূহত ক'ব নিবিচাৰো । বিশেষকৈ ফেচবুক জ্ঞান সম্ভাৰত এনে লেখা সম্ভৱতঃ এয়ে প্ৰথম । মহম্মদৰ মিঠাই খোৱা কাহিনীটো আমি সৰু কালতেই পাঠ্যপুথিত পঢ়িছিলো । আনক ক'বৰ জোখাৰে নিতৌ সাধনাত ব্ৰতী বাবেই চাগে এনে কথাবোৰ কোৱা নহয় ।

আজি লিখিলো, দায়-দোষ নধৰে যেন।

"সৰ্ব সুখীনা ভৱন্তু.............

সকলোৰে দিনটো শুভ হওক, প্ৰজ্ঞাপূৰ্ণ হওক ! জ্ঞানেই শক্তি আৰু এই মহান শক্তিক ধাৰণ কৰিবলৈ নিজৰ লগতে সকলোকে ভগৱানে/আল্লাই শক্তি দিয়ক !

এই কামনাৰে.............
                                    ৰাজীৱ গোস্বামী


🎤 ফেচবুকত দুটিমান ভাল কথা পাতিবলৈ আমি আছো আপোনাৰ সতে তলৰ ঠিকনাত 📬 । এখন ভাল প্ৰফাইল ফটো আৰু আপোনাৰ নাম-ঠিকনাযুক্ত ফেচবুক একাউন্টটোৰে আমাৰ মাজলৈ আহক 🔦

https://www.facebook.com/groups/372830512757409/

                 🔅ফেচবুক জ্ঞান সম্ভাৰ🔅


📶 8⃣0⃣1⃣1⃣......

💠🔹🔹🔹🔹🔹💠

নতুন লেখা / ছবি

গ্ৰীষ্মৰ আতঙ্ক

ইমান অত্যাচাৰ ! নষ্টজোৱা, হতশ্ৰীহোৱাবোৰৰ পৰা সঁ‌চাই শান্তি নোহোৱা হৈছেগে । নাপায়, ইমান অত্যাচাৰী  হ'বগে নালাগে । যিহে অত্যাচাৰ হৈছে, যি ...