🙏 মহান শিক্ষাবিদ ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ উপজা দিনৰ প্ৰাকক্ষণত শ্ৰদ্ধাৰে তেখেতৰ জীৱনৰ বিভিন্ন কথাৰ এক চমু আলোকপাত* :
(মানুহ গঢ়া প্ৰতিগৰাকী নিষ্ঠাৱান শিল্পীলৈ আমাৰ স-শ্ৰদ্ধ প্ৰণাম 🙏 )
▬▬▬▬▬▬▬▬▬▬▬
(মানুহ গঢ়া প্ৰতিগৰাকী নিষ্ঠাৱান শিল্পীলৈ আমাৰ স-শ্ৰদ্ধ প্ৰণাম 🙏 )
▬▬▬▬▬▬▬▬▬▬▬
১৮৮৮ চনৰ ৫ চেপ্তেম্বৰ তাৰিখে মাদ্ৰাজৰ (বৰ্তমানে চেন্নাই)পৰা চাৰিশ মাইল দূৰত থকা তিৰুতানি নামে সৰু চহৰ এখনত এইজনা যুগনায়ক তথা মহান শিক্ষাবিদৰ জন্ম হয় ।তেখেতৰ পিতাক সৰ্বপল্লী বীৰস্বামীয়ে স্থানীয় এজন জমীদাৰৰ অধীনত ৰাজহ কৰ্মচাৰী আছিল আৰু ড° ৰাধাকৃষ্ণন আছিল তেখেতৰ দ্বিতীয় সন্তান । তেখেতৰ নামৰ আগত লিখা ‘সৰ্বপল্লী’ উপাধিটো পৰম্পৰাগত ভাৱে পোৱা । হয়তো, তেখেতে জন্ম লোৱা গাঁওখনৰ নাম । এটা নৈষ্ঠিক ব্ৰাহ্মণ পৰিয়ালত জন্ম হোৱাৰ সূত্ৰে শিশু ৰাধাকৃষ্ণনেও পৰম্পৰাগত ভাৱে মানি অহা বিভিন্ন নীতি-নিয়ম নিৰ্বিবাদে মানি চলিছিল ।
১৮৯৬ চনত (আঠ বছৰ বয়সত) তিৰোপতিৰ লুথেৰাণ মিশ্যন স্কুলত তেখেতক নাম লগাই দিয়া হয় ।১৯০০ চনত লুথেৰাণ মিশ্যন হাইস্কুলৰ পৰা উত্তীৰ্ণ হৈ ভেলোৰ কলেজত নামভৰ্ত্তী কৰি ১৯০৪ চনত সুখ্যাতিৰে উত্তীৰ্ণ হয় আৰু দৰ্শনক মুখ্য বিষয় হিচাপে লৈ মাদ্ৰাজ খ্ৰীষ্টান নাম ভৰ্ত্তী কৰে আৰু তাৰপৰা মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰি স্নাতক ডিগ্ৰী লাভ কৰে । অভাৱ-অনাটনে জুৰুলা কৰা পৰিয়ালটোত জন্ম লোৱা এইগৰাকী মহান পণ্ডিতে ইয়াৰ পাছত স্নাতকোত্তৰ শ্ৰেণী নামভৰ্ত্তী কৰে । বিশ্ববিদ্যালয়ৰ পৰা ২৫ টকাকৈ বৃত্তি লাভ কৰাৰ লগতে সেইসময়ত তেওঁ ঘৰুৱা শিক্ষকতাৰ কাম কৰি পঢ়াৰ খৰচ উলিয়াইছিল ।পঢ়ি থকাৰ সময়তে তেখেতে ‘ETHICS of VEDANTA’ শিৰ্ষক এখন মৌলিক গ্ৰন্থ প্ৰকাশ কৰে যিখন, ১৯০৮ চনত বিশ্ববিদ্যালয়ে ‘ETHICS of VEDANTA and ITS MATAPHYSICAL PRESUPPOSITIONS’ নামেৰে প্ৰকাশ কৰে । ১৯০৯ চনত তেখেতে মাদ্ৰাজ প্ৰেসিডেন্সী কলেজত অধ্যাপক হিচাপে নিযুক্ত হয় । ১৯১০ চনত পণ্ডিত সৰ্বপল্লী ৰাধাকৃষ্ণণে ‘ESSENTIALS of PHYCHOLOGY’ নামৰ এখন কিতাপ ৰচনা কৰে । ১৯১২ চনত অক্সফোৰ্ড ইউনিভাৰচিটি প্ৰেছে কিতাপখন প্ৰকাশ কৰিছিল । ১৯১৮ চনত ৰাধাকৃষ্ণণে মহীশূৰ বিশ্ববিদ্যালয়ত দৰ্শনৰ অধ্যাপক ৰূপে নিযুক্তি পায় । ১৯২১ চনত চাৰ আশুতোষ মুখোপাধ্যায়ৰ আমন্ত্ৰণক্ৰমে ৰাধাকৃষ্ণণে কলিকতা বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগৰ সৰ্বোচ্চ পদত যোগদান কৰে । ১৯৩১ চনত ৰাধাকৃষ্ণণে অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ পদ অলংকৃত কৰে । ১৯৩৬ চনত ৰাধাকৃষ্ণণে তিনিবছৰৰ বাবে অক্সফোৰ্ড বিশ্ববিদ্যালয়লৈ যায় আৰু তাত SPALDING PROFESSOR of EASTERN RELIGIONS পদত অধিষ্ঠিত হয় । পণ্ডিত মদন মোহন মালব্য আৰু মহাত্মা আমন্ত্ৰণত ৰাধাকৃষ্ণণ ভাৰতলৈ ওভটি আহে আৰু বেনাৰস বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পদ অলংকৃত কৰে । ১৯৪৯ চনত চোভিয়েট ৰাচিয়াৰত ভাৰতৰ ৰাষ্ট্ৰ্দূত হিচাপে অধিষ্ঠিত হৈ ৰাজনৈতিক জীৱনৰ পাতনি মেলে । তেখেত ৰাষ্ট্ৰসংঘত ভাৰতীয় প্ৰতিনিধি হৈ থকাৰ লগতে UNESCO ৰ উপ-সভাপতি হৈও আছিল । ১৯৫২ চনত তেখেত ভাৰতৰ উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয় । ১৯৫৪ চনত তেখেতক ‘ভাৰত-ৰত্ন’ উপাধিৰে বিভূষিত কৰা হয় । ১৯৬২ চনত তেখেত ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হয় । ১৯৬৭ চনৰ ৯ মে’ তাৰিখে তেখেতে কৰ্মজীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে । ১৯৬৮ চনত তেওঁক সাহিত্য একাডেমী ফেল’শ্বিপ দিয়া হয় । ১৯৭৫ চনত অসুস্থ অৱস্থাত তেখেতলৈ TEMPLETON পুৰস্কাৰৰ কথা ঘোষণা কৰা হয় । ১৯৭৫ চনৰ ১৬ এপ্ৰিল তাৰিখে নিশা ১২ বাজি ৪৫ মিনিটৰ পাছত এইগৰাকী মহান পণ্ডিতে ইহলীলা সম্বৰণ কৰে ।
*তথ্য সহায়ক গ্ৰন্থ তথা কৃতজ্ঞতা* :
১) মনোৱাৰা বেগমৰ : সৰ্বপল্লী ৰাধাকৃষ্ণণ জীৱন দৰ্শন আৰু ব্যক্তিত্ব
২)শ্ৰী দুগ্ধ চন্দ্ৰ গোস্বামীৰ : সৰ্বপল্লী ৰাধাকৃষ্ণণ
১) মনোৱাৰা বেগমৰ : সৰ্বপল্লী ৰাধাকৃষ্ণণ জীৱন দৰ্শন আৰু ব্যক্তিত্ব
২)শ্ৰী দুগ্ধ চন্দ্ৰ গোস্বামীৰ : সৰ্বপল্লী ৰাধাকৃষ্ণণ
☼ ফেচবুক জ্ঞান সম্ভাৰ ☼
🎤🔊ফেচবুকত আমাৰ ঠিকনা ◘
▬▬▬▬▬▬▬▬▬▬▬
https://www.facebook.com/groups/372830512757409
▬▬▬▬▬▬▬▬▬▬▬
https://www.facebook.com/groups/372830512757409
🔅🔹🔹💠🔹🔹🔅