গুৰু নানক 🙏

সমূহ শিখ ধৰ্মী লোকলৈ উৎসৱৰ অযুত শুভকামনাৰে.....................

খ্ৰীষ্টীয় চতুৰ্দশ শতিকাৰ পৰা পঞ্চদশ শতিকাৰ ভিতৰত মানৱ কল্যাণৰ বাবে কেইবা গৰাকীও মহাপুৰুষৰ এই পৃথিৱীলৈ আগমন ঘটিছিল ।
সমাজৰ বিভিন্ন অবিচাৰ-অনিয়মৰ পৰা মানুহক কল্যাণৰ পথত আগুৱাই নিবলৈ এইসকল মহাপুৰুষৰ আগমনে ধৰাধামক পৱিত্ৰ কৰি তুলিছিল ।
        ১৪৬৯ খ্ৰীষ্টাব্দত লাহোৰৰ তালবণ্ডীত এগৰাকী মহাপুৰুষৰ জন্ম হৈছিল । দিনটো আছিল কাতি মাহৰ পূৰ্ণিমা তিথি ।
তেখেতৰ দেউতাকৰ নাম আছিল কালু বেদী আৰু মাতৃৰ নাম ত্ৰিপতা । পৰিয়ালটোৰ কুলপুৰোহিত হৰদয়ালে শিশুটিৰ নাম ৰাখিছিল "নানক" ।
সৰুৰেপৰা নানক ধৰ্মীয় বিষয়ক লৈ আগ্ৰহী আছিল । শৈশৱতে নানকে এজন ধৰ্মীয় মৌলৱীৰ পৰা উৰ্দু আৰু পাৰ্চী ভাষা শিকাৰ লগতে বৈদ্যনাথ নামৰ এজন সংস্কৃত পণ্ডিতৰ পৰা সংস্কৃত ভাষা-শিক্ষাৰ জ্ঞান লাভ কৰিছিল ।
         দেউতাক কালু বেদী আছিল এজন ব্যৱসায়ী । নিজৰ ব্যৱসায়ত পুতেক নানক জড়িত কৰি এসময়ত ব্যৱসায়ৰ সম্পূৰ্ণ দায়িত্ব পুতেকৰ হাতত এৰি দিয়াৰ এটা সাধাৰণ স্বপ্ন দেখিছিল বেদীয়ে । পিছে, দেউতাকৰ সেই স্বপ্ন নানকে কিন্তু পূৰণ নকৰিলে । আধ্যাত্মিক চিন্তা-ধাৰাৰ প্ৰতি আসক্ত নানক ব্যৱসায় বাণিজ্যৰ প্ৰতি আছিল খুবেই উদাসীন ।
এবাৰ দেউতাকে ব্যৱসায়ৰ বাবে দিয়া বহুতো ধন নানকে সাধু-সন্যাসীৰ লগত খৰছ কৰাত ব্যৱসায়ী পিতৃৰ নানান ককৰ্থনাৰ তেওঁ সন্মুখীন হ'ল । মনৰ বেজাৰত নানক গৈ চুলতানপুৰত থকা ভনীয়েক নানকীৰ ঘৰ পালেগৈ ।
তাতে তেওঁৰ চৌনী নামে এগৰাকী যুৱতীৰ সতে পৰিচয় ঘটে আৰু চৌনীকে জীৱনৰ সংগী কৰি নানক তাতে থাকিবলৈ লয় ।
চুলতানপুৰতেই দুয়োৰো মাজলৈ দুটি দেৱশিশু শ্ৰীচন্দ্ৰ আৰু লক্ষ্মী (পুত্ৰ) নামি আহে ।
         বিভিন্ন ধৰ্মৰ ধৰ্মগুৰু সকলৰ জীৱনী অধ্যয়ন কৰিলে প্ৰায়ে এটা কথা দেখিবলৈ পোৱা যায় যে সংসাৰৰ বান্ধোনত তেখেতসকল বৰ আসক্ত নহয় বা সেই মায়াই তেওঁলোকক আৱৰি ৰাখিব নোৱাৰে । নানকৰো সেয়ে হ'ল ।
মাত্ৰ সাতাইছ বছৰ বয়সত কোনো এক শক্তিৰ সন্ধানত, সত্যৰ সন্ধানত সকলোকে এৰি তেওঁ বিভিন্ন ক্ষেত্ৰ ভ্ৰমণ কৰিবলৈ ওলাই গ'ল ।
বহু স্থান ভ্ৰমণ কৰিলে, বহুতো জ্ঞানী লোককো লগ পালে । কিন্তু সত্যৰ সন্ধান তেওঁক কোনেও দিব নোৱাৰিলে । এনেদৰে গৈ-গৈ তেওঁ মক্কা নগৰত উপস্থিত হ'ল ।
এদিন তাৰপৰাও উভটি আহিল আৰু আহি-আহি স্বদেশ পালেগি ।
         ইয়াৰ পাছৰ ঘটনা । প্ৰচলিত জনবিশ্বাস অনুসৰি এদিন নানকে গা-ধুবলৈ পানীত বুৰ মাৰোতেই নোহোৱা হৈ গ'ল । বহু বিচাৰ-খোচাৰ কৰিও কোনোৱে নানকৰ সন্ধান উলিয়াব নোৱাৰিলে । তিনিদিনৰ পাছত তেখেত নিজেই ঘূৰি আহিল । প্ৰবাদ মতে পানীৰ তলৰে পৰাই বিষ্ণুদূতে তেওঁক বৈকুণ্ঠ পোৱালেগৈ আৰু তাত নি দীক্ষা প্ৰদান কৰায় ।
         ইয়াৰ পাছত তেখেত ইৰাৱতি নদীৰ পাৰত পুত্ৰ-ভাৰ্যা সমন্বিতে থাকিবলৈ লয় আৰু ধৰ্ম চৰ্চাত মনোনিবেশ কৰে । পাছলৈ তেখেত শিখ সকলৰ ধৰ্মগুৰু ৰূপে প্ৰতিষ্ঠিত হয় ।
গুৰু নানকৰ ধৰ্ম সম্পৰ্কীয় বাণী সমূহেই হৈছে পৱিত্ৰ "আদি গ্ৰন্থ" আৰু "গুৰু গ্ৰন্থ চাহিব"
অ' ৰ'ব, এইখিনিতে এটা বিশেষ কথা কৈ থৈ যাওঁ । পৱিত্ৰ গ্ৰন্থ চাহিব পুথি খনৰ অনুলিপিত এটা ডাঙৰ বিশেষত্ব আছে । কি বাৰু জানেনে ?
গ্ৰন্থ চাহিবৰ মূল পুথিখন হাতেৰে লিখা । চাহিবৰ পৃষ্ঠাৰ সংখ্যা হৈছে ১,৪৩০ পৃষ্ঠা । কথা হ'ল ,এই পুথিভাগ যদি হাতেৰে বা ছপা কৰি অনুলিপি কৰা হয় তেন্তে তেতিয়াও পৃষ্ঠাৰ সংখ্যা একে থাকিব লাগিব । অনুলিপিকাৰে কোনো কাৰণত পৃষ্ঠাৰ সংখ্যা বঢ়াব বা কমাব নোৱাৰিব ।
       
      কাতি মাহৰ পূৰ্ণিমা তিথিত এইজনা গুৰুৰ জন্মদিন । ভক্তপ্ৰাণ শিখ ধৰ্মী লোক সকলে তিনিদিনকৈ তেখেতৰ জন্মতিথি পালন কৰে ।
আমিও ফেচবুক  জ্ঞান সম্ভাৰ পৰিয়ালে গুৰু জনাৰ এই পৱিত্ৰ জন্মদিনত তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাইছো আৰু দলটোৰ প্ৰতিজন শিখ ধৰ্মৰ সদস্য/সদস্যাক উৎসৱৰ হিয়াভৰা অভিনন্দন জ্ঞাপন কৰিছো ।
✿ এই লেখাৰ বাবে তথ্যৰ সহায় লৈছো
বন্দিতা গোস্বামী শৰ্মা বাইদেউৰ "বাৰে বৰণীয়া উৎসৱ" নামৰ গ্ৰন্থৰ পৰা ।
বাইদেউলৈকো এই সুযোগতে ধন্যবাদ জ্ঞাপন কৰিছো ।
ফেচবুকত আমাৰ ঠিকনা 📬 :
https://m.facebook.com/groups/372830512757409
      ফেচবুক জ্ঞান সম্ভাৰ 🙏

ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা

📎
     
 অন্য এক বিৰল প্ৰতিভা
➖➖➖➖➖➖➖➖
ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা :
    
     অসম আৰু অসমীয়াৰ হিয়াৰ আমঠু ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা । মহাপুৰুষ দুজনাৰ পাছতেই কাললৈ খ্যাতি ৰাখি ভাষা-সাহিত্যৰ সেৱাৰে যিসকলে আমাক ধন্য কৰিলে সেইসকলৰ ভিতৰত কালজয়ী এইগৰাকী সাহিত্যিক সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা । এক বিৰল প্ৰতিভা, এক অসামান্য জীৱন গাথা । যাৰ চেতনাৰ পৰশত বিকশিত হৈছিল এটা ভাষা, এটা যুগ ।
সেইগৰাকী প্ৰতিভাৰ আঁকৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা দেৱলৈ ফেচবুক জ্ঞান সম্ভাৰৰ তৰফৰ পৰা #শ্ৰদ্ধাৰ্ঘ জ্ঞাপন কৰি আহক আমি তেখেতৰ বিষয়ে এক চমু আলোচনা কৰোঁ……………………….🙏
    প্ৰাক স্বাধীনতা কালৰ কালজয়ী সাহিত্যিক তেওঁ । বুঢ়া লুইতৰ বুকুত লক্ষ্মী পূৰ্ণিমাৰ দিনা এইগৰাকী মহান সাহিত্যিক নগাঁৱৰ ওচৰৰ আঁহতগুৰি নামে ঠাইত দীননাথ বেজবৰুৱা-ৰ ঔৰষত আৰু থানেশ্বৰী বেজবৰুৱা-ৰ গৰ্ভত জন্ম হৈছিল । পিতৃ দীননাথ বেজবৰুৱাৰ তেখেত আছিল পঞ্চম পুত্ৰ । কিন্তু কোন চনত তেখেতৰ জন্ম হৈছিল তাক সঠিককৈ ক’ব পৰা নাযায় । বেজবৰুৱা দেৱে য’দিও তেখেতৰ আত্মজীৱনী মোৰ জীৱন-সোঁৱৰণ’-ত ১৮৬৮ খ্ৰী:ৰ নবেম্বৰ মাহ বুলি উল্লেখ কৰিছে তথাপি সেইয়া অনুমানৰ ওপৰতহে ধৰা হৈছে । ‘মোৰ জীৱন-সোঁৱৰণত’ এই প্ৰসঙ্গত তেখেতে লিখিছে, “কোন শকৰ কোন তাৰিখে মোৰ জন্ম হৈছিল, মোৰ মনত নাই পিতৃ-মাতৃৰ মুখৰ পৰা সেইটো সৰুতে শুনিছিলোঁ যদিও পাহৰিলোঁ । মই ডাঙৰ হলোঁ যেতিয়া মনতে এটা শক ভাবি সাজি লৈ মোৰ জন্মৰ শক তাৰিখ নিদিলে নচলা কাৰ্যবোৰৰ নিমিত্তে সেইটোকে ব্যৱহাৰ কৰিছিলোঁ । কাৰোবাক লাগিলে, সেই শক তাৰিখটোকে এইখিনিতে দিব পাৰোঁ । যথা – ১৮৬৮ খৃষ্টাব্দ, নবেম্বৰ মাহ ।’’
১৮৮৬ খৃষ্টাব্দত শিৱসাগৰৰ গৱৰ্ণমেণ্ট হাইস্কুলৰ পৰা প্ৰ্ৱেশিকা পৰীক্ষা পাছ কৰি তেখেতে কলিকতাত পঢ়িবলৈ যায়  ।
১৮৮৮ খৃষ্টাব্দ, আধুনিক অসমীয়া সাহিত্য জগতৰ সূৰ্যোদয়ৰ সময় । বেজবৰুৱাকে প্ৰমুখ্য কৰি সেই সময়ত কলিকতাত পঢ়ি থকা অসমীয়া ছাত্ৰ সকলে সেই বছৰ "অসমীয়া ভাষা উন্নতি সাধিনী সভা" চমুকৈ( অ: ভা: উ: সা: ) নামে এখন সভাৰ প্ৰতিষ্ঠা কৰিছিল । ইয়াৰ পাছৰ বছৰ চন্দ্ৰকুমাৰ আগৰৱালাৰ সম্পাদনাত সভাৰ মুখপত্ৰ #জোনাকী নামৰ মাহেকীয়া আলোচনীখন প্ৰকাশ কৰা হৈছিল ।
    ‘জোনাকী’ৰ জড়িয়তে ষোড়শ শতিকাৰ ইংৰাজী সাহিত্যৰ ৰমন্যসবাদৰ যি ধাৰা সেইয়া অসমীয়া সাহিত্যলৈ সোমাই আহিছিল আৰু লক্ষ্মীনাথ বেজবৰুৱা আছিল তাৰ অন্যতম হোতা ।এই জোনাকীৰ পাততেই লক্ষ্মীনাথ বেজবৰুৱাই সাহিত্যিক জীৱন আৰম্ভ কৰিছিল লিতিকাই নামৰ নাটকখনেৰেজোনাকীৰ প্ৰথম বছৰটোতে এইখন নাটক প্ৰকাশ পাইছিল । এইখিনিতেই উল্লেখযোগ্য, অসমীয়া সাহিত্যত চুটি গল্পৰ জনক বেজবৰুৱাৰ প্ৰথমটো চুটি গল্প #সেউতী-ও এই জোনাকীৰ পাততেই প্ৰকাশ পাইছিল । লক্ষ্মীনাথ বেজবৰুৱা দেৱ য’দিওবা গদ্য সাহিত্যিক বুলিয়েইহে বেছি জনপ্ৰিয় তথাপি, চন্দ্ৰকুমাৰ আগৱালাৰ সৈতে লগ হৈ বেজবৰুৱা দেৱে ‘কবিতা হয় যদি হওক, নহয় যদি নহওক’ বুলি কিছু কবিতা লিখিছিল আৰু অসমীয়া কবিতাত ৰমন্যাসবাদৰ এক জোৱাৰ সৃষ্টি কৰি নতুন ৰূপ প্ৰদান কৰিছিল । তাৰে কেইটামান কবিতা ড° মহেশ্বৰ নেওগে ক’বৰ দৰে, সোণপানীৰে ছপাই বন্ধাই থ’বলগীয়া। ১৯১৩ চনত প্ৰকাশিত বেজবৰুৱাদেৱৰ একমাত্ৰ কবিতা পুথি #কদমকলি-ত এই কবিতা সমূহ পোৱা যায় ।১৮৯১ খ্ৰীষ্টাব্দত বংগৰ বিখ্যাত ঠাকুৰ পৰিয়ালৰ হেমেন্দ্ৰনাথ ঠাকুৰৰ কন্যা প্ৰজ্ঞাসুন্দৰী দেৱীক তেখেতে বিয়া কৰায় ।
ইয়াৰ পাছত সাউদ ভোলানাথ বৰুৱাৰ লগত কাঠৰ ব্যৱসায় আৰম্ভ কৰে য’দিও পাছলৈ ১৯১২ চনৰ পৰা সেই ব্যৱসায় নিজাকৈ আৰম্ভ কৰে ।
জোনাকী’-ৰ তৃতীয় আৰু চতুৰ্থ বছৰৰ সম্পাদক আছিল বেজবৰুৱা । বেজবৰুৱাৰ সম্পাদনা কালতে জোনাকীৰ তৃতীয় বছৰত তেখেতৰ একমাত্ৰ উপন্যাস #পদুমকুঁৱৰী প্ৰকাশ হৈছিল ।
১৯০৯ চনৰ পৰা ১৯২৯ চনলৈকে #বাঁহী নামে আন এখন আলোচনীৰ সম্পাদনাৰেও তেখেতে সাহিত্যৰ পথাৰত এচাম সাহিত্যিকৰ সৃষ্টি কৰিছিল ।
১৯২৪ চনত অসম সাহিত্য সভাৰ গুৱাহাটী অধিৱেশনৰ সভাপতি আছিল বেজবৰুৱা । এইখিনিতেই উল্লেখযোগ্য যে, বেজবৰুৱা দেৱৰ নামৰ আগত লিখা #ৰসৰাজ উপাধিটো সাহিত্য সভাৰ মজিয়াৰ পৰাই অহা । ১৯৩১ চনত অসম সাহিত্য সভাৰ শিৱসাগৰ অধিৱেশনৰ সভাপতি নগেন্দ্ৰ নাৰায়ণ চৌধুৰীয়ে তেখেতক এই উপাধি প্ৰদান কৰিছিল ।
তাৰ পাছতেই ১৯৩১ ডিচেম্বৰ ২৯ তাৰিখে আন এক সম্বৰ্দ্ধনা  সভাত বেজবৰুৱা দেৱক প্ৰদান কৰা সম্বৰ্দ্ধনাপত্ৰ খনত পোন প্ৰথম বাৰৰ বাবে #সাহিত্যৰথী বিভূষণৰে বিভূষিত কৰা হয় ।

ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া সাহিত্যৰ এগৰাকী মহান কাণ্ডাৰী ।
ভট্টদেৱ যিদৰে অসমীয়া গদ্য সাহিত্যৰ জনক তেনেদৰে অসমীয়া গদ্য সাহিত্যত লক্ষ্মীনাথ বেজবৰুৱা হৈছে চুটিগল্পৰ জনক । বেজবৰুৱাৰ হাততেই অসমীয়া চুটিগল্পই জন্মলাভ কৰিছিল । তেখেতৰ হাতৰপৰাই #ছখন সাধু আৰু গল্প পুথি ওলায় –

‘সাধুকথাৰ কুকি’ ‘জোনবিৰি’(১৯১৩) ‘সুৰভি’(১৯০৯) ‘ককা দেউতা নাতিল’ৰা’(১৯১২) ‘বুঢ়ী আইৰ সাধু’ আৰু ‘জুনুকা’ ।
তেখেতৰ আন-আন ৰচনাৱলী সমূহ হ’ল :
‘কামৰ কৃতিত্ব লভিবৰ সংকেত’ (১৯০৩) ‘কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা’(১৯০৪)
‘কৃপাবৰ বৰুৱাৰ ওভতনি’ (১৯০৯) ‘দীননাথ বেজবৰুৱাৰ জীৱন চৰিত’ ‘শঙ্কৰদেউ’ ‘চিকৰপতি-নিকৰপতি’ ‘নোমল নাট’ ‘পাঁচনি নাট’ (১৯১৩) ‘শ্ৰী শঙ্কৰদেৱ-মাধৱদেৱ’ (১৯১৪) ‘বাখৰ’ (১৯১৪) ‘জয়মতী’ ‘বেলিমাৰ’ ‘চক্ৰধ্বজ সিংহ’ (১৯১৫) ‘ভাগৱতৰ কথা’ ‘কৃপাবৰ বৰুৱাৰ ভাবৰ বুৰবুৰণি’ (১৯৫১) ‘বৰবৰুৱাৰ বুলনি’ আদি । ‘কেহোঁকলি’ ‘মোৰ জীৱন-সোঁৱৰণ’ ‘দিনলেখা’ ‘পত্ৰলেখা’ আদি মৰণোত্তৰ প্ৰকাশ ।
The Religion of Love and Devotion তেখেতৰ একমাত্ৰ ইংৰাজী গ্ৰন্থ ।

উল্লেখযোগ্য যে, অসমৰ জাতীয় সংগীত ‘অ’ মোৰ আপোনাৰ দেশ’ বেজবৰুৱা দেৱৰ অমৰ সৃষ্টি ।
সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা আছিল এগৰাকী বিৰল প্ৰতিভাৰ আঁকৰ ।১৯৮৮ চনৰ পৰা ১৯৪০ চনলৈকে তেখেতে অসমীয়া সাহিত্যত এনে প্ৰভাৱ পেলাইছিল যে বহুতে এই সময়ছোৱাক 'বেজবৰুৱাৰ_যুগ’ বুলি অভিহিত কৰে ।
১৯৩৮ চনৰ ২৬ মাৰ্চত অসমীয়া সাহিত্যৰ মুকুটবিহীন সম্ৰাটজনে ইহলীলা সম্বৰণ কৰে ।
                   🙏💐…………..
সহায়ক গ্ৰন্থ সমূহ 📚 আৰু কৃতজ্ঞতা :
মোৰ জীৱন সোঁৱৰণ : লক্ষ্মীনাথ বেজবৰুৱা
অসমীয়া সাহিত্যৰ ৰূপৰেখা : মহেশ্বৰ নেওগ
অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত : সত্যেন্দ্ৰনাথ শৰ্মা
আধুনীক অসমীয়া সাহিত্যৰ ইতিহাস : ড° শৈলেন ভৰালী
আধুনীক অসমীয়া সাহিত্যৰ পৰিচয় : লীলা গগৈ (সম্পাদিত )
            🎤ফেচবুকত আমাৰ ঠিকনা 📬
https://m.facebook.com/groups/372830512757409
                ফেচবুক জ্ঞান সম্ভাৰ🙏-ৰ হৈ
                         ৰাজীৱ গোস্বামী

শিশুৰ 🚹🚺 বিনামূলীয়া আৰু বাধ্যতামূলক 'শিক্ষাৰ অধিকাৰ আইন-২০০৯'


'শিশুৰ 🚹🚺
বিনামূলীয়া আৰু বাধ্যতামূলক 'শিক্ষাৰ অধিকাৰ আইন-২০০৯' (RIGHT TO EDUCATION ACT-2009) :
    ⏪⏪⏪⏪⏪⏪🔸🔹🔸⏩⏩⏩⏩⏩⏩
              
ভাৰতীয় সংবিধানৰ ৮৬তম সংশোধনী মতে প্ৰাথমিক শিক্ষা প্ৰতিগৰাকী শিশুৰ মৌলিক অধিকাৰ । এই প্ৰাথমিক শিক্ষা বিনামূলীয়া আৰু বাধ্যতামূলক কৰিবলৈ বিভিন্ন সময়ত বিভিন্ন পদক্ষেপ ভাৰতত গ্ৰহণ কৰি অহা হৈছে ।
ভাৰতীয় সংবিধানৰ ৪৫ নং অনুচ্ছেদতো বিনামূলীয়া বাধ্যতামূলক প্ৰাথমিক শিক্ষা সাৰ্বজনীন কৰণৰ কথা উল্লেখ আছে । কিন্তু বহুধা সমস্যা জৰ্জৰ ভাৰতভূমিত এতিয়াও বহু শিশু আছে যি সোণৰ শৈশৱ 🚸কাল বিপন্ন এন্ধাৰৰ⚫ সন্মুখত থৈ বিভিন্ন কাৰণত বিদ্যালয়ৰ শিক্ষা গ্ৰহণৰ পৰা আঁতৰি থাকিব লগা হয় ।
      য'দিওবা প্ৰাথমিক শিক্ষা প্ৰদান প্ৰতিগৰাকী শিশুৰ বাবে নিশ্চিত কৰিবলৰ বাবে আমাৰ দেশত বিভিন্ন আঁচনি, যোজনা বা আইন আছে তথাপি এই সকলো নীতি-নিৰ্দেশনাক আগতকৈ অধিক সু-দৃঢ় কৰি ২০০৯ চনৰ ২৭ আগষ্ট তাৰিখে তেতিয়াৰ মহামান্য ৰাষ্ট্ৰপতি মহোদয়াই এখন আইনত স্বাক্ষৰ কৰি আইনখন অনুমোদন জনাইছিল আৰু সেইখনেই হৈছি 'শিক্ষাৰ অধিকাৰ আইন - ২০০৯ বা ইংৰাজীত RIGHT to EDUCATION ACT -2009 চমুকৈ RTE.
ইয়াৰ পাছতে কেন্দ্ৰীয় চৰকাৰে ১ এপ্ৰিল, ২০১০ চনৰ পৰা আইনখন বলবৎ হোৱাৰ অধিসূচনা জাৰি কৰে ।
উল্লেখযোগ্য যে এই আইনখন বলবৎ কৰাৰ ক্ষেত্ৰত অসমৰ স্থান হৈছে ঊনৈশ (১৯) নম্বৰত ।
এই আইনখনে শিশুৰ প্ৰাথমিক শিক্ষা প্ৰাপ্তিত হেঙাৰ হব পৰা বিভিন্ন কাৰকৰ ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰিছে ।
ইয়াৰ আগতে শিশুৰ নামভৰ্তিৰ বাবে বয়সৰ লগত শ্ৰেণীৰ সম্পৰ্ক নিৰ্দিষ্ট নাছিল বা থাকিলেও বাধ্যতামূলক নাছিল কিন্তু আইখনে বয়সৰ লগত শ্ৰেণীৰ সম্পৰ্ক বাধ্যতামূলক কৰি দিলে ।
নামভৰ্তিৰ বাবে বাছনি পৰীক্ষা পতা, চৰকাৰী/ চৰকাৰী অনুদান বা ৰাজ সাহাৰ্য প্ৰাপ্ত বিদ্যালয়ত 🏡 ফিজ লোৱা সম্পূর্ণৰূপে নিষিদ্ধ কৰিলে । বিদ্যালয় প্ৰতিষ্ঠাৰ ক্ষেত্ৰতো পূৰ্বৰ নীতি সলনি কৰি বিভিন্ন বাধ্য-বাধকতাৰ সৃষ্টি কৰাৰ লগতে প্ৰত্যেক বিদ্যালয়ে বিদ্যালয়ৰ উন্নয়ন আঁচনি গ্ৰহণ কৰাটো বাধ্যতামূলক কৰিলে ।
ছাত্ৰ-ছাত্ৰীৰ 👔👗সংখ্যাৰ ওপৰত ভিত্তি কৰি শিক্ষকৰ সংখ্যা নিৰূপণ কৰাৰ প্ৰচেষ্টা এই আইনখনৰ আন এটা দিশ । শিক্ষক 👨সকলৰ প্ৰশিক্ষণ প্ৰাপ্তিৰ ক্ষেত্ৰত আপোচবিহীন স্থিতিও আইনখনে লৈছে ।
শিশুৰ ওপৰত শাৰিৰীক আৰু মানসিক শাস্তিক আইনখনে নিষিদ্ধ ঘোষণা কৰিছে ।
ইয়াৰোপৰি এই আইনখনত বিভিন্ন নীতি-নিৰ্দেশনা আছে । প্ৰাথমিক শিক্ষাক সাৰ্বজনীন কৰণৰ ক্ষেত্ৰত RTE. সচাকৈয়ে এক যুগান্তকাৰী পদক্ষেপ ।

🎤 আমাৰ ফেচবুক ঠিকনা
https://www.facebook.com/groups/372830512757409/
                    🔅ফেচবুক জ্ঞান সম্ভাৰ🔅
📶8⃣0⃣1⃣1⃣......

নতুন লেখা / ছবি

গ্ৰীষ্মৰ আতঙ্ক

ইমান অত্যাচাৰ ! নষ্টজোৱা, হতশ্ৰীহোৱাবোৰৰ পৰা সঁ‌চাই শান্তি নোহোৱা হৈছেগে । নাপায়, ইমান অত্যাচাৰী  হ'বগে নালাগে । যিহে অত্যাচাৰ হৈছে, যি ...